এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫
দীপ্তি ৷
তোমাৰ স্ৰজন জোন-বেলি-তৰা আকাশ, পাতাল, ধৰা,
তোমাৰ কৃপাত দেখোঁ যেন প্ৰভু, তোমাৰে জেউতি চৰা।
তোমাৰ বিৰাট বাৰিধি-বুকত এটি বুদ্বুদ্ হই;
দিয়াঁ বৰ প্ৰভু পাৰোঁ যেন যাব তোমাৰ বুকতে লয়।
⸻
প্ৰাৰ্থনা।
১
তুমি বিশ্ব চৰাচৰ আছা বিয়াপি
হে মোৰ জীৱন-স্বামী।
নিখিল বিশ্ব তোমাতে অন্ত
দীপ্ত তোমাতে আমি।
নেদেখোঁ তথাপি মূৰতি তোমাৰ,
কুহেলিকাময় দেখিছোঁ সংসাৰ,
অবিদ্যা-আবৃত নয়ন আমাৰ,
অন্তৰ নিৰয়গামী।
প্ৰভু, কৰিছোঁ কাকূতি দিয়াঁ তব জ্যোতি,
তোমাৰে সন্তান আমি;
হে মোৰ জীৱন-স্বামী।
২
আমি মৰীচিকা দেখি ধাইছোঁ সততে
আকাশ-কুসুম-কামী।