সমললৈ যাওক

পৃষ্ঠা:দীপ্তি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দীপ্তি ৷

নিলগাই ঐশ্বৰ্য্য বিভূতি; পৰিহৰি
ভোগ-তৃষ্ণা, সংসাৰ-বন্ধন, কৰিছিলা
বিশ্বৰ মঙ্গল-হেতু উৎসৰ্গ জীৱন।
ভুঞ্জি ফল-মূল, কৰি পান নিজৰাৰ
জল, মৰতত অমৃতৰ দিছিলা সন্ধান।
তোমাৰেই অপৰূপ পূত আলোকত
পাইছিল জীৱাত্মাই বিশ্বাত্মা দৰ্শন।
তাপসৰ কুঞ্জে কুঞ্জে চৰিছিল সিংহ,
বাঘ, হৰিণ, ভুজঙ্গ, শুনি সি তোমাৰ
“অহিংসা পৰমো ধৰ্ম্মঃ” মহামন্ত্ৰ-ধ্বনি।
তুমিয়ে দিছিলা শিক্ষা জীৱ ব্ৰহ্ম বুলি;
“সৰ্ব্বং ব্ৰহ্মময়ং জগৎ” তোমাৰে বচন।
তেন্তে কিয় আজি তুমি হ’লা ৰিপুদাস?
ধৰ্ম্ম-জ্ঞান, শাস্ত্ৰালাপ,—সকলো তোমাৰ
হ'ল আজি স্বাৰ্থৰ নিমিত্তে, জীৱনৰ
লক্ষ্য মাথোঁ অৰ্থ-বিনিময়। হায়! হায়!
আছিলা এদিন তুমি ইন্দ্ৰিয়-নিগ্ৰহ,
শম, দম, ক্ষমা, শৌচ, দয়া, অহিংসাৰ,
ত্যাগৰ জীৱন্ত ছবি, মূৰ্ত্ত অৱতাৰ।
আজি কিয় এৰিলা সকলো? কিয় এনে
অধঃ পতন? চোৱাঁ চোৱাঁ চকুমেলি,
পাহৰি ক্ষন্তেক অনৰ্থ অৰ্থৰ প্ৰীতি,