এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দীপ্তি।
বিশ্ব-সঙ্গীত।
“ওঁ তৎসৎ।”
১
পূবত ওলাই বেলি সোণালী কিৰণ ঢালি
মাৰ যায় পশ্চিমত দিনৰ শেহত;
অলপো বিৰাম নাই, সহস্ৰ কণ্ঠেৰে গায়,
একেটি মহৎ গীত কঁপাই জগৎ,
উঠে তাৰ প্ৰতিধ্বনি—“ওঁ তৎসৎ।”
২
সূৰুয আঁতৰি গলে, অবনী আন্ধাৰ হলে
জ্বলি উঠে জোন-তৰা নীল-আকাশত;
সুধাসম আলোৰাশি বিতৰি তিমিৰ নাশি
ধীৰে ধীৰে ধৰে গতি আপোন কক্ষত।
গাই যায় খোজে খোজে—“ওঁ তৎসৎ।”
৩
সিদ্ধ সন্ন্যাসীৰ দৰে চিৰকাল একে থৰে
বিশ্বপ্ৰেমমত্ত গিৰি মুক্ত প্ৰান্তৰত;