এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
দীপ্তি ।
সৃষ্টিৰ বৈচিত্ৰ্য চাই, উৰ্দ্ধশিৰে স্তোত্ৰ গায়,
থমকি থমকি বাজে গিৰি-কন্দৰত,
এটি মাত্ৰ মহা সত্য—ওঁ তৎসৎ।
৪
মাহ-ঋতু-দিন-বাৰ,একে একে হৈ পাৰ,
লাহে লাহে লীন যায় পূৰ্ণ বছৰত;
প্ৰকৃতি মোহিনী সাজে কত ন ন বেশে বাজে,
মূলত অনন্ত আছে প্ৰকাশে ঠাৰত;
বিশ্বত জাননী দিয়ে – “ওঁ তৎসৎ।”
৫
তটিনীৰ কল্লোলত, মলয়ৰ হিল্লোলত,
কিবা গান ভাহি আহে পায় কোনে তৎ;
নহয় প্ৰলাপ বাণী, নতু অৰ্থ-শূন্য ধ্বনি,
আছে অতি গূঢ় তত্ত্ব তাৰ ভিতৰত;
ছেৱে ছেৱে উঠে গীত —“ওঁ তৎসৎ।”
৬
ইদৰে একেটি গান, একেটি মধুৰ তান,
একে শিক্ষা, একে দীক্ষ৷ সকলো দিশত;
পোহৰ-পোহাৰ মেলি অসত্য আন্ধাৰ ঠেলি
বুৰাই সমস্ত বিশ্ব দীপ্ত আলোকত,
প্ৰকাশিছে মহা সত্য—“ওঁ তৎসৎ।”
⸻