সমললৈ যাওক

পৃষ্ঠা:দীপ্তি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দিপ্তী।


নহয় কি স্বজন তোমাৰ? নহয় কি
সকলোটি ব্ৰহ্মৰ সন্তান? লোৱাঁ তেন্তে
আকোঁৱালি, লোৱাঁ ভাই বুলি, নিবিচাৰি
মিছা সৰু-বৰ। বিভুৰ মহিমা-স’তে
শুনোৱাঁ ই বাণী,— “উঠাঁ সবে নৰ-নাৰী,
ব্ৰহ্মৰ সন্তান, কৰা সত্য আলোকত
মানৱৰ মহত্ব সাধন, আছে তাত
সকলোৰে পূৰ্ণ অধিকাৰ।
  স্বাৰ্থ এৰি
বিলোৱাঁ মূৰ্খক জ্ঞান, অন্ন বস্ত্ৰ দান
দিয়াঁ নিঃকিনক; কৰা বলী সকলোকে
নৈতিক বলেৰে। স্বজাতিৰ প্ৰতি তুমি
নকৰি বিচাৰ, কি লাজেৰে বিচাৰিবা
বিজাতিৰ ওচৰত নিজে সুবিচাৰ?
প্ৰথমতে লোৱাঁ তুলি পতিত জাতিক
যোগ্য মান লভিবা আপুনি। স্বাৰ্থ যদি
নোৱাৰা এৰিব, নবজাবা বৃথা আত্ম
গৌৰৱৰ ঢোল; হিতৈষীৰ মুখা পিদ্ধি
নিদিবাহি ভাও; জাতীয় আকাশ ঢাকি,
ধূমকেতুৰূপে নকৰিবা অনৰ্থক
ভীতিৰ সঞ্চাৰ, বাক্য-আড়ম্বৰ-পুচ্ছ
কৰি প্ৰসাৰণ।