ঘোষা।—তুমিয়ে ব্ৰহ্মা, তুমিয়ে বিষ্ণু, তুমিয়ে শিৱ মঙ্গলময়,
তুমিয়ে আদি, তুমিয়ে অন্ত, তোমাতে সৃজন-পালন-লয়।
৪
তুমিয়ে ব্ৰাহ্মণ, তুমিয়ে চণ্ডাল, তুমিয়ে ধনী, তুমিয়ে দীন,
তুমিয়ে যোগী, তুমিয়ে ভোগী, তুমিয়ে মানী, তুমিয়ে হীন।
তুমিয়ে অজ্ঞ, তুমিয়ে প্ৰাজ্ঞ, তুমিয়ে দাতা, তুমিয়ে চোৰ,
বিশ্ব জুৰিছা তুমিয়ে মাথোঁ, সকলো সত্তা তোমাতে ওৰ।
ঘোষা।—তুমিয়ে ব্ৰহ্মা, তুমিয়ে বিষ্ণু, তুমিয়ে শিৱ মঙ্গলময়,
তুমিয়ে আদি, তুমিয়ে অন্ত, তোমাতে সৃজন-পালন-লয়।
⸻
ভিক্ষা।
প্ৰভু, তোমাৰ বিমল জেউতি অকণি অন্ধ চকুত দিয়াঁ;
তোমাৰ মধুৰ মোহন মূৰতি দেখি উজলক হিয়া।
তোমাৰ ৰাগিণী বাজক প্ৰাণত মধুৰ পঞ্চম সুৰে;
তোমাৰ পবিত্ৰ চৰণ বেণুৰ প্ৰসাদ লভক মূৰে।
তোমাৰ সৌৰভ আশীষ মলয়ে আহক এছাটি লই;
তোমাৰ প্ৰেমৰ এটি কণিকাই বোৱাওক হিয়াত নই।
তোমাৰ কৰুণা-ব্যাধি, জৰা, মৃত্যু, বুজাৰ শকতি দিয়াঁ;
তোমাৰ আদেশ পালিবৰ গুণে সাহেৰে পূৰোৱাঁ হিয়া।
তোমাৰ জ্ঞানৰ অমৃত পৰশে গুচাওক প্ৰাণৰ জৰা;
তোমাৰ আসন হক হৃদয়ত ভক্তি-শতদলে গঢ়া