এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দীপ্তি ৷
বিলোৱাঁ ধৰাত, সাম্য-মৈত্ৰী-ভাব পুনু
হিয়াই হিয়াই জগোৱাঁ,—জগোৱাঁ এৰি
নীচ অহঙ্কাৰ। লভক দুৰ্ব্বলে বল;
তোমাৰ জ্ঞানৰ জ্যোতি শতধা বোৱাই
কৰা উদ্ভাসিত অজ্ঞানৰ অন্ধকাৰ
হৃদয় গহ্বৰ, উঠক সকলো এৰি
নৰকৰ দ্বাৰ। আকৌ এবাৰ তুমি
বজ্ৰনাদে শুনোৱাঁ বিশ্বক—অহিংসাৰ
পুণ্য কথা, ত্যাগৰ অপূৰ্ব্ব গীত,
সেৱাৰ ধৰম। বলি দিয়া নীচ ভাব,
স্বাৰ্থৰ পশুত্ব, ঘৃণা, দ্বেষ, অহঙ্কাৰ
আত্ম-পৰ-ভাব, সজীৱ কামনাৰাশি
বিশ্বাত্মাৰ বিৰাট যজ্ঞত। তেতিয়াহে
বৈষম্যৰ ভাওনা ভাগিব, জগতত
শান্তি বিৰাজিব, সত্যযুগ আকৌ নামিব।
তোমাৰ দৃষ্টান্ত দেখি আটায়ে বুজিব
আত্মৱৎ সৰ্ব্বভূত বুলি, ধৰা হ'ব
নন্দন কানন। তেতিয়া বুজিম তুমি
প্ৰকৃত ব্ৰাহ্মণ।
⸻
৩