এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
দীপ্তি ।
মিছা সাক্ষী ক’ই ধন লবল’ই,
তোমাৰ মনত খোকোজা নাই;
পৰৰ সম্পত্তি হাত কৰিবৰ
ফুৰিছা সততে সুবিধা চাই।
কাক নো কাটিবা, কাক নো মাৰিবা,
কাক ঠগি তুমি ঘটিবা ধন;
ইবোৰ চিন্তাৰ কুৎসিত চেঁকাৰে
আলান্ধু-কলীয়া তোমাৰ মন।
নাভাবা এবাৰো বাহ্যিক আচাৰে
নিদিয়ে তোমাৰ অন্তৰ মচি;
পৰক ঘিণালে মৰিও থাকিবা
অসূৰ্য্য নামেৰে নৰ্কত পচি।
যদি শান্তি লাগে, স্বৰ্গ বিচাৰা,
চেঁকা ধুই কৰা নিৰ্ম্মল মন;
ভণ্ডতাৰ মুখা দূৰত পেলোৱাঁ,
লোৱাঁ আকোঁৱালি জগতখন।
তেতিয়াহে তুমি ধৰ্ম্ম আলোকত
দেখিবা মুক্তিৰ সেন্দূৰী আলি;
তেতিয়াহে তুমি ভক্ত-শিৰোমণি
হ’বা বিধাতাৰ আদেশ পালি!
⸻