এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্ম-প্ৰসাৰ।
বজোৱাঁ বন্ধু, নীৰৱ বীণত
মৃত সঞ্জীৱনী মূৰ্চ্ছনা তান,
সুপ্ত দেহৰ লুপ্ত শকতি
জগাই জাগক নিদ্ৰিত প্ৰাণ।
সোৱঁৰাঁ এবাৰ সেই মহাদিন,
অনন্তৰ অন্ধকাৰত লীন;
নাছিল যিদিনা আকাশ-পৃথিবী,
আলো-অন্ধকাৰ একোৰে চিন।
নাছিল যিদিনা প্ৰাণীৰ বিকাশ,
জল-স্থল একো নাছিল ভিন;
আছিল মাথোন এক মহা প্ৰাণ,
অখণ্ড অব্যক্ত উপাধিহীন।
ভাবিছা নে বাৰু সিদিনা তোমাৰ
শৰীৰী অস্তিত্ব আছিল বুলি?
যাক পাই আজি অহঙ্কাৰৰ
ধুমুহা তুলিছা সোহহং ভুলি।
সৃষ্টি ৰহস্যত সি মহা সিন্ধুৰ
তুমি-আমি মাথো একোটি বিন্দু;
চৈতন্য ‘একৰ’ একেটি আলোক
লভিছে ইচ্লাম, খৃষ্টান, হিন্দু।