এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিত্য নৈমিত্তিক কৰ্ম্ম।
ঘোপমৰা অন্ধকাৰে আৱৰিলে বসুন্ধৰা,
এটি জোৰ পথিকৰ পথৰ সম্বল;
নহলে হঠাৎ পৰি খালে-ডোঙে, হুলে-জোঙে
হ’ব পাৰে লটিঘটি উদ্দেশ্য বিফল।
কিন্তু যেতিয়াই দিয়ে পূবত অৰুণে দেখা,
বসুধা-বুকুত জ্বলে উজ্জ্বল পোহৰ;
তেতিয়া ৰাখিলে জোৰ দৃষ্টিত বিকাৰ ঘটে,
মিছা মাথোঁ বোজা এটি বাঢ়ে পথিকৰ।
তেনেকৈয়ে যতদিন, তোমাৰ চঞ্চল মন
ঢাকি থয় অবিদ্যাৰ অন্ধ আৱৰণে;
তত দিন কৰি জোৰ নিত্য নৈমিত্তিক কৰ্ম্ম,
লবা বাট জ্ঞানালোক পাবৰ কাৰণে।
কিন্তু যেতিয়াই দেখা ৰিণিকি জ্ঞানৰ ৰাজ্য,
নিত্য নৈমিত্তিক কৰ্ম্ম থোৱাঁ কৰি দূৰ;
তেতিয়াহে পাবা তুমি প্ৰকৃত জ্ঞানৰ পুৰী,
মধ্যাহ্ন-জ্যোতিৰে হ’ব হিয়া ভৰপূৰ।
⸻