এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দীপ্তি ।
তেনেহলে অনুনয়-বিনয় কিহৰ?
কি বাবত হেৰুওৱাঁ সম্মান নিজৰ?
উচ্চ হোক, নীচ হোক, লৌকিক ভাগত,
আদি অন্ত সকলোৰে এক জগতত।
তেনেহলে উঠাঁ আজি সঙ্ঘবদ্ধ হৈ,
প্ৰকৃত মানুহ হোৱাঁ শিক্ষা-দীক্ষা লৈ।
লোৱাঁ এই মহাসত্য এৰি হিংসা-ঘিণ,
সকলো মানুহ, হোক গুণ-কৰ্ম্ম ভিন।
কোনোবা মানুহ গুচি যদি দৈত্য হয়,
বলেৰে তোমাৰ পৰা স্বত্ব কাঢ়ি লয়,
তথাপি—মানুহ তুমি,—নকৰিবা ভয়,
এদিন সি পশুবল হব পৰাজয়।
কৰক যি পাৰে তুমি থাকা নিলগত,
নহবা সহায় তাৰ নীচ পীড়নত।
অন্যায় শাসন তাৰ কৰা পদাঘাত,
দৈত্যৰ দৈত্যত্ব হ'ব সমূলি নিপাত।
নিজৰ ভৰিত যদি নিজে থিয় হোৱা,
ন্যায়ৰ বৰ্ম্মেৰে যদি হৃদয় বন্ধোৱা,
বোত্তৱা প্ৰেমৰ জুৰি কৰি অভগন,
সত্যক আশ্ৰয় কৰা কৰি প্ৰাণপণ,
দৈত্যৰ শকতি নাই কৰে অত্যাচাৰ,
নিদিয়ে তোমাক ন্যায্য প্ৰাপ্য অধিকাৰ।