সমললৈ যাওক

পৃষ্ঠা:দীপ্তি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অভিজাতসকলৰ প্ৰতি।

কিহৰ বলত হেৰা আত্ম-অভিমানী,
বুলিছা আনক নীচ, নিজক নাজানি?
তোমাৰ সম্বল মাথোঁ অহঙ্কাৰ ঘিণ,
তাৰে যদি হোৱা বৰ, কোন তেন্তে হীন?
তোমাৰেই লগালগি সমান ঘৰত,
তোমাৰে আচাৰ মানি চলে যি সতত;
তোমাৰ দৰেই যাৰ দেহাৰ গঠন,
তোমাৰ দৰেই কৰে জীৱন-যাপন।
তাকো তুমি ছেই ছেই কৰা নিলগতে;
তোমাকে মাথোন লাগে মানিব জগতে।
নোৱাৰা বুজিব তুমি সত্য চিৰন্তন,
ৰোগী-দুখী-ক্ষুধাৰ্ত্তৰো আত্মা নাৰায়ণ।
নাভাবা মনত আৰু একাঙ্গ বিকাৰ,
ঘটিলে বিকাৰ ঘটে সমস্ত দেহাৰ।
সমাজৰ এটি অঙ্গ হয় যদি হীন,
তুমিও যে তাৰে সতে থাকিবা অভিন।
যিমানে উধাব তুমি খোজা অকল'ই,
সমাজে তলৰ ফালে যাব টানি লই।
খাব পাৰা মান ভাগ আপোন ঘৰত,
পাবা কিন্তু অপমান পৰ সমাজত।
এতেকতে চিন্তা যদি ইষ্ট আপোনাৰ।