দধি মথন নাট

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

দধি মথন নাট

 

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ
 বিৰচিত

 

শ্ৰীদিগম্বৰ পাঠক৷

 

[  ]
 

দধি মথন নাট

 

মহাপুৰুষ শ্ৰীশ্ৰী৺মাধব দেব

বিৰচিত।

 

প্ৰকাশক-শ্ৰীদিগম্বৰ পাঠক

বৰপেটা, উদাসীন হাটী।

 

বেচ তিনি অনা মাত্ৰ

 

চন ১৩৪৬

 

[  ]
 

বৰপেটা সেৱক প্ৰেছত,
শ্ৰীহংস ৰাম দাসৰ দ্বাৰা ছাপা হল।


 

[  ]
 

প্ৰকাশকৰ নিবেদন।

 মহাপুৰুষ দুজনাৰ অঙ্কীয়া নাটৰ দুই তিনি খন মানহে এতিয়ালৈকে ছপা হৈছে। সেই সকল অমূল্য নাট অপ্ৰকাশিত হৈ থকাটো অবাঞ্ছনীয় বোধে মহাপুৰুষ মাধব দেশৰ এই নাটখনকে ৰাইজৰ আগত প্ৰথমে প্ৰকাশ কৰিবলৈ আগ বাঢ়িলো। ৰাইজৰ পৰা উৎসাহ পালে বাকী কেইখন নাটো প্ৰকাশ কৰিবৰ আকাঙ্ক্ষা থাকিল।

 হাতে লিখা পুথি পোন প্ৰথমে ছপা কৰাটো পণ্ডিত লোকৰ হে শোভনীয়। যদিও মই পণ্ডিতৰ আশ্ৰয়তে ছপা কৰিলো, তথাপিও নিজে অপণ্ডিতগুণে পুথিখনত অনেক ভুল ৰৈ গল। অশুদ্ধবোৰ যথা সাধ্যে শুদ্ধিপত্ৰত শুধৰাই দিয়া হৈছে, অ ৰু পণ্ডিত প্ৰবৰ শ্ৰীল শ্ৰীযুক্ত নাৰায়ণ দেৱ মিশ্ৰৰ দ্বাৰা কঠিন শব্দ কেইটামানৰ অৰ্থ ও কৰি দিয়া হৈছে। ৰাইজে মোৰ দোষা দোষলৈ নাচাই মহাপুৰুষ মাধব দেব ৰচিত এই অতুলনীয় নাটখন সাদৰে গ্ৰহণ কৰিলে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। ইতি—

বিনীত—
শ্ৰীদিগম্বৰ পাঠক।

[  ]
 

শলাগনি।

 অঙ্কীয়া নাট আমালোকৰ এটি জাতীয় সম্পদ। কিন্তু এনে হেন ৰত্নবিলাক আজিও সমুদ্ৰ গৰ্ভৰ ৰত্নৰ দৰে মানুহৰ চকুৰ আৰালতে লয় হব ধৰিছে। প্ৰকাশকে উক্ত ৰত্ন সমূহ ৰাইজৰ আগলৈ উলিয়াবৰ যত্ন কৰাত তেওঁ আমাৰ ধন্য বাদৰ পাত্ৰ। ইয়াৰ সম্পাদনৰ ভাৰ উপযুক্ত লোকৰ হাতত পৰাত আমি আৰু বেচি আশান্বিত।

 প্ৰকাশকে ক্ৰমে ক্ৰমে আটাই কেইখন নাটকে ছাপাবৰ যো-যা কৰিছে। ৰাইজে এখনীয়া বা আটাই বিলাক একে লগেও লব পাৰাৰ সুবিধা কৰিছে বাবে শক্তি আৰু ৰুচি মতে ৰাইজে এই ৰত্ন গ্ৰহণ কৰিব পাৰিব।

১ ভাদ্ৰ ৪৯০

শ্ৰীসোণাপতি দেব শৰ্ম্মা।

[  ]
 

শ্ৰী শ্ৰীকৃষ্ণায় নমঃ

পাতনি

 দুজনা মহাপুৰুষে প্ৰেম ভক্তিমূলক শুদ্ধ সাত্বত ধৰ্ম্ম প্ৰচাৰ কৰি কলিৰ লোকৰ তৰণৰ উপায় কৰি যায়। তেখেত সকলৰ পৰম আকাঙ্ক্ষাৰ বিষয় অ্যাছিল সপ্ৰেম ৰসময়ী ভক্তি। মোক্ষপদকো হেয় বিবেচনা কৰি তেখেত সকলে মোক্ষতো, অধিক নামধৰ্ম্ম আৰু ভক্তিৰ পৰম মাহাত্ম্য কীৰ্ত্তণ কৰি গৈছে। কলিৰ অজ্ঞলোক সকল প্ৰতি কৃপাপৰবশ হৈ এই ৰসময়ী ভক্তিৰ প্ৰচাৰৰ অৰ্থে তেখেত সকলে নানা ধৰণৰ অপূৰ্ব্ব পদ, ঘোষা, নাট, চপয়, ভটিমা, প্ৰভৃতি ৰচনা কৰি থৈ গৈছে! এই বিলাক শুনি ভণি কলিৰলোকে সংসাৰ হাট অনায়াসে নিবৰ্ত্তণ কৰিব পাৰে।

 মহাপুৰুষ সকলৰ ভক্তিমূলক নাম ধৰ্ম্ম প্ৰচাৰৰ উপায় আছিল প্ৰধানতঃ তিনিটাঃ—

(১) শ্ৰীমদ্ভাগবতাদি শাস্ত্ৰৰ ব্যাখ্যা কীৰ্ত্তন আৰু পদ ৰচনা (২) নামকীৰ্ত্তন আৰু (৩) নাটকাভিনয়। অভিনয়ৰ নিমিত্তে যি বিলাক নাটক ৰচিত হৈছিল সেই বিলাকৰ বিষয়-বস্তু আছিল শ্ৰীকৃষ্ণ লীলা। ভগবদ্ভক্ত সকল লীলাবাদী। নিত্যৰ প্ৰকাট্যৰ নাম লীলা। ভগবন্ত নিত্য বস্তু। তেওলোকক কৃপা কৰি লীলা ৰূপে প্ৰকট হয়। সাধাৰণ লোকে দেখে যে তেওঁ লৌকিক আচৰণ বিলাক কৰিছে। কিন্তু তেওঁৰ পৰম ভাব যিটো সেইটো তেওঁবিলাকে মূঢ়তাৰ বশতে দেখা নাপায়। কিন্তু ভগবদ্ভক্ত সকলে ভগৱন্তৰ লীলাময় লৌকিক আচৰণৰ ভিতৰত সেই পৰম ভাবটো ধৰিব [  ] পাৰে আৰু তেওঁবিলাকে সেই আচৰণ বিলাক সৰ্ব্ব সাধাৰণ ভাবে নলয়। আমাৰ দুজনা মহাপুৰুষে শ্ৰীকৃষ্ণৰূপী ভগবন্তৰ নৰোত্তম লীলাৰ প্ৰকৃত ভাব আৰু তাক ৰস উপলব্ধি কৰি লোককো এই ৰস পান কৰাবৰ অৰ্থে গীত, পদ, ভটিমা, নাট আদি ৰচনা কৰিছে। গীত নাট পদ প্ৰভৃতিৰ সাধাৰণ নাম কাব্য। ৰসাত্মক বাক্য সমষ্টিক কাব্য বোলে। কাব্যৰ মুখ্য উদ্দেশ্য ৰস-সৃষ্টি। ভগবন্ত স্বয়ং ৰস-স্বৰূপ। তেওঁ ৰস বা আনন্দৰ সিন্ধু অৰ্থাৎ সাগৰ; ভক্ত সকলে সেই আনন্দ সমুদ্ৰৰ এটা টোপা পালেও কৃতাৰ্থ হয়। কাব্য শাস্ত্ৰৰ ভিন ভিন ৰস বিলাক সেই ৰস সমুদ্ৰৰে অতি সামান্য অংশ মাত্ৰ। কিন্তু তথাপি কাব্যৰ ৰসো সেই পৰমানন্দ ৰসৰ সজাতীয় বস্তু। এতেকে সেই পৰমানন্দ ৰসৰ স্বৰূপ উপলব্ধিৰ নিমিত্তে তৈয়াৰ হব লাগিলে সৎকাব্য সেবন আৱশ্যক। মহাপুৰুষ সকলে সেই গতিকে ভক্ত সকলক কাব্যাস্বাদ দিবলৈকো অৱহেলা নকৰিছিল। ৰুক্মিণী হৰণ ৰাজসূয় আদি পদ বিলাক আৰু রুক্মিণী হৰণ দধি মথনাদি নাটক বিলাক কাব্যৰসৰ ভিতৰেদি পৰমানন্দ ৰসৰ অলৌকিক আস্বাদ দিবৰ নিমিত্তে মহাপুৰুষ সকলে ৰচনা কৰি গৈছে।

 আগতে কাব্যৰ কথা উল্লেখ কৰা হৈছে। আলঙ্কাৰিক সকলৰ মতে কাব্য দু বিধ-দৃশ্য আৰু শ্ৰব্য। সামাজিক লোকৰ আগত কলা কৌশল দেখুৱাই অভিনয় কৰিব পাৰা কাব্যৰ নাম দৃশ্য কাব্য আৰু পাঠ কৰি শ্ৰোতা সকলৰ মনত আনন্দ দিব পাৰা কাব্যৰ নাম শ্ৰব্য কাব্য যেনে মহাভাৰত ৰামায়ণ আদি। এই দুবিধ কাব্যৰ ভিতৰত দৃশ্যকাব্য বা নাটককে শ্ৰেষ্ঠ বোলা হয়। কাৰণ কলাবিৎ অভিনেতা সকলৰ অভিনয় দেখি সহৃদয় সামাজিক লোক সকলে সহজতে ৰস আস্বাদন কৰিব পাৰে। ভাল অভিনয় দেখি লোকে আপোন পাহৰা হোৱাৰ দৃষ্টান্ত অনেক আছে। [  ]


 ঘটনা বিন্যাস আৰু ৰচনাৰ ভেদ অনুযায়ি নাটক কেবা বিধ আছে। যেনে – মহানাটক,প্ৰকৰণ নাটিকা প্ৰহসন, অঙ্ক প্ৰভৃতি। এই নাটক বা দৃশ্য কাব্যৰ ভিতৰুৱা শ্ৰেণী বিশেষৰ নাম অঙ্ক। এই অঙ্ক বুলি নাটক বিশেষত একেটি মাথোন অঙ্ক থাকে। আন আন শ্ৰেণী বিলাকৰ কোনোটোত সাতোটা, কোনোটোত দহোটা, কোনটোত চাৰিটা এই দৰে অঙ্ক বা বিভাগ থাকে। বেছিকৈ অঙ্কৰ বিভাগ নিদি একেটা মাথোন অঙ্কতে শেষ কৰা বাবে দধি মথন আদি নাটক বিলাকক অঙ্ক বোলা হয়। কোনো কোনো ঠাইত এই বিলাককে অঙ্কীয়া নাট বোলে। উক্ত অঙ্ক বিলাকৰ বিশেষত্ব এই যে এই বিলাকৰ ঘটনা পৰম্পৰা বিলাক সূত্ৰধৰে বিস্তাৰিত ভাবে সূচনা কৰি দিয়ে যাতে অতি নিৰক্ষৰ লোকেও বৃত্তান্ত বিলাক সহজতে বুজি পায়। সূত্ৰধৰৰ সূচনাৰ পৰাই আধুনিক কালৰ থিয়েটাৰ বিলাকত চলোৱা “প্ৰোগ্ৰামৰ কাম খিনি হয়।

 মহাপুৰুষ মাধৱ দেৱে কেবা খনো অঙ্ক ৰচনা কৰিছিল। তাৰ ভিতৰত এই দধি মথন অঙ্কত শ্ৰীকৃষ্ণৰ বাল্য লীলাৰ এক অংশ বৰ্ণোৱা হৈছে। এই অঙ্কৰ প্ৰধান ৰস বাৎসল্য আৰু কৰুণ হাস্য আৰু অদ্ভুত অঙ্গৰস। মহাপুৰুষে এই কেইটা ৰস কথা বস্তুৰ সহায়েৰে ফুটাই তুলছে। উদ্দেশ্য হৈছে শ্ৰকৃষ্ণ লীলাৰ অলৌকিক মাধুৰ্য্যৰ দ্বাৰা সামাজিক লোক সকলৰ হৃদয় আপ্লুত কৰি শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেমভক্তি উৎপাদন কৰা৷

 শ্ৰীকৃষ্ণৰ পৰমাদ্ভুত লীলা বৰ্ণাই বুজোৱা সম্ভব নহয়। ভক্ত সকলহে সেই লীলাৰস পান কৰিব পাৰে। ব্ৰহ্মা আদি দেৱতা সকলেও যাৰ আদি অন্ত নাপায় সেই পৰম দেবতা ভগবন্ত যশোদাৰ ঘৰত শিশু ভাবে বিৰাজমান। তেওঁ নিজ ইচ্ছাই যশোদাৰ ঘৰত আবদ্ধ হৈছে। এই অদ্ভুত ৰহস্য কথা এই অঙ্কত বৰ্ণাইছে। তাতোকৈ অদ্ভুত কথা যে যশোদাই এই বন্ধনত [  ] সন্তুষ্ট নহৈ জৰীৰ দ্বাৰা শ্ৰীকৃষ্ণক বান্ধিব খুজিছে। শ্ৰীকৃষ্ণই কিন্তু এই বন্ধন লব খোজা নাই অথচ যশোদাই আকুল ভাবে শ্ৰীকৃষ্ণৰ পাচে পাচে খেদি যিওবা তেওঁক ধৰিলে কিন্তু তেওঁৰ যত্ন বৃথা হল। গোকুলৰ সমস্ত জৰী একত্ৰিত কৰিও দুই আঙ্গুল নাটে। শেষত ভক্তবৎসল ভগবন্তে পৰম ভক্তৰ ব্যকুলতা দেখি দয়া পৰবশ হৈ এই শেষ বন্ধন খিনিও গ্ৰহণ কৰিলে। এইয়ে ভগবন্তৰ পৰমাদ্ভুত লীলা।

 এই নাটত অন্তৰঙ্গ ভক্তৰ আকুল আহ্বানত ভগবন্ত কি ৰূপে ধৰা

দিয়ে তাৰ ৰহস্য বুজাইছে

পলাই জগত পতি  ••• ••• ধাই
পলাই আজি যাইবি যথা  •••  তোৰে

প্ৰভৃতি গীততে ভগবন্তৰ লগ পাবৰ নিমিত্তে অন্তৰঙ্গ ভক্তৰ আকুল আহ্বান ধ্বনিত কৰিছে।

নিমিনবসিদ্ধৰ—
কোনোবা ৰহস্য ধৰ্ম্ম  ••• ••• আপোনাক

 এই প্ৰশ্নৰ মূলতত্ব এই নাটত যশোদাই শ্ৰীকৃষ্ণক বন্ধন কৰা লীলাত প্ৰকাশ কৰিছে। ভক্ত সকলে এই লীলাৰস শুদ্ধ চিত্তহৈ ভক্তিৰ দ্বাৰা আস্বাদন কৰক।

শ্ৰীজয়কৃষ্ণ দেব মিশ্ৰ
 বৰপেটা।

[ ১০ ]
 

দধি মথন

শ্ৰীকৃষ্ণায় নমঃ

শ্লোক। বালায় নীল বপুষে তনু কিঙ্কিণীক
 ধ্যানাভিৰামজঘনায় দিগম্বৰায়।
 শাৰ্দ্দুলদিব্যনখভূষণ ভূষিতায়
 নন্দাত্মজায় নবনীত ভুজে নমস্তে॥

 যো লোক ভাৰোদ্ধৰণায় চক্ৰী
 চক্ৰেহবতাৰং বসুদেৱ গেহে।
 গোপীজনানন্দ কৰো মুকুন্দঃ
 পায়াৎ স বো যাদবৰাজসিংহঃ॥

সূত্ৰ।

 অহে সমাজিক লোক, যে চৰাচৰ গুৰু নাৰায়ণ, সৰ্ব্ব- লোকহিত কাৰণে নন্দক মন্দিৰে বেকত হুয়া কহোঁ, কপট গোপ বেশে, পৰম মঙ্গল ৰূপ নানান খেলান কয়ো কহোঁ যশোদাক মন সন্তোষিয়ে যৈন ক্ৰীড়া কয়ল তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল। [ ১১ ]

প্ৰবেশ গীত ৰাগ সিন্ধুৰা (মান এক তালা )
আৱে বালক কানু কয়ো পয়োসাৰা।
সঙ্গে যশোৱা মাই কৰত বিহাৰা॥

পদ।

ত্ৰিভুবন মোহন মুৰুতি সুবেশ।
শ্যাম কায় নীল আকুঞ্চিত কেশ॥
আৰকত অধৰ বয়ন চাৰু হাস।
আয়ত নয়ন পঙ্কজ পৰকাশ॥
কৰযুগ কঙ্কন কেয়ুৰে ৰঞ্জে।
পঙ্কজ চৰণ ভকত ভয় ভঞ্জে॥
মনিময় মঞ্জীৰ ৰুণ জুণ ৰোল।
ৰূপে মদন মোহে মাধবে বোল॥

সূত্ৰ।

 ঐচন প্ৰবেশ কয়ে, শ্ৰীকৃষ্ণ এক পাষ হুৱা ৰহল। তদনন্তৰ এক দিবসে, যশোদা নানান গৃহকৃত্যে দাসী সবক নিয়োজিয়ে, যৈছে আপনি দধি মথিতে লাগল তা দেখহ শুনহ।

 ( কথা ) যশোদা বোল— আহে গোপীসব, তোৰাসব কৈচন দধি মথন কৰহ। ওহি দধি কলসে পূৰুব সমান লয়নু কৈছে নাহি পাৱত। তোৰাসবক গাৱে কি বল নাহি [ ১২ ] অৱহেলা কৰিয়ে, দধি মথিয়ে, সকল লৱনু টুটাৱল্ল। তুহু সব আন কৃত্য কৰহ, আজু হামু আপুনে দধি মথন কৰব। যদি অধিক লৱনু পাউ, তেবে তোৰাসবক যে জানু তা কৰব।

সূত্ৰ

 ওহি বলি যশোদা দিব্য বস্ত্ৰ অলঙ্কাৰ পৰিধান কৰিয়ে মালতী আদি নানা সুৰভি কুসুমে বেশলাস কৰিয়ে, নবীন কুঙ্কুমে কুচ যুগ মণ্ডিয়ে, কজ্জ্বলে নয়ন ৰঞ্জিয়ে, কৰ্পূৰ তাম্বুল ভুঞ্জিয়ে, যৈচন দধি মথিতে লাগল তা দেখহ।

গীত ৰাগ বৰাৰী (তাল যতি )

মথন মথে যশোমতী মাই।
হৰি গুণ গাৱত বয়নে মিলাই॥

পদ।

কঙ্কন হাৰ কুণ্ডলে গণ্ড ডোলে।
চৰণ মাজে মণি মঞ্জিৰ ৰোলে॥
মনোৰম ক্ষৌম বসন পৰিধানে।
কম্পয় কুচ যুগ ৰজ্জু সন্ধানে॥
উচ্ছল খোপা কুসুমে ৰঞ্জি কেশ।
কজ্জল নয়নে উজ্জল কৰু বেশ॥
আগহি নিজ তনয়ক দেখি।
ৰূপ বিনাৱত নয়নে নিৰেখি॥

[ ১৩ ]
 

দধি মথন।

সূত্ৰ

 সেহি সময়ে শ্ৰীকৃষ্ণ যশোৱাক আগে, কৌতুক নানান খেলান কয়ে থিক, যশোৱা আপোন বালকক আগে দেখিয়ে, কৃষ্ণক সুকোমল লীলা, সুন্দৰ ৰূপ, মনোহৰ হাস্য লাস্য বিনোদ বৰ্ণাৱত। (কথা)। যশোৱা বোল — আহে বাপু কৃষ্ণ, তুহো হামাৰি কোতি পুৰুষক পৰম দেৱতা, মাথাৰ মুকুট, শিৰেৰ ভূষণ, গলাৰ সাতে সৰি, কৰ্ণৰ কুণ্ডল, কৰেৰ কঙ্কন অহে বাপু, তোহাৰি অৰুণ অধৰক বালাই লওঁ, মধুৰ হাস্যেৰ হুয়া যাওঁ, ৰাতুল চৰণক হুয়া মৰিয়া যাওঁ। ভালাৰে তনয়া কিন। মধুৰ মুৰুতি, ভালাৰে খেলানা, বাপু মোৰ শিশুকালে পুতনা শুযিলা, চৰণক আগে শকট উচাট কয়ল, চক্ৰবাতক প্ৰাণ লেলহ, বহু শিশু ভাৱ কৰিয়ে, হামাক বহুতৰ আনন্দ কৰায়া থিক।

সূত্ৰ

 যশোদা ওহি পৰকাৰে কৃষ্ণগুণ বৰ্ণাইতে, দধি মথনক শ্ৰম জানয়ে নাহি। শ্ৰীকৃষ্ণ মাৱক শ্ৰম দেখিয়ে, নিজ গুণ বৰ্ণনা শুনিয়ে মনে বোলল।

 (কথা)। কৃষ্ণ বোল—হামু পৰম ঈশ্বৰ, লক্ষ্মীৰ নায়ক ইহাৰি গৃহে ভকতিক বশ হুয়া ৰহলছি। হামু জীৱক পৰম [ ১৪ ] দুৰ্ল্লভ, হামাকু পাই মন পুৰণ নাহি ভেল, বস্তু বাঞ্ছা নাহি টুটত, হামাক ভকত গোপীসবক কোপ কৰিয়ে লৱনু অধিক কৰিয়ে, গোপীসবক দণ্ড কৰিতে, অতয়ে শ্ৰম কৰিতে লাগল ইহাক আজু লয়নু তুলিতে নাহি দেৱৰ।

পদ।

মাৱক শ্ৰম পেখিয়ে তোলি হাসি।
মথন দণ্ড ধৰল হৰি আসি॥
তেজল মথন যশোমতি নাই। {
মাধব দীন মুৰুখ মতি গাই॥

সূত্ৰ

 শ্ৰীকৃষ্ণ ওহি বুলি, হাসি হাসি মাৱক নিকট চাপিয়ে মথনি দণ্ড ধৰিয়ে ৰহল, তাহে পেখি যশোৱা বোল -

 (কথা)।  ও, পুতাই শ্ৰীকৃষ্ণ, লয়নু তুলিতে সময় গেল, পাক জুৰাইলে লয়নু নাহি পাৱব। তুহু মথন দণ্ড ছোৰহ।

 (কথা)।  শ্ৰীকৃষ্ণ বোল = অহে মাই, তোহাৰি স্তন পান কৰিতে বহুত ইছা হুয়াছে, হামাক তন পান কৰাৱ। হামু তা পান কৰিয়ে খেলনে চলব; তুহু লৱনু তোলহ। [ ১৫ ] সূত্ৰ—কৃষ্ণক নিৰ্ব্বন্ধ শুনিয়ে (যশোদা বোল) — আঃ ওহি চণ্ড বালক পয়োধৰ নপায়া ছোৰব নাহ, ইহাক তন পান কৰায়া পঠাওঁ।

সূত্ৰ–ওহি বলি যশোৱা হাসি হাসি কৃষ্ণক কোলে তুলি, বদনে চুম্বন দিয়ে আনন্দে স্তন পান কৰাৱত॥ শ্ৰীকৃষ্ণ পৰম সন্তোষে মাৱক তন পান কয়ে লাগল॥ সেহি সময়ে গোপীসব যশোদাক ডাকি বোলল॥ (কথা) গোপীসব বোল — ওহে মাই যশোদে, ঘেষনি দিয়ে থালি ভৰিয়ে যে ক্ষীৰ থৈয়া আছা, সে উতলি পৰয়, তুহু ৰাখ আসিয়া হামুসব অবজৰ নুহু; মাই সত্তৰ আৱ সত্তৰ আৱ॥

সূত্ৰ–তাহে শুনি যশোদা বোল—(কথা) অহে পূতা গোৱালী সবে ডাকয়, ঘূষিক ক্ষীৰ উতলি পৰয়, হামু তাহেক ৰাখু গিয়া, তুহু তন পান ছোৰহ।

সূত্ৰ-যশোদাক বোলে শ্ৰীকৃষ্ণ তন পান নাহি ছোৰত দেখিয়া যশোদা কোপে কোল হন্তে কৃষ্ণক মাটিত থেকচায়া থৈয়া কহুঁ, লৱৰি ক্ষীৰ ৰাখিতে গেল॥ তথি গৈয়া ক্ষীৰ উতাৰি থউ বুলি তথি ৰহল। শ্ৰীকৃষ্ণ মাৱক ভাৱ দেখিয়ে বোল, (কথা শ্ৰীকৃষ্ণ বোল)— হামু কোটি কোটি ব্ৰহ্মাণ্ড নায়ক, ব্ৰহ্মা আদি দেবক পৰম দেবতা হামাক মহা মহা যজ্ঞে সন্তোষ কৰাইতে নাহি পাৰত, হামু নিজগুণে [ ১৬ ] ভকতিক বশ হুয়া, ভকত সবে শ্ৰদ্ধায়ে যে বস্তু হামাক দান কৰে, তাহক হামু পৰম সন্তোষে হামাৰ উদৰবৰ্ত্তী ব্ৰহ্মাণ্ড সবক শুদ্ধ বস্তু পবিত্ৰ হৌক বলিয়ে ভোজন কৰহু। দেখো দেখো সে হামাক ওহি সাহাঙ্কাৰী নিদাৰুণী গোৱাৰী সামান্য শিশু বুলিয়ে তন পান ছোৰাই মাটিত আচাৰি পেলাই ক্ষীৰ ৰাখিতে গেল॥ হামাত কৰিয়ে কড়া দুই ক্ষীৰ অধিক মানল॥ তাহেক হানি হইতে গায়ে নাহি সহল। দেখো আজু হামু হানি কৰিতে কি পাৰু নাহি পাৰু তাহেক দেখোক॥

সূত্ৰ – ওহি বুলি শ্ৰীকৃষ্ণ কোপে পতা পুত্ৰ হানিয়ে মথ নি মাথি ভাঙ্গিয়ে দধি সব নাশিয়ে খুপি পশিয়ে বানৰ সব সহিতে যৈছে লয়নু ভোজন কৰত তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল॥

গীত ৰাগ গৌৰী [ মান পৰিতাল ]

স্তন পান বিনু ৰোষিত গোবিন্দ কুপিত জননীক লাই।
হামাকু পয়োধুৰ, পান ছোৰাই, ক্ষীৰ ৰাখিতে গয়ো মাই

পদ।

অৰুণ অধৰ দুহুঁ  কোপে কম্পাবত
 ওষ্ঠ কামুৰি ধৰি দান্তে।

[ ১৭ ]

পতা পুত্ৰ হানি  মথনি মাথি ভাঙ্গিয়ে
 খুপি পৈশল ভগৱন্তে॥
উৰল উৱৰে চৰি লয়নু ভুঞ্জন্ত হৰি
 বানৰ সব লৈয়া সাতে।
পিণ্ড লয়নু বানৰ মাজে খেপত
 বানৰে ধৰয় লম্ফি হাতে॥
ক্ষীৰ উতাৰি আসিয়া মাই দেখত
 ভাঙ্গিলা মথনি মধাই।
সব দধি নাশল  কতিহো পলাৱল
 দীন মাধবে গুণ গাই॥

সূত্ৰ = তদনন্তৰ যশোৱা ক্ষীৰ নমাই আসি কহোঁ দেখল, মখনি মাথি ভাঙ্গল, সব দধি নাশ দেখিয়া যশোদা বোল (কথা)- আঃ ওহি কৃষ্ণক কাম। তখনে কোল হান্তে নাময়ে নাহি হামু বলে নমাৱলু, ক্ষীৰ পান কৰিত নপাৱল। সোহি কোপে মাঠি ভাঙ্গি দধি নাশকয় কহোঁ মাৰণক। ভায় পলাৱল। আগে ঘৰ মাৰো চাওঁ।

সূত্ৰ— ওহি বলি যশোদা হাতে বাৰি ধৰিয়ে পাৱ মাৰিয়ে খোপি পশিয়ে দেখল শ্ৰীকৃষ্ণ উৰল উপৰে ৰৈঠিয়ে কহোঁ নবীন হৈয়ঙ্গবীণ আপুনো ভোজন কৰত, বানৰ সবকো ভোজন কৰাৱত। তদনন্তৰ মৱক দেখিয়ে, ভয়ে শঙ্কিত

নয়নে শ্ৰীকৃষ্ণ যৈছে পলাৱত যশোদা তৈছে পছু পাছু [ ১৮ ]

খেদয় তা দেখহ, শুনহ নিৰন্তৰ হৰিবোল হৰিবোল॥
 গীত ৰাগ কামোদ [ যতিমান ]
পলাই জগত পতি,  নন্দ জায়া যশোমতী
 লৰু ধৰি পাছূ পাছূ ধাই।
কৰি আছা অপৰাধ,  কবহু নাহিকে বাধ
 তাৰণ এৰণ নজাই॥

পদ।

ভাঙ্গিয়ে মথনি মাঠি,  দধি সব কৈলা নাঠি
 নবীন লয়নু আছা খায়া।
মাৱেৰ উঠিছে ৰাগ,  নপাই নছাৰিবো লাগ
 ভয়ে কাম্পে থিৰ নুহি কায়া॥

( কথা)। যশোদা বোল — অহে বালক, তুহু আৰ কতি যাৱব হামু, তাহা দেখব। ছোৰিয়ে দধি দুধ লৱনু খায়া সব গোকুল চন্ন কৰিয়ে, হামাক হাত লগাৱল, আজু তোহোক তাৰণ কৰে শিখাৱব॥

পদ।

লাগল পাইলো মই,  আৰ কতি যাবি তই
 কত দুখ দিয়া আছ মোৰে।
পলাই আজি যাইবি যথা  হামু ধায়া যাইবে তথা
 আৰ লগ নছাৰিবো তোৰে॥

[ ১৯ ]

জননীৰ দুখ দেখি,  হাতে কছালিয়া আখি
 কান্দিয়া ৰহিলা যেন ডৰে।
দেখিয়া যশোদা ৰাণী  তনয়ৰ ভয় জানি
 ধৰিল তেজিয়া বাৰি কৰে॥
মহা মহা যোগগণে,  পৰম নিৰ্ম্মল মনে
 চিন্তিয়া নপাৱে লগ যাৰে।
সবাৰো আতমা হৰি,  হাতে গোপী লৰু ধৰি
 ধায়া ফুৰে তাৰে মাৰিবাৰে॥
যাৰ সুমৰণে ডৰি,  কম্পে মৃত্যু তৰ তৰি
 যাৰ নামে মুকুতি ঠেলয়।
জননীৰ হুৱা ভয়,  কাম্পয় হেনয় হৰি
 দীন মাধব দাসে কয়॥

সূত্ৰ— শ্ৰীকৃষ্ণ মানুষ ভাব দেখায়ে, পলাইতে যেন নপাৰিয়ে, মায়ক ভয়ে হাতে আখি ঢাকিয়ে কান্দিতে ৰহল। যাশোদা পুত্ৰক ভয় দেখিয়ে হাতক বাৰি পেলায়, কৃষ্ণক কৰে ধৰি কহোঁ আপুন গৃহে আনিয়ে, যৈছে গৰুক পাঘে কৃষ্ণক বান্ধিতে লাগল তাহে দেখহ শুনহ নিৰন্তৰ হৰিবোল হৰিবোল॥

গীত ৰাগ কানৰা [ পৰিতাল ]
লয়নু চোৰ বলি যশোৱা মাই।
গোকণ্ঠ পাঘে বান্ধয় যদুৰাই॥

[ ২০ ]
 

পদ

পূৰ্ব্ব পৰ অন্ত নাহি যাহাৰ।
সোহি জগত সব জগত আধাৰ॥
বাহিৰ ভিতৰ যাকেৰি নাই।
গুৱাৰি বান্ধে লয়নু চোৰা পাই॥
গাৱে সন্ধানে যশোৱা জৰি টানে॥
জোৰয় নাহি আঙ্গুল দুহোঁ মানে॥
পুনু পুনু ৰজ্জু বিচাৰ কয়ে আনি।
উদৰে মেহ্ৰায়া বান্ধয় সতী টানি॥
তবহু নাজোৰে আঙ্গুল দুহো পাশে।
দেখিয়া গোপৰ ৰমনী সব হাসে॥
হৰি কহোঁ তত্ব জানয় নাহি কোই।
মাধব কহ গতি গোবিন্দ মোই॥

সূত্ৰ—যশোদা লয় চোৰ পায়া কৃষ্ণক বান্ধয় শুনিয়ে গোপী সব যশোদাক ঠামে আৱল। সোহি সময়ে শ্ৰীকৃষ্ণ নিজ যোগমায়া বেকত কয়ল। যশোদা কৃষ্ণক উদৰ জৰি মেহ্ৰাই টানিতে দেখত আঙ্গুল দুহো আণ্টৱে নাহি। পুনু আৱৰ জৰি আনয়ে জোৰায়া বান্ধৱ, সেহুঁ দুহুঁ আঙ্গুল আণ্টয়ে নাহি। ওহি পৰকাৰে, বাৰে বাৰে ঘৰ মাজে যত জৰি পাৱ সবকহু জোৰায়া মেহ্ৰাৱত তবহু [ ২১ ] দুহুঁ আঙ্গুল আণ্টয়ে নাহি। দেখিয়ে গোৱাৰি সবে যশেদাৰ বোলল।

 কথা। গোপীসব বোল— আহে মাই যশোদে, তোহাৰি ঐচন হৃদয়, ওহি মানিক পুতলি শ্ৰীকৃষ্ণ সব গোকুলক জীবন প্ৰাণ, তোহাৰি নিজ বালক তাহেক কোন অপৰাধে অতয়ে ৰাগে গৰুৰ পাঘে উদৰে কৈছন বন্ধন কৰহ? কোন চাৰ পুৰাতন কলস খানি ভাঙ্গল, কড়া দুইক ধন হানি কয়ল। গোৱালক ঘৰে লয়নু কে পুচত? কমন হানি ভেল, আহে মাই কৃষ্ণক মহিমা নাহি জানত আতয়ে জৰি জোৰায়া বন্ধন কৰিতেছ। তব্‌ কি বন্ধন কৰিতে পাৰহ? অতয়ে মহিমা দেখিয়ে তথাপি জ্ঞান নাহি উপজল তবহুঁ বান্ধিতে ইচ্ছা কৰিতেছ। আহে মাই তোহাৰি পয়ৰে লাগো।

সূত্ৰ – গোপীসবক ঐচন বাণী শুনিয়ে যশোদা কোপ কৰিয়ে বোলল। কথা যশোদা বোল = অহে গোপীসব ওহি কৃষ্ণক কত অপযশ হামাকু আগু কহইছ, আজু আৰ্দ্দসক সময় নোহি হয়। হামাকু বাধা কৰিতে আৱল, অব যে বোলল তাহেক হামু সহলু; আৰ যব বোলহ তব হামাকু বাত বুজব।

সূত্ৰ – ওহি বলি যশেদা গোপীসবক তৰ্জিয়ে পুনু কৃষ্ণক বান্ধিতে লাগল দেখিয়ে ৰোহিণী বোলল॥ [ ২২ ]

 কথা। ৰোহিণী বোল = ওহে যশোদ; আজু তুহু কি ভেলি গোকণ্ঠ পাঘে কৃষ্ণক বান্ধিতে লেলি। তোহাৰি ঐচন কঠিন হৃদয় ভেল। ওহি প্ৰাণ পুতলি কৃষ্ণক স্নেহ কৈ চন দূৰ গেলি, ওহি কৃষ্ণক বাৰম্বাৰ কত অপৰাধ সহইছ। আজু থোৰে অপৰাধ কয়ল তাহেক সহলি নাহি॥ ওহি কৃষ্ণক আপূন পুত্ৰ বলাইতো কৰি শতগুণ অধিক দেখো। হামু জানহু আপুন প্ৰাণতো অধিক দেখহোঁ। সখি বৃদ্ধ নন্দে যত ধন, জন; প্ৰাণ সবাতো অধিক দেখত; তেহোঁ কৃষ্ণক ওহি অৱস্থা দেখলে তোহাৰ কুশল নাই। আহে সখি তোহাৰি গোৰে লাগো, ওহি কৃষ্ণক প্ৰতি কোপ তেজহ। দেখো দেখো এতেক জৰি জৰায়া কি বান্ধিতে পাৰহ; কৃষ্ণক সুন্দৰ কটি মুঠিতে লুকাই তাহেক অতয়ে ৰজ্জু জোৰয়ে নাহি, ঐচন মহিমা দেখিয়ে তবহোঁ কৃষ্ণক নাহি জানহ? ওহি মানুষ বালক নহি নহি। প্ৰভাব দেখিয়ে হামু জানল ওহি জগত কাৰণ নাৰায়ণ কোটি কোটি ব্ৰহ্মাণ্ড যাহাৰ ৰোমৰন্ধ্ৰে থিক, জগত তাৰণ কাৰণে তোহাৰি উদৰে মানুষ ৰূপে অবতৰল॥ ওহি জগত আতমা; উহাক দেখিতে সবলোক আনন্দ মিলল; ঐচন কৃষ্ণক তুহু কৈছন বন্ধন কৰহ; ইহাৰ অবস্থা দেখিয়ে হামু কৈছন প্ৰাণ ধৰো॥ কমল নয়নক নীৰ বহৱে সুন্দৰ বদন মলিন ভেল, সব শৰীৰ কম্পয়, ইহাক দেখি কৈছে মৰিয়ে নাজাওঁ। আহে সখি কৃষ্ণক চাৰি হামাক বান্ধহ॥ [ ২৩ ] সূত্ৰ— ওহি বলি ৰোহিনী যশোদাক পায়ে ধৰিয়ে ক্ৰন্দন কয়ে কহোঁ ভূমি লুটি পৰিয় ৰহল। ৰোহিণীক ঐছন কাকু বাণী যশোদাক কৰ্ণ-গোচৰে জাৱে নাহি, কৃষ্ণক বান্ধিতে আক্ৰোশ তেজয়ে নাহি।

 ( কথা)। যশোদা বোল – ওহি গোপীসবক আগু হামু আজু লাজ পাৱলু; গৰ্ব্ভক চৱালক বান্ধিতে নাহি পাৰল দেখিয়ে গোপীসব উপলম্ভ বোলব, আজু কৃষ্ণক নাহি বান্ধয়ে হাঁ ছাৰব নাহি।

সূত্ৰ— ওহি বলি যশোদা পুনু বহুতৰ জৰি যোৰায়া বান্ধিতে লাগল। ৰোহিণী সহিতে গোপীসব হাহাকাৰ কয়ে কহোঁ হৰি হৰি বুলিয়ে গালে হাত দিয়ে পুনু ক্ৰন্দন কয় ৰহল, যশোদা কৃষ্ণক উদৰে ৰজ্জু টানিতে টানিতে বহুত শ্ৰম পাৱল সকল শৰীৰ ঘৰ্ম্মিত ভেল, গাৱক বসন খসিয়ে পৰল তব বন্ধন তেজয়ে নাহি দেখি শ্ৰীকৃষ্ণ মনে বোলল।

 (কথা)॥ কৃষ্ণ বোল— হামাক মায়াক ঐছন অতৰ্ক প্ৰভাব হামু অতএ মহিমা দেখাৱলু, বহু হামাক নাহি জানল। হামাক বান্ধিতে আশা কয়ে কহোঁ বহুত শ্ৰম পাৱত। হামু আপুনে বন্ধন যব নাহিলেহোঁ তব কি হামাক বান্ধিতে পাৰব? হামু ভকত বৎসল গুণে ভকতক অধীন হামাৰি ভকত জননীক

মন পূৰণ কৰহুঁ। [ ২৪ ]
 

সূত্ৰ—ওহি বুলি আপুনি বন্ধন লেলহ, যশোদা পুনু জৰি যৰায়া উদৰে মেহ্ৰায়া কহোঁ দেখত জৰি আতল, অধিকায় ভেল। দশন কামুৰি গাৱক বলে টানি টানি বান্ধিতে কৃষ্ণক গাৰি দেই।

 (কথা)। যশোদা বোল – আহে পুতা হামাকু আগে মহিমা দেখাৱত অতয়ে দুখ হামাক লগাৱলি। দেখো দেখো তোহাক কমনে বন্ধন ছোৰায়া ৰাখব।

শ্লোক।

ববন্ধ মাধবো মায়ী মায়াময়াখিলং জগৎ।
 বধ্নাতি গোপী তমপি পশ্য ভক্তেৰ্ব্বলং মহৎ॥

সূত্ৰ— যোহি কৃষ্ণে আপুন মায়াপাশে ব্ৰহ্মাদি অখিল জগৎ বন্ধন কৰিয়ে থিক গোৱাৰী যশোদা ভকতিক বলে তাহেক বান্ধয়, কৃষ্ণ ভকতিক মহিমা কি কহব! অনন্ত কোতি ব্ৰহ্মাণ্ডক ঈশ্বৰ হুয়া ভকতক অধীন, ইহা জানি কৃষ্ণক চৰণে মন থিৰ কয় কহোঁ নিৰন্তৰে হৰিবোল হৰিবোল॥

শ্লোক।ঘোষস্য মোহশমনায় মিথো গুণেণ, মধ্যে বৰন্ধ জননী নবনীত চোৰং। তদ্বন্ধনং ত্ৰিজগতামুদৰাশ্ৰয়ানাম্‌; মাক্ৰোশ কাৰণ মহো নিতৰাম্বভূৰ॥

সুত্ৰ =গোৱাল সবক মোহ দূৰ কৰিতে বহুতৰ গুণ যোৰায়া উদৰে বান্ধত। জানু দিয়ে গায়ক বলে টানিতে কৃষ্ণক উদৰে [ ২৫ ] যত লোক থিক তাৰা সব বন্ধন দুখ পাই, হামু সব মৰো মৰো বুলি বহুত আৰ্ত্তনাদ থিক। ঐচন প্ৰকাৰে যশোদা তৰ্জন কৰিয়ে কৃষ্ণক বন্ধন কয় কহোঁ পুনু উৰু খল সহিতে গাঠি দিয়ে ৰহল ঠিক। গোপীসবক ডাকি বোলল।

 (কথা)। যশোদা বোল—আহে গোৱাৰীসব, ওহি কৃষ্ণক কতি বন্ধন ছোৰবি নাহি। যোহি বন্ধন ছোৰে ইহাক শাস্তি তাহেক কৰব। হামু নিষ্টকয় বোলল বৃদ্ধ নন্দে দেখোক আসিয়া। [কথা]। গোপীসব বোল – আহে মাই; কৃষ্ণক বন্ধন ছোৰিতে হামাৰ কেনি প্ৰয়োজন থিক, ওহি তোহাৰি বালক ইহাৰ তুহ বহুত অপৰাধ পাৱল, ওহিতো বন্ধন মাল, লাগে খাণ্ডা হানিয়ে কাটিয়ে খাৱ তব হামাৰি কি ভেল?

সুত্ৰ— ওহি বুলি গোপীসব বহুত অপমান কয় কহোঁ আপুন থানে চলি গেল। ৰোহিণী যশোদাক নিকাৰুণ ভাব দেখিয়ে কৃষ্ণক বন্ধন দুখ নিৰেখিয়ে নয়নক নীৰ জুৰায়া বহুত অপমান কয়ে মৌনে ৰহল। কৃষ্ণক খেৰাক বালক সব প্ৰাণ বন্ধু মাধবক ঐচন বন্ধন দুখ দেখিয়ে যশোদা গাৰি দিয়ে ক্ৰন্দন কয়ে কহোঁ কৃষ্ণক নিকট ৰহল। আকাশে দেবতা গণে কৃষ্ণক ভকত বৎসল গুণ দেখিয়ে বিমানে গগণ চানি হল। শ্ৰীকৃষ্ণ যশোদাক যি প্ৰসাদ দেলহ ব্ৰহ্মা লক্ষ্মী ওহি প্ৰসাদ নাহি পাৱল। ওহি যশোদা নন্দন ভগবন্ত, পৰম দেৱতা, জ্ঞানী কৰ্ম্মীক পৰম দুৰ্ল্লভ, ভকতক পৰম সুলভ, [ ২৬ ] ইহা জানি আহে লোক শুদ্ধ ভাবে কৃষ্ণক চৰণে মন সাৰ কৰিয়ে নিৰন্তৰে হৰিবোল হৰিবোল। শ্ৰীকৃষ্ণ ঐচন বন্ধন পায়া মন্দ মন্দ ৰোদন কয় কহোঁ হাত তালে নয়নক নীৰ মাৰ্জ্জিয়ে বঙ্ক নয়নে মাৱক নিৰেখিয়ে উড়ুখল সহিতে যৈচন পৰকাশ কয়ল তাহে দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।

গীতৰাগ বেলোৱাৰ ( ৰূপক তাল )

কম্পিত মাধব নয়ন জুৰাই।
কতি চাপি উড়খল বন্ধন পাই॥

 পদ।
আৰকত কতল মাজিত ৰোলে।
মন্দ ৰোদন কৰু নৱনীত চোৰে॥
নবনীত ঘনশ্যাম অঙ্গ বিৰাজে
তাৰাক গন যৈচ গগনক মাজে॥
যাহে, চৰণ ৰেণু যোগী নপাই।
ভকতিক বলে তাকু বন্ধন পাই॥
কহয় মাধব দাস দীন শুন মাই॥
ওহি জগত গুৰু সুত কহোঁ পাই॥

শ্লোক।

নক্ষত্ৰ মিত্ৰ নবনীত কণা বিকীৰ্ণ।
বক্ষঃ স্থলোদৰমগোচৰমাগমানাম্॥
বাষ্পাম্বুগৰ্ভিত তৰঙ্গিত নেত্ৰপদ্মম্‌।
ব্ৰক্ষ স্মৰামি দৃঢ়মুলুখঁলে নিবদ্ধম্॥

[ ২৭ ]

পৰ মিদমুপদেশমাদ্ৰিয়ধ্বম্‌
নিগমৰনেযু নিতান্ত বিচাৰ খিন্নাঃ॥
বিচিনুত ভবনে সুবল্প বীণা!
মুপনিষদৰ্থমুডুখলে নিৰদ্ধম্।

 সূত্ৰ— আহে লোক তোৰাসবক হামু পৰম এক উপদেশ বোলহু তাহেক শ্ৰদ্ধায়ে আদৰ কৰহ। তোৰা সবক দুধ দেখিয়ে হামাক মহা খেদ জনময়। ওহি গহন বন মাজে ব্ৰহ্মক নিতান্ত বিচাৰ কৰিতে বুদ্ধি সহিতে সব শৰীৰ ক্ষীণ ভেল, অব বেদবন বিচাৰক চাৰি গোৱাৰী যশোদাক ঘৰে সব উপনিষদৰ্থ ভগবন্ত পৰমাত্মা ব্ৰহ্ম উড়খলে নিশ্চয় বন্দীহয়ে থিক তাহেক চিনহ। নিৰন্তৰে হৰি হৰি বোল॥

 সূত্ৰ— তদনন্তৰ যশোদা শ্ৰীকৃষ্ণক উড়ুখলে বান্ধি থৈয়া কহোঁ গৃহকৰ্ম্মে ব্যগ্ৰহুয়া ৰহল তাহে পেখিয়ে শ্ৰীকৃষ্ণ মনে গুণয়ে লাগল।

 কথা শ্ৰীকৃষ্ণ বোল—। দেখো হামু আজু ভকতক হাতে বন্দী হুয়া কহো বন্ধ জীৱক সংসাৰ বন্ধন ছোৰণ কৰব। ব্ৰহ্মা আদি যত দেবতা থিক আছোক আনক বন্ধন ছোৰব আপুন বন্ধন দুৰ কৰিতে নাহি পাৰত। ইহাজানি সবলোক হামাৰ্ক পৰম ঈশ্বৰ বুলি ভকতি কয় কহে সংসাৰ ঘোৰ নিকাৰ তৰব। কুবেৰক পুত্ৰ দুহো দেবতা নাৰদক শাপে ওহি জমলাৰ্জ্জুন হুয়া ৰহল থিক। নাৰদক বৰ [ ২৮ ] দানে ওহি বৃক্ষ জনমতে হামাক স্মৰণ কয় ঠিক, আজু হামু পৰম ভকত নাৰদক বচনক সাফলিয়ে ওহি দুহোক দুখক দূৰ কৰবো।

 সূত্ৰ– ওহি বলি শ্ৰীকৃষ্ণ মাৱক ভয়ে মাৰনক শঙ্কায়ে লাসে লাসে উড়ুখল টানিয়ে দুহো বৃক্ষক মাজে হুয়া চলিতে উড়ল পথালি হুয়া বৃক্ষত লাগল দেখিয়ে শ্ৰীকৃষ্ণ মাটিত জানু পাৰিয়ে কঙ্কাল ফান্দিয়ে টান দিয়ে বৃক্ষ পৰল সোহি বৃক্ষ হন্তে দুহো দেবতা দিব্য ৰূপ ধৰিয়ে বাজ হুয়া কহোঁ কৃষ্ণক দেখল নাৰদক পৰসাদে দুহোঁ দেবতা ঈশ্বৰ বুলি কৃষ্ণক জানল, জয় কৃষ্ণ জয় কৃষ্ণ বলি দণ্ডবতে বাৰম্বাৰ পৰণাম কয় কহোঁ, কৰজোৰি জানুপাৰি নম্ৰভাবে যৈচে স্তুতি কয়ে লাগল তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি বোল।

গীত ৰাগ তুৰ ভাটিয়ালী।

এ হৰি কৰিয়ো কৰিয়ো মেৰি কৰুণা মুৰাৰি৷
চাৰৰ নাহি আৰ চৰণ তোহাৰি॥

পদ

তুহুনিৰঞ্জন জগত আধাৰু।
ভাৰ হৰন হেতু ভয়ো অবতাৰু॥
তাৰবি লোক বিনোদ পৰকাশি।
তুৱা পদ কমলে সেৱক ভৈলো আসি

[ ২৯ ]

পূৰব বাসনা দূৰ কৰহ হামাৰি।
বচন ৰহোক নাম গুণ তোহাৰি॥
তুৱা কথা শ্ৰবন হোক অবিৰাম।
কৰ মেৰি ৰহোক তোহাৰি কয়ে কাম॥
তুৱা পদ সুমৰি ৰহোক মন থিৰ।
তোহৰি চৰণ বন্দী ৰহো মেৰি শিৰ।
তুৱা নিজ মুৰুতি ভকত সব চাই।
ৰহু মেৰি নয়ন মাধব গুণ গাই॥

কথা—। হে পৰমানন্দ, পৰমপুৰুষ, পুৰুষোত্তম, দেবক পৰম দেবতা জগতক আদি কাৰণ প্ৰধান পুৰুষ নিয়ামক সৃষ্টি স্থিতি প্ৰবৰ্ত্তক ভগবন্ত নাৰায়ণ তুহু ভূমিক ভাৰ হৰণ কাৰণে কপট। মানুষ ৰূপে বেকত হুযাছ। তুহু মাত্ৰ কেৱল সত্য ওহি জগত মায়াময় জানি তোহাৰি চৰণে শৰণ পশিয়ে কেৱল ভকতিক মাত্ৰ আশা কৰোহোঁ। তেহাৰি অচিন্ত্য প্ৰভাব ওহি জগতক বাহিৰে ভিতৰে অন্তৰ্য্যামী ৰূপে জীবক নিয়ম কৰিতেছ। যাৰা সকল তোহোক ঈশ্বৰ জানিয়ে তোহাৰি চৰণে সেবা কৰত তাৰা সব সুখে সংসাৰ তৰয়ে। যে সবে তোহাক ভজয়ে নাহি তাহেক কাল ৰূপে সংহাৰ কৰহ। হে প্ৰভু তোহাৰি নিজ দাস নাৰদক প্ৰসাদে তোহাক হামু জানলু। হে কৃষ্ণ তোহাৰ পদ কমলে কোটি কোটি পৰণাম কৰহু। হামাক দাসক দাস জানিয়ে কৃপা কৰহ হামাৰি বচনে তোমাৰি গুণ নাম ৰহোক। [ ৩০ ] মস্তকে তোহাৰি চৰণ বন্দি ৰহোক, চক্ষুয়ে তাহাৰি মূৰুতি,

ভকতক নিৰোখি ৰহোক।

 সূত্ৰ—। ওহি বলি দেবতা দুহু কৃষ্ণৰ চৰণ নিৰেখিয়ে ৰহল, তদনন্তৰ শ্ৰীকৃষ্ণ বোল — আহে নলকুবেৰ মণি-গ্ৰীব হামাৰ ভকত নাৰদক কৃপায়ে তোৰ সৰক উত্তম মতি ভেল। হামাৰ ভকতক দৰশনে সংসাৰৰ দুঃখ দুৰ গেল। তোহাক পৰমাৰ্থ যুগুত বচন শুনিয়ে পৰম সন্তোষ ভেলু। তুহু সব যে প্ৰাৰ্থনা কয়ল সে সব পূৰণ হৌক, অব আপুন থানে সত্ত্বৰ চলি যাৱ।

 সূত্ৰ—। কৃষ্ণক আদেশ শুনিয়ে বাৰম্বাৰ প্ৰদক্ষিণ কৰিয়ে দণ্ডবতে প্ৰণাম কয়ে কহোঁ আপুন থানে সত্বৰ চলিগেল। তদন্তৰ নন্দ আদি গোৱাল সকলে পৰম চণ্ড শবদ শুনিয়ে লৱৰি আসি কহো দেখল সমলাৰ্জ্জুন বৃক্ষ দুহোঁ উভৰি পৰিল।

শ্লোক।

বিনাবাতং বিনা বৰ্ষং বিদ্যুত্ং পতনং বিনা।
বিনা হস্তি কৃতান্ দোষান্ কেনেমৌ পাতিতৌ ভুবি॥

 সূত্ৰ—। গোৱাল সকলে পৰম অদ্ভুত দেখিয়ে চৌপাষে ফিৰি ফিৰি চাৱত, বিস্ময় হুয়া অন্যে অন্যে বোল। কথা গোৱাল সব বোল — আহে গোৱাল সব ওহি কি অদভূত বাট, নাহি বৃষ্টি, নাহি নিৰ্ঘাত, বজ্ৰপাত নাহি, হস্তি সবক বিক্ৰান্ত দোষ নাহি অতয়ে কালক বৃক্ষ কৈচন উভৰি পৰল?

[ ৩১ ]


 সূত্ৰ—। অনন্তৰ বৃক্ষ নন্দে দেখল বৃক্ষ মাজে পষিয়ে শ্ৰীকৃষ্ণ বন্ধন সহিতে উড়খল টানিয়ে আছয়। কথা নন্দ হাসিয়ে বোল— আহে ঐ মানিক পুতলি কৃষ্ণক কমন দাৰুণ কঠিন হৃদয় গৰুক পাগে উলুখলে বন্ধন কয়ল। ধন জন জীবন সবাতো অধিক ওহি কৃষ্ণক মানহু। আহেক ঐচন অৱস্থা কমনে কয়ল ওহি বৃক্ষ পৰিয়ে প্ৰাণ পুত্ৰ কৃষ্ণ খেনেকে মৰয় কিন্তু হামো কতিহোঁ প্ৰাণীক পীড়া নাহি কৰহু সোহি কাৰণে কৃষ্ণক গোসাই ৰক্ষা কৰল। আহে বাপু কৃষ্ণ তুহু হামাক আয়ুয়ে চিৰকাল জীৱ। তোহৰি সকল আপদ দূৰ গেল তোহাৰ বালাই লও। তোহাৰি জননী যশোদাক যে জানু তা কৰবো।

 সূত্ৰ —। ওহি বুলি নন্দে কৃষ্ণক বন্ধন চোৰি ধূলা জাৰি কোলে গলাত চাপি কহোঁ বদন চুম্বন কৰিতে পৰম আনন্দ বস পাৱল সব শৰীৰ সিহৰল নয়নে আনন্দ লোতক জৰয়। মোক্ষতো অধিক আনন্দ লভিয়ে ৰহল তদনন্তৰ গোৱাল সকলে কমন প্ৰকাৰে বৃক্ষ পৰল তাহেৰ তেহো নাহি জানল তাহেদখি বালক সব বোল কথা— আহে বৃদ্ধসব ওহি কৃষ্ণে মাজে উলুখল টানিয়ে বৃক্ষ উভলি পেলাৱল, হামু সবে দেখল আৱৰ অদভুত দেখল তা শুনহ। ওহি বৃক্ষ হন্তে অগনি সমান ৰূপ ধৰিয়ে দুহু দিব্য পুৰুষ বাজ হুয়া কহো কৃষ্ণক প্ৰণাম কৰিয়ে বহুতৰ স্তুতি কয়ল, শ্ৰীকৃষ্ণে আস্বাস বোলল [ ৩২ ] পুণু কৃষ্ণক প্ৰদক্ষিণ কৰিয়ে উত্তৰ দিশে চলি গেল।

সূত্ৰ—। গোৱাল সবে ছৱালক বাক্য বলিয়ে নাহি মানল কৃষ্ণক অতৰ্ক মহিমা তাৰা সব কতিহো নজানত তদনন্তৰ কৃষ্ণক কোলে কৰিয়ে নন্দ আপুন গৃহে পষিয়ে গৃহিনী যশোদাক তৰ্কিতে গেল। (কথা নন্দ বোল) আহে দাসীক দাসী বাদী

 গুৱাৰি ওহি প্ৰাণপুত্ৰ কৃষ্ণক কমন অপৰাধে গোৰুক পাঘে যৈচন খণ্টচোৰ শত্ৰুক বান্ধয় তুহু সোহি পৰকাৰে বন্ধন কয়লি তেহাৰি কোন শত্ৰু। হামু কত তপ কৰিয়ে দেবক বৰে বৃদ্ধ বয়সত কৃষ্ণক পুত্ৰ পাৱলু, সোহি প্ৰাণ পুত্ৰ বৃক্ষ পৰিয়ে ক্ষণেকে মৰি যাই গোসাইক বৰেসে এৰাৱল তুহু কি নিমিত্তে মানুষ ভেলি ৰাক্ষসতোধিক আপুন পুত্ৰক খাইতে চাৱল। কৃষ্ণক নখাই হামাক খাৱ। আহে নাগিনী তোহাক বস্তুয়ে নাণ্টল কোন ছাৰ পুৰাতন কলস ভাঙ্গল হামাৰ ঘৰে দধি দুগ্ধ কে পুছত, নদী বহাইতে পাৰু তাহেৰ নিমিত্তে কৃষ্ণক অতয়ে সাস্তি কয়লি তোহোক আজু মাৰিয়ে প্ৰাণলেৱব। ৰহ ৰহ হামাক বাট বুজব।

সূত্ৰ—। এহি বুলি নন্দে মাৰিতে ধাৱল দেখিয়ে ৰোহিণী ৰাখল আসিয়া। তদনন্তৰ যশোদা নন্দক বোলল আহে বুঢ়িয়া কাহেক আগে ঐচন ৰাগ দেখাৱ। তোহাৰি আজি ভাবনা চুৰ কৰব। তুহু হামাৰ ৰাখোৱল নিশাভাগে উঠিয়ে কলস কন্দিয়া, বোঞকা শিকিয়া যুৰিয়ে কান্ধে কৰিয়ে মলিন বসন [ ৩৩ ] পৰিয়ে গোষ্ঠক চলবি ধেনুক ৰাখবি গাই দুহিয়ে দুগ্ধক ভাৰ বহিবি হামো জনকটা কৰকটা যে বস্তু দেৱব তাকে ভোজন কৰবি তুহোঁ গৃহেৰ কোন অধিকাৰ ইহাৰকি ভালমণ্ড জানল হামু গৃহেৰ গৃহিনী সব অধিকাৰ হামাৰ আহে বুঢ়িয়া তোহাক কে পুচত ছি: হামাক মাৰিতে আৱল হামাক চাতু বলিতে জনম জাই। আজু ৰাগ চৰল ছি ঘিণসে লাগে। হাৰ্মু কথা কহিতে জানু সবলোকে মন্দ বোলব, কি কৃষ্ণক ধুৱাইতে খুৱাইতে হামাক মাৰিতে আশা কয় থিক।

 আহে ৰোহিনী তুহু বাধা নাহি কৰবি হামাক মাৰিয়ে ৰহোক তব হামাক বোল বুজব।

 সূত্ৰ –। ওহি পৰকাৰে যশোদা নন্দক চুপ কয়ল নন্দে দেবেজ মাতিতে নাহি পাৱল। ইকথা ৰহোক তদনন্তৰ শ্ৰী কৃষ্ণ যৈচে গোকুল বাসীক নান বিনোদ কৌতুকৰস আনন্দ কৰাৱল তাহে দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।


গীত — ৰাগ কল্যাণ (খৰমান)

জয় জয় জগ জন তাৰণ কাৰণ নাৰায়ণ পৰ দেব।
হৰ চতুৰাগন আদি অমগণ কৰু যাক পদৰেণু সেবং॥

[ ৩৪ ]

পদ৷

ৰোম বিবৰমহ  কোটি কোটি অণ্ড
 তাণ্ডব কৰু সমৰেণু।
নিজ জন ৰঞ্জন  ভঞ্জন ব্ৰজ দুখ
 মোদি বিনোদিত বেনু॥
কলসি ভাঙ্গল  দধি সব নাশল
 কয়লি ভোজন নবনীত।
ভীতি পলাৱল  বান্ধল জননী
 অৰ্জ্জুন ভঞ্জনৰীতং॥
নাচত গাৱত  ভাব দেখাৱত
 হাসত বহুলয় লাসে।
হৰি কহোঁ চৰণ  কমল মধু আশে
 কহ দীন মাধব দাসে॥

 সূত্ৰ— ঐচন পৰকাৰে শ্ৰীকৃষ্ণ গোকুল বাসীক ৰঞ্জিয়ে নানান বিনোদ কৰিয়ে ৰহল থিক আহে লোক দেখো দেখো পৰম ঈশ্বৰ পুৰুষোম ত্ৰিগুণ নিয়ন্তা গুণান্বিত পৰম দেবতা জীৱক তৰণ নিমিত্তে আপুনে সাক্ষাতে বেকত হুয়া কপট মানুষ চেষ্টা দেখায়া বিবিধ লীলা বিস্তাৰ কয়ল। ইহাক শ্ৰবণ কীৰ্ত্তন কৰিয়ে সবলোক সুখে তৰব। অন্যথায়ে নিৰ্গুণ দেৱতা সব যে জন্ম কৰ্ম্ম ৰহিত ঈশ্বৰ তাহে গৰিহিত কৰ্ম্ম কৰিতে কোন প্ৰয়োজন থিক ওহি কৃষ্ণক [ ৩৫ ] বালক চৰিত্ৰ মাথি ভাঙ্গি দধি নাশল লৱনু ভোজন উৰল বন্ধন অৰ্জ্জুন ভঞ্জন যাত্ৰা যাৰাসব শ্ৰদ্ধায়ে শুনে শ্ৰদ্ধায়ে গাৱে শ্ৰদ্ধায়ে ভাবনা কৰব তাৰা সবৰ শ্ৰীকৃষ্ণ চৰণে নিৰ্ম্মল ভকতি বাঢ়য়। ইহা জানি কৃষ্ণৰ চৰণে মনথিৰ কৰিয়ে ডাকি নিৰন্তৰে হৰিবোল হৰিবোল। ইতি—

দধি মথন অঙ্ক। * * * *

 

[ ৩৬ ]

শব্দ
 
শ্যামধাম
আকুঞ্চিত
মঞ্জীৰ
পয়োসাৰা
আয়ত
আৰকত
কুচ
কজ্জল
সুৰভি
ক্ষৌম
সাতেসৰি
ঘোসি
তথি
উদৰবৰ্ত্তী
সাহঙ্কাৰী
পটা-পুত্ৰ
থুপি
বিনু
সাতে
লুম্ফি
উতাৰি

 

অৰ্থ
 
শ্যামবৰ্ণৰ জ্যোতি
ঈষৎ ভাজলগা
নূপুৰ
আগবাঢ়ি আহা
দীঘল
ঈষৎ ৰঙ্গবৰণীয়া
স্তন, পিয়াহ
অঞ্জন
সুগন্ধ
তচৰৰ শৰৈ
সোণৰ হাৰ
জুইৰ আখা
তাতে
পেঁতৰ ভিতৰত থকা
অহঙ্কাৰী
পাটকু
খোঁটালী
বিনা
সৈতে
থাপমাৰি
নমাই

 

শব্দ
 
কতিছোঁ
পাৱমাৰিয়ে
হৈয়ঙ্গবীন
নাঠি
কছালীয়া
বিনাৱত
পেখি
অবজৰ
মধাই
পয়ৰে
আৰ্দ্দাসক
গোৰে লাগো
গাৰী
খেৰাক
ঢান্ধী
বাদী
ভাবনা
কণ্ডিয়া
জন্‌কটা, কৰকণ্টা
চাতু
বোঞকা

অৰ্থ
 
কোনো পিনে
ভৰিৰ শব্দ নোহোৱাকৈয়ে
নতুন মাখনৰ ঘি
নষ্ট কৰা
মোহাৰি
বিনয়কৰা
দেখি
অবসৰ
মাধব
ভৰি
আদাৰধৰা
ভৰিত ধৰো
গালি
খেলাক
নিন্দাসূচক গালি
বান্দী
আশা ভৰষা
কড়িয়া
পইতা, কৰকৰা
তোসামোদ
বাঙ্কা

[ ৩৭ ]

শুদ্ধি পত্ৰ।

অশুদ্ধ।
 
কায়
গুৱা
কোতি
উজ্জল
পুৰণ
কম্পীবত
লম্ফি
হান্তে
মাঠি
মাৰো
উপৰে
নিৰম্তৰ
পাছ পাছ
দেখব
আছ
কান্দিয়
মতিক
বান্ধয়
গাৱে
উদৰ

 

পৃষ্ঠা
 















১০
১০
১০
১১
১১

 

শাৰী
 

১২


১৬
১৭

১৩
১৫
১৬
১৮


১২
১৬

১৪
২১

১৫

শুদ্ধ
 
ধাম
হুয়া
কোটি
পূৰণ
উজ্জ্বল
কম্পাৱত
লুল্ফি
হন্তে
মাথি
মাঝে
উপৰে
নিৰন্তৰে
পাছু পাছু
খেদব
আছা
কান্দিয়া
মাৱক
বান্ধয়
গাৱ
উদৰে

[ ৩৮ ]

আনয়ে
যশেদাক
গোৱাৰি
আতয়ে
তব্‌
যশোদ
আপুন
ৰাশ্ৰয়ানাম্‌
গায়ক
ঠিক
শ্ৰবন
নিৰোথি
তোৰ
হন্তি
উভলি
আশ্বাস
তৰ্কিতে

তেহাৰি
মণ্ড
নান
চতুৰাণন

 

১১
১২
১২
১২
১২
১৩
১৩
১৫
১৫
১৬
২০
২১
২১
২১
২২
২২
২৩
২৩
২৩
২৪
২৪
২৪

 

১৭



১০


১৭
২০




১৯
১৮
২১




১৩
১৭

আনিয়ে
যশোদাক
গোৱাৰী
অতয়ে
তব
যশোদে
আপুন
ৰাশ্ৰয়াণা
গাৱক
থিক
শ্ৰবণ
নিৰেখি
তোৰা
হস্তী
উভালি
আশ্বাস
তৰ্জ্জিতে
ঢান্ধি
তোহাৰি
মন্দ
নানা
চতুৰানন

[ ৩৯ ] ৯ পৃষ্ঠাৰ ১২ শাৰীৰ “যাদব” আৰু “হামু”ৰ মাজত পৰিযোৱা অংশ ৰহ ৰহ

হামাকু আজ আজু পলাৱত, তুহু যাহা যাৱব...

১৫ পৃষ্ঠাৰ ৬ শাৰীৰ “দেখো” আৰু “তোহাক” ৰ মাজত যোগ কৰিব লগীয়া অংশ তোহাক নাহি বান্ধিয়ে হামু নছাৰলু দেখো।

১৯ পৃষ্ঠাৰ ৭ শাৰীৰ “দিয়ে” আৰু “বৃক্ষ”ৰ মাজত যোজনীয় অংশ বৃক্ষ দুহু উভঞ্জি পেলাৱল, মহাচণ্ড শবদে

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )