এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
দধি মথন
জননীৰ দুখ দেখি, হাতে কছালিয়া আখি
কান্দিয়া ৰহিলা যেন ডৰে।
দেখিয়া যশোদা ৰাণী তনয়ৰ ভয় জানি
ধৰিল তেজিয়া বাৰি কৰে॥
মহা মহা যোগগণে, পৰম নিৰ্ম্মল মনে
চিন্তিয়া নপাৱে লগ যাৰে।
সবাৰো আতমা হৰি, হাতে গোপী লৰু ধৰি
ধায়া ফুৰে তাৰে মাৰিবাৰে॥
যাৰ সুমৰণে ডৰি, কম্পে মৃত্যু তৰ তৰি
যাৰ নামে মুকুতি ঠেলয়।
জননীৰ হুৱা ভয়, কাম্পয় হেনয় হৰি
দীন মাধব দাসে কয়॥
সূত্ৰ— শ্ৰীকৃষ্ণ মানুষ ভাব দেখায়ে, পলাইতে যেন নপাৰিয়ে, মায়ক ভয়ে হাতে আখি ঢাকিয়ে কান্দিতে ৰহল। যাশোদা পুত্ৰক ভয় দেখিয়ে হাতক বাৰি পেলায়, কৃষ্ণক কৰে ধৰি কহোঁ আপুন গৃহে আনিয়ে, যৈছে গৰুক পাঘে কৃষ্ণক বান্ধিতে লাগল তাহে দেখহ শুনহ নিৰন্তৰ হৰিবোল হৰিবোল॥
গীত ৰাগ কানৰা [ পৰিতাল ]
লয়নু চোৰ বলি যশোৱা মাই।
গোকণ্ঠ পাঘে বান্ধয় যদুৰাই॥