পৃষ্ঠা:দধি মথন নাট.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
দধি মথন।

ইহা জানি আহে লোক শুদ্ধ ভাবে কৃষ্ণক চৰণে মন সাৰ কৰিয়ে নিৰন্তৰে হৰিবোল হৰিবোল। শ্ৰীকৃষ্ণ ঐচন বন্ধন পায়া মন্দ মন্দ ৰোদন কয় কহোঁ হাত তালে নয়নক নীৰ মাৰ্জ্জিয়ে বঙ্ক নয়নে মাৱক নিৰেখিয়ে উড়ুখল সহিতে যৈচন পৰকাশ কয়ল তাহে দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।

গীতৰাগ বেলোৱাৰ ( ৰূপক তাল )

কম্পিত মাধব নয়ন জুৰাই।
কতি চাপি উড়খল বন্ধন পাই॥

 পদ।
আৰকত কতল মাজিত ৰোলে।
মন্দ ৰোদন কৰু নৱনীত চোৰে॥
নবনীত ঘনশ্যাম অঙ্গ বিৰাজে
তাৰাক গন যৈচ গগনক মাজে॥
যাহে, চৰণ ৰেণু যোগী নপাই।
ভকতিক বলে তাকু বন্ধন পাই॥
কহয় মাধব দাস দীন শুন মাই॥
ওহি জগত গুৰু সুত কহোঁ পাই॥

শ্লোক।

নক্ষত্ৰ মিত্ৰ নবনীত কণা বিকীৰ্ণ।
বক্ষঃ স্থলোদৰমগোচৰমাগমানাম্॥
বাষ্পাম্বুগৰ্ভিত তৰঙ্গিত নেত্ৰপদ্মম্‌।
ব্ৰক্ষ স্মৰামি দৃঢ়মুলুখঁলে নিবদ্ধম্॥