পৃষ্ঠা:দধি মথন নাট.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰকাশকৰ নিবেদন।

 মহাপুৰুষ দুজনাৰ অঙ্কীয়া নাটৰ দুই তিনি খন মানহে এতিয়ালৈকে ছপা হৈছে। সেই সকল অমূল্য নাট অপ্ৰকাশিত হৈ থকাটো অবাঞ্ছনীয় বোধে মহাপুৰুষ মাধব দেশৰ এই নাটখনকে ৰাইজৰ আগত প্ৰথমে প্ৰকাশ কৰিবলৈ আগ বাঢ়িলো। ৰাইজৰ পৰা উৎসাহ পালে বাকী কেইখন নাটো প্ৰকাশ কৰিবৰ আকাঙ্ক্ষা থাকিল।

 হাতে লিখা পুথি পোন প্ৰথমে ছপা কৰাটো পণ্ডিত লোকৰ হে শোভনীয়। যদিও মই পণ্ডিতৰ আশ্ৰয়তে ছপা কৰিলো, তথাপিও নিজে অপণ্ডিতগুণে পুথিখনত অনেক ভুল ৰৈ গল। অশুদ্ধবোৰ যথা সাধ্যে শুদ্ধিপত্ৰত শুধৰাই দিয়া হৈছে, অ ৰু পণ্ডিত প্ৰবৰ শ্ৰীল শ্ৰীযুক্ত নাৰায়ণ দেৱ মিশ্ৰৰ দ্বাৰা কঠিন শব্দ কেইটামানৰ অৰ্থ ও কৰি দিয়া হৈছে। ৰাইজে মোৰ দোষা দোষলৈ নাচাই মহাপুৰুষ মাধব দেব ৰচিত এই অতুলনীয় নাটখন সাদৰে গ্ৰহণ কৰিলে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। ইতি—

বিনীত—
শ্ৰীদিগম্বৰ পাঠক।