পৃষ্ঠা:দধি মথন নাট.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹



 ঘটনা বিন্যাস আৰু ৰচনাৰ ভেদ অনুযায়ি নাটক কেবা বিধ আছে। যেনে – মহানাটক,প্ৰকৰণ নাটিকা প্ৰহসন, অঙ্ক প্ৰভৃতি। এই নাটক বা দৃশ্য কাব্যৰ ভিতৰুৱা শ্ৰেণী বিশেষৰ নাম অঙ্ক। এই অঙ্ক বুলি নাটক বিশেষত একেটি মাথোন অঙ্ক থাকে। আন আন শ্ৰেণী বিলাকৰ কোনোটোত সাতোটা, কোনোটোত দহোটা, কোনটোত চাৰিটা এই দৰে অঙ্ক বা বিভাগ থাকে। বেছিকৈ অঙ্কৰ বিভাগ নিদি একেটা মাথোন অঙ্কতে শেষ কৰা বাবে দধি মথন আদি নাটক বিলাকক অঙ্ক বোলা হয়। কোনো কোনো ঠাইত এই বিলাককে অঙ্কীয়া নাট বোলে। উক্ত অঙ্ক বিলাকৰ বিশেষত্ব এই যে এই বিলাকৰ ঘটনা পৰম্পৰা বিলাক সূত্ৰধৰে বিস্তাৰিত ভাবে সূচনা কৰি দিয়ে যাতে অতি নিৰক্ষৰ লোকেও বৃত্তান্ত বিলাক সহজতে বুজি পায়। সূত্ৰধৰৰ সূচনাৰ পৰাই আধুনিক কালৰ থিয়েটাৰ বিলাকত চলোৱা “প্ৰোগ্ৰামৰ কাম খিনি হয়।

 মহাপুৰুষ মাধৱ দেৱে কেবা খনো অঙ্ক ৰচনা কৰিছিল। তাৰ ভিতৰত এই দধি মথন অঙ্কত শ্ৰীকৃষ্ণৰ বাল্য লীলাৰ এক অংশ বৰ্ণোৱা হৈছে। এই অঙ্কৰ প্ৰধান ৰস বাৎসল্য আৰু কৰুণ হাস্য আৰু অদ্ভুত অঙ্গৰস। মহাপুৰুষে এই কেইটা ৰস কথা বস্তুৰ সহায়েৰে ফুটাই তুলছে। উদ্দেশ্য হৈছে শ্ৰকৃষ্ণ লীলাৰ অলৌকিক মাধুৰ্য্যৰ দ্বাৰা সামাজিক লোক সকলৰ হৃদয় আপ্লুত কৰি শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেমভক্তি উৎপাদন কৰা৷

 শ্ৰীকৃষ্ণৰ পৰমাদ্ভুত লীলা বৰ্ণাই বুজোৱা সম্ভব নহয়। ভক্ত সকলহে সেই লীলাৰস পান কৰিব পাৰে। ব্ৰহ্মা আদি দেৱতা সকলেও যাৰ আদি অন্ত নাপায় সেই পৰম দেবতা ভগবন্ত যশোদাৰ ঘৰত শিশু ভাবে বিৰাজমান। তেওঁ নিজ ইচ্ছাই যশোদাৰ ঘৰত আবদ্ধ হৈছে। এই অদ্ভুত ৰহস্য কথা এই অঙ্কত বৰ্ণাইছে। তাতোকৈ অদ্ভুত কথা যে যশোদাই এই বন্ধনত