পৃষ্ঠা:দধি মথন নাট.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰে আৰু তেওঁবিলাকে সেই আচৰণ বিলাক সৰ্ব্ব সাধাৰণ ভাবে নলয়। আমাৰ দুজনা মহাপুৰুষে শ্ৰীকৃষ্ণৰূপী ভগবন্তৰ নৰোত্তম লীলাৰ প্ৰকৃত ভাব আৰু তাক ৰস উপলব্ধি কৰি লোককো এই ৰস পান কৰাবৰ অৰ্থে গীত, পদ, ভটিমা, নাট আদি ৰচনা কৰিছে। গীত নাট পদ প্ৰভৃতিৰ সাধাৰণ নাম কাব্য। ৰসাত্মক বাক্য সমষ্টিক কাব্য বোলে। কাব্যৰ মুখ্য উদ্দেশ্য ৰস-সৃষ্টি। ভগবন্ত স্বয়ং ৰস-স্বৰূপ। তেওঁ ৰস বা আনন্দৰ সিন্ধু অৰ্থাৎ সাগৰ; ভক্ত সকলে সেই আনন্দ সমুদ্ৰৰ এটা টোপা পালেও কৃতাৰ্থ হয়। কাব্য শাস্ত্ৰৰ ভিন ভিন ৰস বিলাক সেই ৰস সমুদ্ৰৰে অতি সামান্য অংশ মাত্ৰ। কিন্তু তথাপি কাব্যৰ ৰসো সেই পৰমানন্দ ৰসৰ সজাতীয় বস্তু। এতেকে সেই পৰমানন্দ ৰসৰ স্বৰূপ উপলব্ধিৰ নিমিত্তে তৈয়াৰ হব লাগিলে সৎকাব্য সেবন আৱশ্যক। মহাপুৰুষ সকলে সেই গতিকে ভক্ত সকলক কাব্যাস্বাদ দিবলৈকো অৱহেলা নকৰিছিল। ৰুক্মিণী হৰণ ৰাজসূয় আদি পদ বিলাক আৰু রুক্মিণী হৰণ দধি মথনাদি নাটক বিলাক কাব্যৰসৰ ভিতৰেদি পৰমানন্দ ৰসৰ অলৌকিক আস্বাদ দিবৰ নিমিত্তে মহাপুৰুষ সকলে ৰচনা কৰি গৈছে।

 আগতে কাব্যৰ কথা উল্লেখ কৰা হৈছে। আলঙ্কাৰিক সকলৰ মতে কাব্য দু বিধ-দৃশ্য আৰু শ্ৰব্য। সামাজিক লোকৰ আগত কলা কৌশল দেখুৱাই অভিনয় কৰিব পাৰা কাব্যৰ নাম দৃশ্য কাব্য আৰু পাঠ কৰি শ্ৰোতা সকলৰ মনত আনন্দ দিব পাৰা কাব্যৰ নাম শ্ৰব্য কাব্য যেনে মহাভাৰত ৰামায়ণ আদি। এই দুবিধ কাব্যৰ ভিতৰত দৃশ্যকাব্য বা নাটককে শ্ৰেষ্ঠ বোলা হয়। কাৰণ কলাবিৎ অভিনেতা সকলৰ অভিনয় দেখি সহৃদয় সামাজিক লোক সকলে সহজতে ৰস আস্বাদন কৰিব পাৰে। ভাল অভিনয় দেখি লোকে আপোন পাহৰা হোৱাৰ দৃষ্টান্ত অনেক আছে।