পৃষ্ঠা:দধি মথন নাট.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দধি মথন

খেদয় তা দেখহ, শুনহ নিৰন্তৰ হৰিবোল হৰিবোল॥
 গীত ৰাগ কামোদ [ যতিমান ]
পলাই জগত পতি,  নন্দ জায়া যশোমতী
 লৰু ধৰি পাছূ পাছূ ধাই।
কৰি আছা অপৰাধ,  কবহু নাহিকে বাধ
 তাৰণ এৰণ নজাই॥

পদ।

ভাঙ্গিয়ে মথনি মাঠি,  দধি সব কৈলা নাঠি
 নবীন লয়নু আছা খায়া।
মাৱেৰ উঠিছে ৰাগ,  নপাই নছাৰিবো লাগ
 ভয়ে কাম্পে থিৰ নুহি কায়া॥

( কথা)। যশোদা বোল — অহে বালক, তুহু আৰ কতি যাৱব হামু, তাহা দেখব। ছোৰিয়ে দধি দুধ লৱনু খায়া সব গোকুল চন্ন কৰিয়ে, হামাক হাত লগাৱল, আজু তোহোক তাৰণ কৰে শিখাৱব॥

পদ।

লাগল পাইলো মই,  আৰ কতি যাবি তই
 কত দুখ দিয়া আছ মোৰে।
পলাই আজি যাইবি যথা  হামু ধায়া যাইবে তথা
 আৰ লগ নছাৰিবো তোৰে॥

(২)