পৃষ্ঠা:দধি মথন নাট.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দধি মথন

শ্ৰীকৃষ্ণায় নমঃ

শ্লোক। বালায় নীল বপুষে তনু কিঙ্কিণীক
 ধ্যানাভিৰামজঘনায় দিগম্বৰায়।
 শাৰ্দ্দুলদিব্যনখভূষণ ভূষিতায়
 নন্দাত্মজায় নবনীত ভুজে নমস্তে॥

 যো লোক ভাৰোদ্ধৰণায় চক্ৰী
 চক্ৰেহবতাৰং বসুদেৱ গেহে।
 গোপীজনানন্দ কৰো মুকুন্দঃ
 পায়াৎ স বো যাদবৰাজসিংহঃ॥

সূত্ৰ।

 অহে সমাজিক লোক, যে চৰাচৰ গুৰু নাৰায়ণ, সৰ্ব্ব- লোকহিত কাৰণে নন্দক মন্দিৰে বেকত হুয়া কহোঁ, কপট গোপ বেশে, পৰম মঙ্গল ৰূপ নানান খেলান কয়ো কহোঁ যশোদাক মন সন্তোষিয়ে যৈন ক্ৰীড়া কয়ল তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।