কথা। ৰোহিণী বোল = ওহে যশোদ; আজু তুহু কি ভেলি গোকণ্ঠ পাঘে কৃষ্ণক বান্ধিতে লেলি। তোহাৰি ঐচন কঠিন হৃদয় ভেল। ওহি প্ৰাণ পুতলি কৃষ্ণক স্নেহ কৈ চন দূৰ গেলি, ওহি কৃষ্ণক বাৰম্বাৰ কত অপৰাধ সহইছ। আজু থোৰে অপৰাধ কয়ল তাহেক সহলি নাহি॥ ওহি কৃষ্ণক আপূন পুত্ৰ বলাইতো কৰি শতগুণ অধিক দেখো। হামু জানহু আপুন প্ৰাণতো অধিক দেখহোঁ। সখি বৃদ্ধ নন্দে যত ধন, জন; প্ৰাণ সবাতো অধিক দেখত; তেহোঁ কৃষ্ণক ওহি অৱস্থা দেখলে তোহাৰ কুশল নাই। আহে সখি তোহাৰি গোৰে লাগো, ওহি কৃষ্ণক প্ৰতি কোপ তেজহ। দেখো দেখো এতেক জৰি জৰায়া কি বান্ধিতে পাৰহ; কৃষ্ণক সুন্দৰ কটি মুঠিতে লুকাই তাহেক অতয়ে ৰজ্জু জোৰয়ে নাহি, ঐচন মহিমা দেখিয়ে তবহোঁ কৃষ্ণক নাহি জানহ? ওহি মানুষ বালক নহি নহি। প্ৰভাব দেখিয়ে হামু জানল ওহি জগত কাৰণ নাৰায়ণ কোটি কোটি ব্ৰহ্মাণ্ড যাহাৰ ৰোমৰন্ধ্ৰে থিক, জগত তাৰণ কাৰণে তোহাৰি উদৰে মানুষ ৰূপে অবতৰল॥ ওহি জগত আতমা; উহাক দেখিতে সবলোক আনন্দ মিলল; ঐচন কৃষ্ণক তুহু কৈছন বন্ধন কৰহ; ইহাৰ অবস্থা দেখিয়ে হামু কৈছন প্ৰাণ ধৰো॥ কমল নয়নক নীৰ বহৱে সুন্দৰ বদন মলিন ভেল, সব শৰীৰ কম্পয়, ইহাক দেখি কৈছে মৰিয়ে নাজাওঁ। আহে সখি কৃষ্ণক চাৰি হামাক বান্ধহ॥