পৃষ্ঠা:দধি মথন নাট.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৹

সন্তুষ্ট নহৈ জৰীৰ দ্বাৰা শ্ৰীকৃষ্ণক বান্ধিব খুজিছে। শ্ৰীকৃষ্ণই কিন্তু এই বন্ধন লব খোজা নাই অথচ যশোদাই আকুল ভাবে শ্ৰীকৃষ্ণৰ পাচে পাচে খেদি যিওবা তেওঁক ধৰিলে কিন্তু তেওঁৰ যত্ন বৃথা হল। গোকুলৰ সমস্ত জৰী একত্ৰিত কৰিও দুই আঙ্গুল নাটে। শেষত ভক্তবৎসল ভগবন্তে পৰম ভক্তৰ ব্যকুলতা দেখি দয়া পৰবশ হৈ এই শেষ বন্ধন খিনিও গ্ৰহণ কৰিলে। এইয়ে ভগবন্তৰ পৰমাদ্ভুত লীলা।

 এই নাটত অন্তৰঙ্গ ভক্তৰ আকুল আহ্বানত ভগবন্ত কি ৰূপে ধৰা

দিয়ে তাৰ ৰহস্য বুজাইছে

পলাই জগত পতি  ••• ••• ধাই
পলাই আজি যাইবি যথা  •••  তোৰে

প্ৰভৃতি গীততে ভগবন্তৰ লগ পাবৰ নিমিত্তে অন্তৰঙ্গ ভক্তৰ আকুল আহ্বান ধ্বনিত কৰিছে।

নিমিনবসিদ্ধৰ—
কোনোবা ৰহস্য ধৰ্ম্ম  ••• ••• আপোনাক

 এই প্ৰশ্নৰ মূলতত্ব এই নাটত যশোদাই শ্ৰীকৃষ্ণক বন্ধন কৰা লীলাত প্ৰকাশ কৰিছে। ভক্ত সকলে এই লীলাৰস শুদ্ধ চিত্তহৈ ভক্তিৰ দ্বাৰা আস্বাদন কৰক।

শ্ৰীজয়কৃষ্ণ দেব মিশ্ৰ
 বৰপেটা।