পৃষ্ঠা:দধি মথন নাট.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শলাগনি।

 অঙ্কীয়া নাট আমালোকৰ এটি জাতীয় সম্পদ। কিন্তু এনে হেন ৰত্নবিলাক আজিও সমুদ্ৰ গৰ্ভৰ ৰত্নৰ দৰে মানুহৰ চকুৰ আৰালতে লয় হব ধৰিছে। প্ৰকাশকে উক্ত ৰত্ন সমূহ ৰাইজৰ আগলৈ উলিয়াবৰ যত্ন কৰাত তেওঁ আমাৰ ধন্য বাদৰ পাত্ৰ। ইয়াৰ সম্পাদনৰ ভাৰ উপযুক্ত লোকৰ হাতত পৰাত আমি আৰু বেচি আশান্বিত।

 প্ৰকাশকে ক্ৰমে ক্ৰমে আটাই কেইখন নাটকে ছাপাবৰ যো-যা কৰিছে। ৰাইজে এখনীয়া বা আটাই বিলাক একে লগেও লব পাৰাৰ সুবিধা কৰিছে বাবে শক্তি আৰু ৰুচি মতে ৰাইজে এই ৰত্ন গ্ৰহণ কৰিব পাৰিব।

১ ভাদ্ৰ ৪৯০

শ্ৰীসোণাপতি দেব শৰ্ম্মা।