সমললৈ যাওক

অসমীয়া সাহিত্যৰ চানেকি (প্ৰথম খণ্ড)/ডাক-ভণিতা

ৱিকিউৎসৰ পৰা
[ ১০১ ]

ডাক-ভণিতা।

জন্ম প্ৰকৰণ।

এক দিন ডাকে লভিলা।
ভুমিত পৰিয়া মনে গুণিলা॥
দেখে অন্ধকাৰ প্ৰদীপ নাই।
চক্ষু টেৰ কৰি মাৱক চাই॥
প্ৰসৱ দূঃখত মাতৃ অসুখ।
চক্ষু মেলি চাই পুত্ৰৰ মুখ॥
ওচৰৰ দুই তিৰী আসিয়া।
জলাৱে অগ্নিক তুৰে ফুকিয়া॥
পিৰিক পাৰাক কৰে আগুণ।
নালাগে দেখিয়া উঠয় খঙ্গ॥
হেন দেখি পাচে মাতিলা ডাক।
পোঁৱাতী ৰাখিয়া চা পুতাক॥
একে কাঠে লাড়ি চাৰি।
দুই কাঠে ফুপাৰি॥
তিনি কাঠ কৰি এক।
যেনে লাগে তেনে সেক॥
ধুৱাই মুৱাই কোলে লৈবে তেবে।
ভালে ভালে ফুল পৰিল যেবে॥
জয় ধ্বনি কৰি নাড়ি কাটিব।
দৃঢ় বুদ্ধি কৰি নাভী বান্ধিব॥
গোবৰ খুটি সচলু কাঠ।
সেকিলে নাড়ী নোহে অনাথ॥

[ ১০২ ]

লোন জালুকেৰে খুৱাব জাল।
তেবে স্তন ৰস হৈবেক ভাল॥
কলিয়া তুলসী বেলৰ পাত।
মুঠায়ে সহিতে বাটী পটাত।
তপত কৰিয়া জননী খাইব।
তেবেসে নাড়ীয়ে দৃঢ়ক পাইব॥
যেবে সুতিকাৰ ৰাখিব জীৱ।
যতন কৰিয়া ঔষধ দিব॥
বাসি জয়ন্তীৰ পুষ্পক লব।
তাৰ ক্ষুদ্ৰশিপা অল্প মিলাইব॥
অল্প বেঙ্গেনা শিপা তাহাকো দিব।
ক্ষুধাত খুৱাইবে তেবেসে জীব।
অপৰাজিতাৰ একেটি ফুল।
জানি শুনি দিব দশৰ মুল॥
অহিত জনে শিশুক নেদেখি।
অভ্যন্তৰে থৈব সুহৃদে ৰাখি
পূবলৈ শিৰে শিশু শুৱাই।
পোৱাটী ৰাখিব আগে জ্বলাইি॥
দিনত শিশুক নেড়িব আনে।
ৰাখিব নিশাত মাৱে যতনে॥
সপুত্ৰিনী নাৰী সঙ্গ নেৰিব।
মাজে মাজে মাৱে জাগি দেখিব॥
নিসম্ব তনু তৃষ্ণাতুৰ জানি।
সুতিকা নিকটে নথৈব পানী॥
সুদৃঢ়ে বান্ধিব কটিৰ বস্ত্ৰ।
সুতিকা নিকটে ৰাখি অস্ত্ৰ॥
গৃহ চাৰিচুকে দ্বাৰ মুখত।
বচ সিজু আনি কইব শকত॥
অশৌচ বাজে মঙ্গল কৰি।
সূৰ্য্যক দেখাইব নয়ন ভৰি॥

[ ১০৩ ]

তেবেসে পুত্ৰৰ হৈব কুশল।
জয় হৰি বুলি কৰা মঙ্গল॥

ধৰ্ম্ম প্ৰকৰণ।

ব্ৰাহ্মণৰ পিতৃ দেৱ অৰ্চ্চন।
ক্ষেত্ৰিয় সবৰ প্ৰজা পালন॥
বৈশ্যৰ বাণিজ্য ধন আৰ্জ্জন।
শূদ্ৰৰ স্বধৰ্ম্ম নীতি সেৱন॥
তেবেসে ধৰ্ম্মক কৰিব জানি।
পুখুৰী খানিয়া ৰাখিব পানী॥
বৃক্ষ ৰোপণত অধিক ধৰ্ম্ম।
মঠ মণ্ডপ গুৰুতৰ কৰ্ম্ম॥
যিহকে দিবে তাহাকে পাই।
পৰলোকে গৈয়া বসিয়া খাই॥
অনিত্য দেহত নাহিকে আশ।
ধন জন বস্ত্ৰে কিক বিশ্বাস॥
যি জনে দিৱয় অন্নৰ সাৰী।
সিজন নই যম নগৰী॥
অন্ন জল জানা অধিক দান।
তাত কৰি নাহি শ্ৰেষ্ঠ যে আন॥
ভাল দ্ৰব্যক যেখনে পাইব।
দেৱতা দ্বিজক তেখনে দিব॥
কালিৰ ভাগক ৰাখে যিজনে।
প্ৰশংসে তাহাক ৰবি নন্দনে॥
সোণাৰ তুল্য কন্যাৰ দান।
ডাকে বোলে তাৰ স্বৰ্গেসে স্থান॥
দধি দুগ্ধ দেই অন্ন বিপুল।
ঔষধ দানত নাহিকে তুল॥
ডাকে বোলে জানা সেহিসে সাৰ।
আপুনি মৰিলে কিকৰে আৰ॥

[ ১০৪ ]

ব্ৰহ্মা হৰ আদি যতেক দেৱ।
সকলে কৰয় গঙ্গাক সেৱ॥
গয়া প্ৰয়াগ বাৰাণসী যাই।
গঙ্গাৰ স্নানত সবাকে পাই॥
ৰূপ সোণা হীৰাৰ মূল্য।
গঙ্গাৰ জলত নুহিকে তুল্য॥
বিজনে যত পাপ আচৰে।
পৰধন পৰ নাৰীক হৰে॥
যদি গৈয়া গঙ্গা স্নান কৰে।
সকলে পাতক তেখনে হৰে॥
প্ৰথমে ঘৰে উপবাস কৰি।
তীৰ্থ যাত্ৰা কৰি যাইবেক লড়ি॥
গঙ্গাৰ জলত ছাড়িলে প্ৰাণ।
হোৱন্ত মুকুতি স্বৰ্গ প্ৰধান॥
বুঝিয়া সুজিয়া বান্ধিয়া আৰি।
তেবেসে শত্ৰুক জিনিতে পাৰি॥
সাক্ষী মুখে কথা কৰাই বাজ।
যদি ধৰ্ম্ম কৰি শোধন্ত ৰাজ॥
দৃঢ় কৰি থৈব সাক্ষী সকল।
সাধিব ন্যায়ত তেৰে কুশল॥
যেবে ভাল ৰূপে সাক্ষী কহিব।
তেবেসে সভাত ন্যায়ে জিনিব॥
ডাকে বোলে আগে নিয়াই সাজ।
ন্যায়ত হাৰিলে অধিক লাজ॥
স্বধৰ্ম্ম কথাত যাৰ গোছৰ।
ভাল সাক্ষী দিয়া চাপ ওছৰ॥
সাক্ষী নৱ সাতাধিক চাৰিজন।
তিনি দুই হোৱে যেবে ব্ৰাহ্মণ॥
এক এক কৰি সুধিব কাষ।
বসিয়া ধাকিব সভাৰ মাঝ॥

[ ১০৫ ]

ধন আশ এড়ি সুধিব সাক্ষী।
ৰাজাক তেবে ধৰ্ম্মে ফুৰে ৰাখি॥
যিজনে ধৰ্ম্মত নকহে সাক্ষী।
ডাকে বোলে তাক থৈবাহা ৰাখি॥
সত্য কৰি যদি সাক্ষী নকৱে।
যম দুতে নিয়া নৰ্কত থৱে॥
ধৰ্ম্মক এড়িয়া কহয় যেৱে।
ডাকে বোলে নৰকে পড়িবে তেবে॥
অসন্ত জন যদি হয় সাক্ষী।
শপত কৰাব তাহাক ৰাখি॥
তথাপিতো যদি অসত্য কয়।
পৰিবে নৰকে নাহি সংসয়॥
সাক্ষী মুখে যদি ভঙ্গক জানি।
মধ্যস্থ জনৰ বচন মানি॥
সাক্ষীক দেখাই ঋণক দিব।
পত্ৰত নাম লেখি ৰাখিব॥
ঋণৰ সাক্ষী যদি নাহিকন্ত।
পৰীক্ষণ কৰি তত্ত্ব বুঝিবন্ত॥
স্বামীৰ দোষত ভৃত্যৰ দণ্ড।
স্ত্ৰীৰ দোষে স্বামী লণ্ড ভণ্ড॥
ভেদ দণ্ড সাম্য কৰন্ত দান।
চাৰি ৰূপে ন্যায় কৰিয়া জান॥
বাপে পোৱে যদি কন্দল বাঝে।
পুত্ৰক দণ্ডিবে পণ্ডিত বাজে॥
শূদ্ৰ জনে যদি বধে বিপ্ৰক।
বধিব নৃপতি সিতো শূদ্ৰক॥
সজ্জনে যদি গুৰু বধ কৰে।
ভিক্ষা ভুঞ্জি ভ্ৰমে বাৰ বছৰে॥
গঙ্গাত গৈয়া যেবে স্নান কৰে।
সমস্ত পাপত তেবে নিস্তৰে॥

[ ১০৬ ]

প্ৰায়শ্চিত হুই গৃহক যাই।
তেবে অন্ন জল জ্ঞাতীয়ে খাই॥
ধৰ্ম্ম প্ৰকৰণ এহি্সে গৈল।
নীতি প্ৰকৰণ উদয় ভৈল॥
শুনা সৰ্ব্বজন ডাক ভণিত।
ৰাম ৰাম বুলি তৰা কলিত॥

⸺⸺

নীতি প্ৰকৰণ।

বিপ্ৰে বৃষ্টি কৰে যাহাৰ শীৰে।
প্ৰত্যেক দিবসে ভোজন ক্ষীৰেে॥
ভক্ত গুৰু বিষ্ণু নাম নিচিনে।
কাহাত বলে ছয় শত্ৰু জিনে॥
পিতৃ মাতৃ দুইৰো বন্দে চৰণ।
বোলন্ত ডাকে সাৰ্থক জীৱন॥
যাঠি বছৰত বোলে আই।
আহাৰ শাওনত দোহে গাই॥
পুহত আহু জেঠত শালি।
তেবেসে জানিবা গৃহস্থালী॥
তেবেসে যশ বখানে আনে।
তেবেসে গৃহস্থৰ আটিব ধানে।
যিতো পুত্ৰে পিতৃত পুছে কাজ।
জানিবা নৃপতিয়ে লৱে ৰাজ॥
সৰ্ব্ব গুণীয়াক নাটয় ভাতে।
দুষ্ট পুত্ৰ যাৰ নিতান্ত কান্দে॥
অপুত্ৰক মন্ত্ৰী নোহয় ভাল।
দন্ত খসিলে কিহৰ গীতাল॥
জ্যোতিষ পঢ়ে গ্ৰহৰ নাই থিত।
দ্বণ্ড ভুক্ত বিনে কিকৰে ৰীত॥

[ ১০৭ ]

বৈদ্য হুয়া মৰে আপুনি বিষে।
নৃপতি হুই প্ৰাক হিংসে॥
শিৰে নবন্দে মাধৱৰ পাৱ।
সবে বিড়ম্বনা জানিবা মাৱ॥
ৰান্ধন শালত নবাজে পটা।
স্নান অবসানে নভৈল ফোঁটা॥
শীতকালে যাৰ নভৈল বস্ত্ৰ।
যুদ্ধ সময়ত ধুকাইল অস্ত্ৰ॥
যজ্ঞ অবসানে নাই দক্ষিণা।
বোল ডাকে পাঞ্চো বিড়ম্বনা॥
অসতীৰ সুখ নাহি একো কালে।
দুগ্ধক ভাল নেদেখে মতোৱালে॥
চোৰে ভাল নেদেখে চন্দ্ৰৰ জ্যোতি।
দুষ্টা স্ত্ৰীৰ নাই পুত্ৰত ৰতি॥
জুইক দৃষ্টি সূৰ্য্যক পিঠি।
মাহক খুতি কৰাইক মুঠি॥
ছাইত পড়িলে গত হয় নষ্ট।
দন্তহীন হৈলে গঢ় হোৱে ভ্ৰষ্ট॥
বাঘ চাব লাগিলে বোন্দাকে চাবা।
ভাল মানুহ চাব খুজিলে আলিলৈ যাবা॥
চিত লো খণ্ডে গঢ়ে কুঠাৰ।
বক্ৰ ভাৰত কৰা ব্যৱহাৰ॥
উৰুখা ঘৰত ৰাৰিখা থাকে।
যুবতী কন্যাক ঘৰত ৰাখে॥
আতু গ্ৰাসে খায় ভাত।
ধৰুৱা গৃহস্থক নিদিয়ে মাত॥
চোৰে এৰে কৰে সঙ্গ।
ইতিনিৰ জানিবা ভঙ্গ।
তিৰুতাৰ গৰু ৰখা দেখিবলৈ কুচিত।
মুনিৰ তাত ৰন্ধা মৰণ উচিত।

[ ১০৮ ]

নিস্ফল জীৱন সিতে লোৰে খড়ি।
নিস্ফল জীৱন ধৰুৱা নিয়ে ধৰি॥
নিস্ফল জীৱন পৰত কৰে আশ।
নিস্ফল জীৱন খাটে প্ৰবাস॥
সবলে নিবলে কিহৰ নিয়া।
পঞ্চে পঞ্চ কিহৰ বিয়া॥
বাঘৰে ছাগৰে কিহৰ মতামতি।
হাতৰে মুৰৰে কিহৰ হতাহতি॥
দুষ্টা স্ত্ৰীহলে কিহৰ মাৱ।
অক্ষমী জনত কিহৰ ভাৱ॥
অপৰাধী হলে নকৰে ৰঙ্গ।
অকাটন কটাৰিত উঠে খঙ॥
ধনীৰ জয় সকলোৰে ৰঙ্গ।
ডাকে বোলে হৈল নিধনী ভঙ॥
নিধনী জন যি ঘৰে ঘাই।
আছোক ভাত মাতকে নপাই॥
ছাগ পাৰ পোহে হাঁহ।
দুই সীমাত ৰোৱে বাঁহ॥
বোলন্ত ডাকে মোত দোষ নাই।
নিত্যে নিত্যে সিতো বিষাদ পাই॥
জাপি লাঠি টনা।
ইয়াক এড়িলে দিনতে কণা॥
আহে যাই বহে উকুৰ।
কৰ্ণে আহে চহাল কুকুৰ॥
অপৰাণী হলে নপাই মান্যতা।
বেলি পৰি গৈলে নোহে সোধোতা॥
খেৰো পীড়া কটা পত্ৰ।
মুখ চাই ৰান্ধনী হাঁহে মাত্ৰ॥
দুৱাৰ চুকত দিলে ঠাই।
খালেনে নাখালে সোধোতা নাই॥

[ ১০৯ ]

নিধনীৰ ককা, বেঙ্গেনাৰ পকা,
দৰিদ্ৰৰ সোদৰৰ ভাই।
ঐকাহি দিয়োতে, গল ফাটি গৈল,
ভাই বোৱাৰীয়ে মুখ চাই॥
নষ্ট গৈল কৃষি মধ্যে হৈল বাট।
নষ্ট গৈল নাৰী বেহাই হাট॥
নষ্ট গৈল আঠুৱা ঝাপত গোৰে।
নষ্ট গৈল মাগুৰ জুইত পোৰে॥
মৰে অলপ পানীৰ মাছ।
মৰে নদী কুলৰ গাছ॥
বুঢ়া গৰুৰ শিঙ্গেই তাৰ।
ঘৰণীৰ মুখে ৰূপ যুৱাৰ॥
আলু কচু বিচাৰে বৰা।
বামুণে শগুণে বিচাৰে মৰা॥
বনুৱা ধনুৱা পঁইতা কৰকৰা।
গণকে বিচাৰে নৰিয়া পৰা॥
পাইকক পিয়ল, ভাটোক নিহল।
অন্ত্ৰক শীল, তিৰীক কিল॥
যি ধৰৰ ঘৈণী নয় নুবুজে।
সি গৃহস্থক মৰণে মজে॥
পানীৰ বাটত নহবা জগা।
দুখী কুটুমৰ নহবা লগা॥
দুষ্টা তিৰীক নিদিবা ঠাই।
বন পোঁৱাটাৰ নহবা জোঁৱাই॥
নাহালে নপৰে কিহৰ আহু।
মাত বোজ নহলে কিহৰ শাহু॥
অকাৰ্য্যত তৃন কাটে।
অনালোৱে কমাৰ শাল পাটে॥
অকাৰ্য্যত ফুৰে ৰাতি।
জুই কাষত বান্ধে গাটী॥

[ ১১০ ]

টুলুঙা নাৱৰ ওপৰে ভৰা।
বোলন্ত ডাকে তিনিও মৰা॥
কি কৰে শৰৰ শিঙ্গ।
কি কৰে খোৰাৰ ৰি্ঙ্গ॥
কি কৰে শোলাৰ হাঁহি।
কি কৰে অন্ধৰ চাহি॥
কি কৰে ঘৃতৰ ঘোল।
কি কৰে নিধনীৰ বোল॥
আঁঠত তিতা দাতত লোণ।
উদৰৰ ভৰিবা তিনি কোণ॥
চকুত পানী নাইত তেল।
বোলন্ত ডাকে সিদ্ধৰ মেল॥
আদাৰে ভোজন, শিলিখাৰে শুদ্ধি।
তেবেসে লভিবা আয়ুস বৃদ্ধি॥
যাৰ নাই তৰ্জ্জুতুল।
সি কিজানে বাণিজ্যৰ মুল॥
ৰাগৰ মিঠা বড়াৰি।
মুৰাৰ মিঠা সহাৰি॥
তিৰীৰ মিঠা স্বামী।
ডাকে বোলে বেশ্যাৰ মাততে জানি॥
লাজুকা বামুণ কহুৱা চোৰ।
জাকৰুৱা আলহি হাৰাম খোৰ॥
গাইৰ বৰ্জ্জিত ওলোমা বাহি।
স্ত্ৰীৰ বৰ্জ্জিত সঘনে তোলে হাঁহি॥
আসনৰ বৰ্জ্জিত তিনি খুৰা।
মিত্ৰৰ বৰ্জ্জিত যদি খাই সুৰা॥
নৰৰ লঘু লেপ লেপোৱা।
তিৰীৰ লঘু বাৰী বেৰোৱা॥
বনৰ লঘু বড়সীবাণ।
ৰোগৰ লঘু কুকুৰি কাণ॥

[ ১১১ ]

অনিত্য দেহত নকৰা আশ।
হৰিৰ নামত কৰা বিশ্বাস॥
আক জানি সবে আলাস এৰি।
সঘনে ডাকিয়া ঘোষিয়ো হৰি॥

——

ৰাজ নীতি প্ৰকৰণ।

ডাকে বোলে বঢ়া টুটা নমাতি।
লগত ফুৰিব দিনে ৰাতি॥
তেবেসে ৰজাৰ দয়াক পাই।
ধনজন সুখ সবে মিলাই॥
যৈতে ৰজা থাকি প্ৰজাক পালে।
তহিতে বসতি কৰিবা ভালে॥
ৰজাৰ সেবাত সবাকে পাই।
দুগ্ধত যেন গুৰ মিশলাই॥
এক মন কৰি সেবিবা ৰাজ।
তেবেসে সিজিবে সমস্ত কাজ॥
দেশ কাল ভাৱ বুঝিয়া মনে।
সেবিবে ৰাজাক বহু যতনে॥
নীচৰ সঙ্গত নহৈব কথা।
একো কালো তাৰ নপাই বেথা॥
অসতি কথা লাগে খণ্ডিত।
ধৰ্ম্মক জানে মুৰ্খো পণ্ডিত॥
ফটা কঠাত উৰহ হয়।
বেশ্যা তিৰীত থাপ থয়॥
খাটিব নৃপতিৰ পাশ।
বেহা কৰিব লোকৰ শাস॥
বিহা কৰিৰ এক সুন্দৰী।
স্মৰণ কৰিব কেৱলে হৰি॥

[ ১১২ ]

তেবেসে মাণিক আন্ধাৰে জলে।
তেবেসে তৰু হালি নাই ফলে॥
তেবসে সতী স্বামী সঙ্গে যায়।
তেবেসে বিদ্যা ধনধৰ্ম্ম পায়॥
যিষু যাই যদি কায়ে কুঁজে।
প্ৰজা মৰিব অনাযুজে॥
নগৰ মাজত কুঁৱা কুঁই দেখি।
নৰৰ মুণ্ড গণ্ডা গণ্ডা লেখি॥
আকাশত ভাবে পানীৰ গছা।
পৃথিবী বুড়াইব জানিব সঞ্চা॥
কটা নাকত কিহৰ ঢাকনী।
যাচি গলে কিহৰ ৰান্ধনী॥
অশুদ্ধ হৈলে কিহৰ পাত্ৰ।
তিনিকে জানিবা বৰ্বৰৰ মাত্ৰ॥
ৰাজাক চিনিবা দানত।
ঘোৰাক চিনিবা কাণত॥
খুৰক চিনিবা শাণত।
তিৰীক চি্নিবা স্নানত॥
ভোজনৰ ৰস ভুঞ্জিয়ো ভোকে।
বাণিজ্যৰ ৰস বেহাই লোকে॥
যাত্ৰাৰ ৰস আনে বয় তাৰ।
কথাৰ ৰল ত্ৰিভুবনে সাৰ॥
নৰ গজ বিশ ছয়।
বছৰ বত্ৰিশ ঘোষা বয়॥
চৌবিশ বলধা ষোল ছাগল।
পঢ়ি শুনি বৰাহ পাগল॥
জন্ম লগ্ন যাত্ৰা জোৰা।
বৰাই মিহিয়ে নপায়ে ওৰা॥
পঢ়ে পঢ়াই ৰোৱে পান।
এই তিনি নিচিন্তে আন॥

[ ১১৩ ]

কমাৰৰ কালি, খোবাৰ ৰাহি।
নটে বোলে পাক দিয়াহি॥
বাই নগলে কিহৰ লাঠি।
শাঁত নহলে কিহৰ গাষ্ঠি॥
ভাৰ্য্যা নহলে কিহৰ ঘৰ।
স্নেহ নহলে কিহৰ সোদৰ॥
বাই মৰা ভিনিহি।
কঠিয়া মৰা কিৰিষি॥
কোন সাধু কোন চোৰ চিনা বৰ টান।
বিত পালে সকলোৱে এৰিবেক মান॥
কলিৰ লোকত নথাকিব চিন।
কথাত এক কাজত ভিন॥
হেন জানি লোকে এৰিআন কাম।
কলি দোষে মুক্ত হৱা বোলা ৰাম ৰাম॥


ৰন্ধন প্ৰকৰণ।

চিত জেৰোৱা চলি কাটি।
তেবে দেখিবা জুইৰ কান্তি॥
উশাস দীৰ্ঘে দিবা ফুই।
তেহে চাবা জুইৰ মুই॥
সোকোতাৰ পাত বেশুৱাৰ ঝোল।
তেলৰ ওপৰে দিয়া আৰু তোল॥
পোৰোলা শাক ৰোহিত মাছ।
ডাকে বোলে সেই বেগুন সাঁছ॥
মাগুৰ মাছৰ চিৰকুটিয়া।
হালধি মৰিচ হিঙ্গক দিয়া॥
তৈল লোণ দিয়া কৰিব পাক।
ভাল ব্যঞ্জন বোলয় ডাক॥

[ ১১৪ ]

কাৱৈ মাছৰ চিৰকুটিয়া।
ত্ৰিকটু দিয়া তৈলে ভাজিয়া॥
ওলত পালত কৰিবা পিট।
খায়া পাইবা ভোজন মিঠ॥
ছেঙ্গাঅ ছেঙ্গেলি জামিব ৰসে।
কাহুঁদি দিয়া যেবে পৰিসে॥
মুখৰ অৰু্চি দূৰক যাই।
আচোক নৰ দেৱ মোহ বাই॥
ইলিহি মাছ চিৰকুটিয়া।
ত্ৰিকটু দিয়া তৈলে ভাজিয়া॥
সেই ব্যঞ্জন যিজনে খাই।
আমৰ সদৃশ মুখ গোন্ধাই॥
কচ ৰচ চিতলৰ আ্দ খান।
নেমু লোনদি বুজি পৰিমাণ॥
আক খাই পাই তোষ প্ৰচুৰ।
আন ব্যঞ্জন কৰিব দূৰ।
চাউল দি্বা যেতেক তেতেক।
পানী দিবা তিনি তেতেক॥
যেবে দেখা নিসিজে চাউল।
তেবে বুলিবা ডাকক বাউল॥
পকা তেতেলি বুঢ়া বড়ালী।
বিস্তৰ কৰিয়া দিবাহা জালি॥
কাঢ়ি থৈয়া দিবা টেঙ্গা জোল।
খাইৰাৰ বেলা মুণ্ড নোতো॥


গৃহিণী লক্ষণ।

শুদ্ধ তাব শুদ্ধবংশে উতপতি।
পতি পদ বিনে আনত নাই সতি॥

[ ১১৫ ]

মধুৰ বচন বোলে সদাই।
স্বামীৰ বচন কিছু নেপেলাই॥
সম সৰু দান্ত লাবণ্য মাত।
গৃহে ৰাতি দেই সন্ধ্যা বেলাত॥
ৰন্ধন কৰয় বচন মিঠ।
সেই গৃহিণীক বোলয় ইষ্ট॥
শাশুৰীত পুহি কৰে আয় ব্যয়।
সে নাৰীক সদা লক্ষী নেৰয়॥
গুৰু পদ সেৱা অতিথি পূজে।
চিৰকালে নাৰী সুখক ভুঞ্জে॥
ৰৌদ্ৰত কাটি কুটি থৱে শুকাই।
বৰ্ষা চাৰি মাসে বসিয়া খাই॥
কড়া কড়া কৰি সাঞ্চয় ধন।
ৰাখিব বিশ্বাস কৰি যতন॥
স্বামীৰ সেৱা গধূলী ৰাতি।
ডাকে বোলে সেই লক্ষ্মীৰ জাতি॥
যি নাৰী প্ৰভাতে নিদ্ৰাক যায়।
বাসি শয্যাত সূৰ্য্যক পাই॥
উদয় কালত নিলিপে ঘৰ।
ডাকে বোলে তাইক ছাৰিয়ো নৰ॥
স্বৰ্ণ দন্ত পাতল ওঠ।
তাইৰ দেখিয়া দন্দৰ ছোট॥
ওঠৰ ওপৰে গোফৰ সাৰি।
সিজনী জানিবা বিধবা নাৰী॥
বাৰীত কূপ নদীক যাই।
সঘনে স্ত্ৰী পৰমুখ চাই॥
স্তন কোখ দৰশাৱে পিঠি।
বোলন্ত ডাকে হেৰা তাই দুষ্টি॥
কুৰ্কুটা মুৰী চকলা পিঠি।
থাইবই তাই মেলক দিঠি॥

[ ১১৬ ]

ধান বনাই আনোৱাই পানী।
বোলন্ত ডাকে সিজনী ৰাণী॥
হেট মুৰিয়া গিৰী।
লেৰুৱা ওঠি তিৰী॥
সাজৰ কোবত গাজে দেৱ।
ইতিনিৰ আশয় নেপাই কেৱ॥
সৰুসূতা কাৰ্টে বৱে তাঁত।
চা চুবুৰিয়া নুশুনে মাত॥
ৰন্ধন গাৱে নলাগে কালি।
ডাকে বোলে সেই ৰান্ধনী ভালি॥
কাখত কলসি নদীক যাই।
তলমুণ্ড কৰি কাকো নচাই॥
যি পথে যাই সি পথে আসে।
ডাকে বোলে ভাল মনত ভাসে॥
কুচ্ছিত নাৰীত বাহাৰ বাস।
তাহাৰ কোন জীৱনত আশ॥
অল্প বুলিলে পাৰয় গালি।
ডাকে বোলে তাইক খেদা নিকালি॥
পৰৰ গৃহত বাহাৰ ৰাস।
তাহাৰ কোন জীৱনত আশ॥
যিতোৱে নুবুজে ৰাজ কাজ।
তাক নপঠাইবা সভাৰ মাজ॥
যি ঠাইত থাকে ৰাজ দৰ্ব্বাৰ।
পুখুৰী পাৰত সাজিবা ঘৰ॥
উঠঙ্গা কপাল বকতা স্ত্ৰী।
একোকালে তাইৰ নাহিকে শ্ৰ্ৰী॥
দিবাভাগে যোগ্য নুহিকে ৰতি।
নদীৰ পাৰক নষাইব দাতি॥
শাক গুৰুলটি দিনত বাছে।
সি ঘৰত জানিবা লখিমী আছে॥

[ ১১৭ ]

বাপে পোৱে ক্ষৌৰ কৰ্ম্ম কৰি
মঙ্গলে খাবা কড়াই।
আঠে পখে খাবা তিতা
যমে থাকিব ডৰাই॥
যি ঘৰত অতিথি পূজা নকৰে।
লখিমী নাথাকে তাহাৰ ঘৰে॥
প্ৰতি দিনে যিতো বিপ্ৰক ভুঞ্জাই।
তাহাৰ জানা সাফলে আয়ু যায়॥
গৃহিনী হৈয়া বোলে কটুৰ।
আয় নাজানি কৰে ব্যয় প্ৰচুৰ॥
ওলাই গৈ নাসে সে কালে।
দুষ্টা স্ত্ৰী বোলে ডাক গুৱালে॥
যি গৃহিনীৰ আউল কেশ।
কন্দল কৰে বিপৰীত বেশ॥
অল্প খাই পেলাই প্ৰচুৰ।
ডাকে বোলে তাইক কৰিও দূৰ॥
কন্দল শুনিলে বাহিৰে যাই।
নাচনী শুনিলে সত্বৰে ধাই॥
সে নাৰীৰ সঙ্গে যি কৰে বাস।
তাহাৰ কোন জীৱনত আশ॥
অতিথি দেখিলে খঙ্গেৰে চাই।
সি জনী মৰিলে নৰকে ঠাই॥
ভাল বস্তু পাইলে আপুনি খাৱে।
যমদুতে তাইৰ মুখ নচাৱে॥
যি গৃহিণী নুবুজে ন্যায়।
স্বামীৰ নজানে অভিপ্ৰায়॥
ভাল বুলিলে কৰয় খঙ্গ।
তাইৰ সঙ্গত নিমিলে ৰঙ্গ॥
ৰৌদ্ৰত ৰান্ধে কাঠে খেৰে।
বৰ্ষাত ৰান্ধে চালে বাৰে॥

[ ১১৮ ]

পাতত যি জমে পৰিশে লো্ন।
তাইৰ ঘৰত হৰিব সোণ॥
এক বুলিলে দুগুণ বোলে।
স্বামীৰ শয্যাক পাৱেৰে ঠেলে॥
দুনাই বুলিলে কৰয় খঙ্গ।
পণ্ডিত নৰে নকৰে ৰঙ্গ॥
অতি দীৰ্ঘ ভূঁজে হোৱয় ৰাণ্ডি।
যুপগ ভূজে জনিবা বান্দী॥
পিঙ্গটা নয়নে চঞ্চলা আতি।
কেবা নয়নে কুলটা জাতি॥
যাৰ পেট পিঠি উচ্চ ললাট।
তাইক দেখিলে চাৰিবা বাট॥
স্বামী বধে মাৰে দেওৰ।
ডাকে বোলে তাইক চাৰিয়ো নৰ॥
দিনত যিজনী থাকে ঘুমাই।
স্বামীক খঙ্গত বোলে বোপাই॥
ধৰণী কাম্পে পাৱৰ ঘাই।
জানিবা সিজনী স্বামীক খাই॥
নুকছে যিজনী স্বামীৰ পাশে।
পৰমুখ চাই মুচুকাই হাসে॥
ঘৰত ঢেকি পৰঘৰে যাই।
ডাকে বোলে তাইক পৰেসে বাই।
টিক বলধা ওলাই মাটি।
মাক ভালে জীয়েক জাতি॥
পৰ ঘৰ হন্তে ৰাখিব নাৰী।
তেবেসে ধৰ্ম্মক ৰাখিবে পাৰি॥
যিজনী নাৰী অতি দুৰে যাই।
সিজনী সতীৰ ধৰ্ম্ম নপাই॥
কথা কহিতে তোলয় হাসি।
ডাকে বোলে আমি ভাল নভাবি॥

[ ১১৯ ]

ধুবুনী মালিনী নটি গোৱালী।
সদা পৰিহাস বচন তালি॥
যাৰ কোন কথা হাসিয়ে সাৰ।
ডাকে বোলে সেই দুষ্টাক ছাৰ॥
ঘৰে ছুলি মেলি বান্ধে বাহিৰে।
অল্প ছুলি ফালি বান্ধয় শীৰে॥
ঘৰ ছাৰি যাই পৰৰ ঘৰ।
ডাকে বোলে দুষ্টা জানিবি নৰ।
বাটে ঘনে ঘনে উলতি চাই।
পৰ পুৰুষত থাকে অভিপ্ৰায়॥
পলকে আহে পলকে যাই।
ডাকে বোলে তাইক নিদিবা ঠাই॥
মানুহ নহলে গাৱষ গীত।
পৰ পুৰুষত থাকয়ে চিত॥
অল্প কৰি লই ওৰণী।
লাসে লাসে যাই সেই দুৰ্জ্জনী॥
তাইক নুবুলিবা নাৰীত সতী।
যি জনী সততে পৰত ৰতি॥
সততে হাসি মুখত কৰে।
ডাকে বোলে তাইক নপৈবা ঘৰে॥
যি জনী দিনত নিদ্ৰাক যাই।
স্বামীয়ে দণ্ডিলে দোষে নপাই॥
যত কাৰ্য্য কৰে কাতো নুপুছে।
ডাকে বোলে তাইক মনে নুৰুছে॥
ওচৰত পুখুৰী দূৰক যাই।
পৰৰ আশায়ে বাটক চাই॥
বাণ্ডি হুই কৰে ভোগক ইছা।
ৰাতি ফুৰি মাতে দিনত মিছা॥
পৰত খুজিয়া গুৱাক খাই।
ডাকে বোলে ভাল নহৱে তাই॥

[ ১২০ ]

আৰ দৃষ্টি কৰি হাসিয়া চাই।
অবসৰ পাইলে বাজক ধাই॥
যি নাৰী বাৰীয়ে কৰয় বাট।
যুৱতী হুই বেহাই হাট॥
চল চাই চাই দেখাৱে স্তন।
ডাকে বোলে বেশ্যাৰ জানিবা মন॥
বাৰিষাত জাপি এৰিয়া যাই।
পানী বুলি সিতো গৰাসে খাই॥
শিয়াপাত লৈ খাই দুগুণ।
ডাকে বোলে সি্তো নিশ্চয় অবোধ॥
যিজনী আলাস সূতাৰ কাজে।
প্ৰভাতে দেখি গোহালি মাজে॥
ডাকৰ কথা সদায়ে আচৰা।
হৰি হৰি বুলি সংসাৰে তৰা॥


পৰিত্যাগ কথন।

তিনি নাৰী যাৰ একেটী স্বামী।
তাক পৰিহৰ বোলোহো আমি॥
পৰিহৰ সততে পৰ অন্ন আশ।
পৰিহৰ শূন্য নগৰে নিবাস॥
পৰিহৰ শুকটী মৎস্যৰ জোল।
পৰিহৰ অসতী জনৰ ৰোল॥
পৰিহৰ মন্দিৰ সমুখে বাট।
পৰিহৰ যুবতী যি কৰে হাট॥
পৰিহৰ যতনে নিদাৰুণী মাৱ।
পৰিহৰ মন্দিৰ যদি ফটাপাৱ॥
পৰিহৰ গুৱা কৰে বুন বান।
পৰিহৰ নৃপতি যদি নাই গুণ॥

[ ১২১ ]

পৰিহৰ অতি ধনী বান্ধৱৰ সুখ।
পৰিহৰ ব্যঞ্জন বাসিব সুখ॥
পৰিহৰ কিৰিষি যদি নদী পাৰে।
পৰিহৰ নাৰীত ৰতি থাকে যাৰে॥
পৰিহৰ দুতৰ গ্ৰামত বাস।
পৰিহৰ দুষ্ট তনয়ৰ আশ॥
পৰিহৰ কড়ি যদি নাই হাট।
পৰিহৰ ছাতি বিনা চলে যিতো বাট॥
পৰিহৰ পুখুৰীৰ পিচলা ঘাট।
পৰিহৰ কৃষি মধ্যে যদি বাট॥
পৰিহৰ বৃদ্ধ বয়সত কাশ।
পৰিহৰ দন্তৰ বিহিনে সবে আশ॥
পৰিহৰ দম্ভ মেঘৰ মালা।
পৰিহৰ গ্ৰীষ্মত মেঘৰ শালা॥
পৰিহৰ অন্য দেৱতাৰ আশ।
ধৰ হৰি পাৱে কৰি বিশ্বাস॥

⸺⸺

কৃষি লক্ষণ।

হলােৱা লবা বিভাৰ মুৱা।
দোভাগ নিশাত বিচাৰে গুৱা॥
শত ভাতি কৰ পঞ্চাশ।
দয়ে বামে কৰিয়া চাষ॥
ছাঁত আহিবি ছাঁত যাবি।
তেবে ভাত আতি খাবি॥
তেঁও যদি নহয় শালি।
তেবেসে পাৰিবা ডাকক গালি॥
কি কৰিব চাহ পুৰণা ।
যদি কৰে বতৰ কেনা॥

[ ১২২ ]

ৰদে বৰখুণে সমে যাই।
তেবেসে কৃষিৰ লাভক পাই॥
মাঘি সপ্তমীত বৰিযে দেৱ।
বেহা এৰি কৰা নাঙ্গল সেৱ॥
এক মন কৰি ধৰিবা ডাটি।
তেবেসে নাই কৃষিৰ ঘাটি॥
ৰবি ৰবিসুত ভুমি নন্দনে।
মাঘৰ আঁওসী তৃতীয়া দিনে॥
ইহাতে উত্তৰা যেবে পাই।
অৱশ্যে জানিবা আহু হৰাই॥
ফাগুণৰ শেষে চৈত্ৰ প্ৰবৰ্ত্তে, ধেই হৱে বাৰ।
আকে শিতলী, শনিৰে পাতলি, ধুলি এন্ধাৰ॥
সোমে বহু জল,
কৃষিৰ বিফল ডাকৰ বচন সাৰ।
যদি হোৱে বুধ, বিৰচতি শুক্ৰবাৰ,
মেদিনী নসহে শস্যৰ ভাৰ॥
মাহ সৰিয়হ কপাহ বাঁহ।
চাৰিকো খালে নাহিকে আশ
যত লাভ পাই সৰিয়হ মাহে।
তত লাভ পাই কলা কপাহে।
যথাত কলা কপাহৰ বাৰী।
তথাত সুভিয়া সকল নাৰী॥
কলা কপাহ আৰ্জিব দূৰ।
ওচৰত ভৈলে দোষ প্ৰচুৰ॥
পুবে ৰেণু পশ্চিমে ছায়া।
সেহিসে শস্য ভ্ৰমৰ কায়া।
যেবে কৃষিক কৰিবা আশ।
তেবে নকৰিবা শাওণত চাষ॥
আহাৰ শাওণত নকৰে ধান।
তাহাৰ কৃষিত কিমত মন॥

[ ১২৩ ]

যদি স্বামী জন দিঠিকৰ হয়।
তেবেসে কৃষিৰ ফল সিজয়।
শীত সৰিয়হ মিত মাহ।
শৰণত নাকাটি বেত বাঁহ॥
ভাদৰ চাৰি আহিনৰ চাৰি।
মাহ বৰ যিমান পাৰি॥
শীত সৰিয়হ মীত মাহ।
গণ্ড যোগত নুৰুইবা বাঁহ॥
তিনি হাত তিনি মুঠি, কোৰৰ নাল।
আঠাৰ মুঠিয়া টোকোন ভাল॥
কাচি খন্তিৰ দুটা মুঠি।
এহি বুলি ডাক গৈলন্ত উঠি॥

——

বৃষ লক্ষণ।

গৰু কিনিবা চিকণ জালি।
দুই চাৰি ছয় দন্তীয়া ভালি॥
হৰিণৰ সমান জিহ্বা কাণ।
হেন বলদ বিচাৰি আন॥
বলদ কিনি বহু বুজিয়া।
বাচি সুধিবা ধোবা তেলিয়া॥
দহ চাৰিত সোধা পোছা।
তেবেসে কিনিবা বলধ গোটা॥
ছয় নব দন্তী ভাগ্যেসে পায়।
সাত দন্তীক দেখি পলাই॥
গাঁৱৰ বলদ নিকটৰ ভুঁই।
ইহাক নেৰিবা জানন্তা হুই॥
জিকাৰু বিছাৰি কিনিবা গাই।
সৰু মুই পাঁচ ডাঙ্গৰী চাই॥

[ ১২৪ ]

নেজ টকা সৰু মূৰ।
লাওমুৰা হলে তেজিবা দূৰ॥
বিছা নেজিয়া কলিয়া চুটা।
কিনিবা বিছাৰি বলদ গোটা॥
যাৰ নাই ধাৰ ঋণ।
সি গৃহস্থে বুঢ়া গৰু কিন॥
বলদক ভাই নিদিবা দুখ।
তাহাতে আছে ভাতৰ সুখ॥
গৰু কিন চিত পাখৰ।
তাক মেলিবা একে আখাৰ॥
টকা নেজা ঠুটৰী চুটি।
সেইটো জানিবা গৰিয়া গুটি।
শৰখীৰাৱে পীয়ে পানী।
গোমচকৰিয়াক ঘৰলৈ নানি॥
তালজুৰিয়া বৱে হাল।
ভাতে নাতে সৰ্ব্বতি কাল॥
গৰু কিনিবা নিঘুণ বগা।
বোলন্ত ডাকে মই হওঁ লগা॥
গৰু কিনিবা দীঘল নেজা।
মৈত উঠিলে নহয় কুজা।
শিঙ্গ ভগা গৰু নুযুৰি হালে।
ৰঙ্গা বৰণীয়াক যুৰিয়ো হালে॥
কাল বলদক যতনে যুৰি।
আযুৰিব জোৰা দুই ডামুৰি॥
যদি হালে হৱে নাঙ্গল ভঙ্গ।
বৎসৰত তাৰ নিমিলে ৰঙ্গ॥
তাত যদি গোৱে যোন্ত চিৰে।
মাৰে গৃহস্থক অতিশয় পীড়ে॥*॥

[ ১২৫ ]

জ্যোতিষ প্ৰকৰণ।

মেঘত আদিত্য তুলাতে খোৰ।
যিমত ভৌম নাহিকে জোৰ॥
বৃষত চন্দ্ৰ অংশকে পাই।
চতুৰ্দ্দোলে সিতো গাৱ ঘেলাই।
অষ্টমে ৰাহু সপ্তমে ৰোহিত।
তৰঙ্গা ভুমিত হৰাৱে বিত॥
একড়া কড়িয়ো নুহুইৰে ঘৰে।
সৰ্ব্বকালে তাক খাইবে পৰে॥
আক শনিয়া মঙ্গল সাতে।
কৰ কঙ্কালত ধৰিবে বাতে॥
ইহাক যাৰ গণিতাত পাই।
হাতভৰি তাৰ শুকাই যাই॥
দুই ভিতি শুভ মধ্যে আক।
হস্তীৰ কন্ধত দেখিবা তাক॥
জীৱন্ততে ধন জনক পাই।
মৰিলেও হোৱে স্বৰ্গত ঠাই॥
লগ্নৰ লগত শনিৰ মেলা।
সকলো কাৰ্য্যত কৰাৱে হেলা॥
সপ্তমত মঙ্গলে দেখয় যেবে।
মেঘৰ নাদত মৰিব তেবে॥
দুই ভিতি মন্দ মধ্যে লুগা।
তাৰ কোষ্টীৰ ছেদ যোগা॥
অষ্টমে ৰাহু চান্দক যেবে।
তাৰ শিৰচ্ছেদ হৈবেক তেবে॥
শৰণ লাগিলে নাসাজিব ঘৰ।
অগ্নিৰ যত ধানত খৰ॥
ৰাগ নাজানি গাই গীত।
পৰৰ নাৰীত সদায়ে চিত॥

[ ১২৬ ]

উৰে যাৰ খজাই খহু।
বোলন্ত ডাকে তিনিয়ো পহু॥
দৈইৰ পানী পহিলৰ কানি।
কায়স্থ জনৰ অপৰাণী॥
আপদ কালত সুতনী বাণী।
নাইকিয়াত কৈ ভাল মানি॥
লঘু হলু লঘুৰ সঙ্গে।
মৰিলো সপত ভঙ্গে॥
উতো বুৰু তল যাওঁ।
মিচালৈলো শাল কাঠৰ নাওঁ॥
মেষ কাকৰ তুলা মকৰ।
এই চাৰি বাশি গণিতা সাগৰ॥
হৰি হৰি দৈ তলে যাই নৈ।
আমাৰ কপালে যিভৈল সিভৈল পক্ষীগণ থাকিব কৈ॥
ডাল ভাঙ্গিলো ফল ভক্ষিলো
লাদে পুটিলো কায়।
সুবৃক্ষক আশ্ৰয় কৰিলো মৰিতেও।
নেৰাইলো দায়।
ৰে ৰে চন্দন নকৰ ক্ৰন্দন
বৰতেসে বৰ পাই।
আছিল নগৰে পশিল সাগৰে
এবে ভৈল যুৱতী সহাই॥
আঁওসীৰ প্ৰতিপদ পুৰ্ণিমাৰ ৰাতি।
মাকৰ ঘৰলৈ নষাই জী॥
হাঞ্চী জেঠি উজন্তি খালে।
মিচা মাতে সৰ্ব্বকালে॥
যাওঁকি নাযাওঁ কৰে মনত।
যাত্ৰাকৰে শনিৰ ক্ষণত॥
যদি নমৰে পাৱয় ভয়।
ফুৰন্তে ফুৰন্তে হাৰা শাস্তি হয়॥

[ ১২৭ ]

দধি মধু ঘৃত শুক্ল তণ্ডুল।
শুকুলা চামৰ শুকুলা ফুল॥
হংস দৈবজ্ঞ সুন্দৰী কন্যা।
যাত্ৰাৰ কালত সকলো ধন্যা॥
দ্বিজ মৃগ মীন দেখিয়া থৈবা।
অগ্নিৰ তৰঙ্গ বামত পাইবা॥
আগ কৰি দক্ষিণ পাও।
যৈকে লাগে তৈকে যাও॥
ক্ৰন্দন ভাল দীঘল কৰি কান্দে।
শকুনিয়ো ভাল উড়ি যাই কান্ধে॥
সুদা কুন্তো ভাল পানী লাগি যাই।
সৰ্পো ভাল ডাহিনত পাই॥
নাম অক্ষৰ দুই মাত্ৰ কৰি।
নাম স্থিৰ কৰি পুৰুষ নাৰী॥
বেদে হৰি পাইব ভাগ।
তেবে পাইব জীৱন মৰণ লাগ॥
শূন্যে একে মৰে পতি।
দুই পালে মৰে যুবতী॥
তিনি পাইলে উভয় মৰণ।
ডাকৰ এই নিশ্চয় বচন॥
যোগীৰ অক্ষৰ গ্ৰহে গণিয়া।
তিনি বাৰ লৈব সম কৰিয়া॥
বসু দিয়া তাক হৰিব ভাগ।
জীৱন মৰণ পাইব লাগ॥
চন্দ্ৰনেত্ৰে পাইব বান।
যমৰ পুৰৰ বাহুৰি আন॥
ভূত বেদ পাইব ছয়।
দিনা চাৰি পাঞ্চ মিলন হয়॥
সপ্ত শূন্য পাইব যেবে।
ৰোগীৰ কহয় তেবে॥

[ ১২৮ ]

আছন্তে বুদ্ধি কালে বিনাশিল।
নগাজাঠিয়ে ছুল বান্ধিল॥
সোমে শণি পূবে বাস।
দুটি গলে এটি নাশ।
উত্তৰে কৰিবা শঙ্কা॥
গাৰ লতি ঘটি ভৰিবা টঙ্কা॥
হেট মুণ্ড পাৱ উপৰ কৰি।
জলৰ মধ্যেত থাকিব মৰি॥
দক্ষিণে বুধে নযাই শঙ্কা।
উত্তৰে মঙ্গলে কৰিবা শঙ্কা॥
গাৰ লটি ঘটি ভৰিবা টঙ্কা॥

——

বৰ্ষালক্ষণ

যেবে জলধৰে বৰিষে ধাৰে।
তেবে কি কৰিব গণিতা কাৰে॥
তথাপিতো তিথি বাৰক চাই।
ডাকে বোলে কিছু বোলন যাই॥
আহাৰৰ নবমী শুক্লা পক্ষত।
যদি নবৰিযে ভূমি তলত॥
হাল ৰাখিয়া চিন্তিয়ো দেব।
ৰাজাৰ গৃহত কৰিও সেৱ॥
যদি বৰিষয় জলৰ কণা।
ৰঙ্গ কৰি নাচে কৃষক জনা॥
বোলন্ত ডাকে ঢিল মাটি পাই।
কান্ধত নাঙ্গল ধৰিয়ো যাই॥
মেঘক দেখিয়া হাল কোবাই।
জানা শস্য তাৰ অধিক পাই॥

[ ১২৯ ]

ডাকে বোলে কেনে ধৰণী চহ।
কঠিয়া নাঙ্গল নষ্ট কৰহ॥
মাঘ মাসত ৰোহিণী নক্ষত্ৰ
যদি নবৰিষে দেব।
হাল ডোল বেছি কৰ সব লোক
দেবী মহাদেৱক সেৱ॥
বৰ্ষা কালত বেঙ্গৰ ৰাও।
হাল গৰু লৈয়া পথাৰক ধাও॥
মাঘত ৰৌদ্ৰ বৈশাখত শীত।
চাৰি মাহ অল্প বৃষ্টি ভূমিত॥
মাঘৰ শেষত বৰিষে পানী।
অল্প বৃষ্টি আগলৈ জানি॥
উদয়ে সিন্দুৰ পচিমে কালি।
তেবেসে হৈব বৰিষণ ভালি॥
প্ৰকাশিয়া ৰবি উঠিয়া নাসে।
ডাকে বোলে বৃষ্টি হৈব আকাশে॥
ধনু মীন কন্যাত শনিৰ বাস।
হাতী ঘোৰা গৰু মানুহ নাশ॥
নহৱে নবীন পুৰাতনো নাশ।
যুদ্ধত লোক যমপুৰে বাস॥
আকাশত ভাসে পানীৰ গছা।
পৃথিবী বুড়াইব জানিবা সঞ্চা॥
ভূমিক চহিবা ডাকে বোলয়।
বীজ পাব শালী বহুত হয়॥
মেঘ কাকৰ তুলা মকৰ।
এই চাৰি ৰাশি গণিত ভিতৰ॥
ইহাত যদি উত্তৰা পাই।
গহিন বাৰিষা আহু হৰাই॥
ডাকে বোলে বাপু শুনা উপাই।
বাণিজ্যৰ ফল কৃষিতে পাই॥

[ ১৩০ ]

যি নৰে সদা কৃষিক কৰে।
বেহাৰ ফল পাইব ঘৰে।
সোণা ৰূপা কিবা কৰি।
ভাত নেখালে ভোকতে মৰি॥
হীৰা মাণিক থাকে অপাৰ।
খুদ নহলে মৰণে সাৰ॥
ধনৰ মধ্যত ধানেসে শোভন।
ধান নহলে মৰা তেতিক্ষণ॥
এতেকে কৃষিক কৰিবা-সাৰ।
দুৰ্ভিক্ষত কৃষি কৰে নিস্তাৰ॥
নাঙ্গল বলদত সবাৰে আশ।
যাৰ নাই তাৰ সকলে নাশ॥
জেঠ মাস গৈল বিনা নাঙ্গলে।
তাহাৰ কি মতে কিৰিষি ফলে॥
কিৰিষিত যদি কৰিবা মন।
হাল গৰু ৰাখি কৰা যতন॥
মাজে জান যদি যাই বহিয়া।
খাই সুখে থাক ঘৰে বসিয়া॥
ধান হলে হোৱে সবে সাম্ফল।
ধান নহলে সকলে বিফল॥
দেৰিয়া ভূমিক লৱে সুবুধি।
ঘন আলি দিবা সবাক সুধি॥
শাওনৰ কঠিয়া নহয় ধান।
আহিনৰ গোছ বিফল জান॥
আহিন কাতিত ৰাখিবা পানী।
যেনেকৈ ৰাখে ৰজাই ৰাণী॥
আলিৰ ওপৰে দিবাহা আলি।
খেতি হল বুলি জানিবা ভালি॥
কিৰিষি কৰিবা একান্ত মনে।
নফলে কিৰিষি বিনা যতনে॥

[ ১৩১ ]

গােচৰৰ নিস্ফল নকৰে কাণ।
খেতিৰ নিস্ফল পথাৰত নহয় ধান॥
লৰৰ নিস্ফল আগত আছে নৈ।
তিৰীৰ নিস্ফল পাটীত নাই পৈ॥
আহু ৰুবা খোজত বুৰি।
শালি ৰুবা বেগত জুৰি॥
আঠুৰ ওপৰে থাকে পানী।
হাতেকতে গোছ দিবা জানি॥
কৃষি ৰাখিবা বেড়ি যতনে।
সফল কৃষি মানিবা মনে॥
কৃষি কৰি ওচৰ ভাগে।
ডাকে বোলে মােৰ মনে লাগে॥
ঘন সৰিয়হ পাতল মাহ।
আৱৰণ দিবা কপাহ বাঁহ॥
তিনিশ ষাঠি জোপা ৰুবা কল।
মাসেকে পখেকে চিকুনাবা তল ॥
পাত পচলা লাভত খাবা।
ল্ঙ্কাৰ বাণিজ ঘৰতে পাবা॥
আঠীয়াত গােবৰ মনােহৰত জাবৰ।
পুৰাত খাই মালভােগত ছাই॥
সাতে পাতল পাঁচত ঘন।
ছয়ত তামােল নদন বদন॥
জালুকত গােবৰ পানত মাটি।
কলাপুলি ৰুবা তিনি বাৰ কাটি॥
তিনি শাওঁনে পান।
একে আহিনে ধান॥
পুবে হাঁহ, পচিমে ঘাঁহ।
উত্তৰে গুৱা দক্ষিণে ধুৱা॥
ডাকৰ বচন বেদৰ বাণী।
পো লগা তিৰী ঘৰলৈ নানি॥

[ ১৩২ ]

তোকো বঞ্চে মোকো বঞ্চে।
ভাল ভাল বস্তু পিতেকলৈ সাঞ্চে॥
ছাগ পাৰ পোহে হাঁহ।
দুই সীমাত 'ৰোৱে বাঁহ॥
যাৰ থাকে মহ গৰু।
ইতিনি কথাত হবা সৰু॥
যদি সৰু নোহোৱা হোৱা ঠাকুৰ।
লোকে বুলিব নিলাজ কুকুৰ॥
জাপি লাঠী টনা।
ইয়াক এৰিলে দিনতে কণা॥
শিয়ে পিয়ে লিয়ে।
এই তিনি ওপৰতে জীয়ে॥
পঢ়ে পঢ়াই ৰোৱে পান।
এই তিনি নিচিন্তে আন॥
তিৰীৰ চিকণ ওৰনি লোৱা।
গৰুৰ চিকণ হামোৰে কামোৰে খোৱা॥
কটাৰি চিকণ গুৱা।
টোপনি চিকণ পুৱা॥
ব্যঞ্জন চিকণ হালধি।
কুটনে চিকণ খাৰধি॥
লিখনে চিকণ কাপ।
বাড়ীৰ চিকণ ধাপ॥
কমাৰৰ চিকণ অস্ত্ৰ।
ধোবাৰ চিকণ বস্ত্ৰ॥
মন্ত্ৰীৰ চিকণ ৰাজ্য।
জলৰ চিকণ মৎস্য॥
খণিকৰ চিকণ লিখনি।
থাপত চিকণ ছিলনি॥
কত জন্মে পুত্ৰৱৰ্তী নাৰী।
কত জন্মে টামোলনী বাৰী॥

[ ১৩৩ ]

কত জন্মে ভাতে ভাতক খাই।
কত জন্মে পৰে পৰক বায়॥
জ্ঞানীক ভাত দিয়ে তলমুকৈ খায়।
অজ্ঞানীক ভাত দিলে চাল বাৰ চাই॥

——