পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
ডাক-ভণিতা।

কমাৰৰ কালি, খোবাৰ ৰাহি।
নটে বোলে পাক দিয়াহি॥
বাই নগলে কিহৰ লাঠি।
শাঁত নহলে কিহৰ গাষ্ঠি॥
ভাৰ্য্যা নহলে কিহৰ ঘৰ।
স্নেহ নহলে কিহৰ সোদৰ॥
বাই মৰা ভিনিহি।
কঠিয়া মৰা কিৰিষি॥
কোন সাধু কোন চোৰ চিনা বৰ টান।
বিত পালে সকলোৱে এৰিবেক মান॥
কলিৰ লোকত নথাকিব চিন।
কথাত এক কাজত ভিন॥
হেন জানি লোকে এৰিআন কাম।
কলি দোষে মুক্ত হৱা বোলা ৰাম ৰাম॥


ৰন্ধন প্ৰকৰণ।

চিত জেৰোৱা চলি কাটি।
তেবে দেখিবা জুইৰ কান্তি॥
উশাস দীৰ্ঘে দিবা ফুই।
তেহে চাবা জুইৰ মুই॥
সোকোতাৰ পাত বেশুৱাৰ ঝোল।
তেলৰ ওপৰে দিয়া আৰু তোল॥
পোৰোলা শাক ৰোহিত মাছ।
ডাকে বোলে সেই বেগুন সাঁছ॥
মাগুৰ মাছৰ চিৰকুটিয়া।
হালধি মৰিচ হিঙ্গক দিয়া॥
তৈল লোণ দিয়া কৰিব পাক।
ভাল ব্যঞ্জন বোলয় ডাক॥

১৫