পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
ডাক-ভণিতা।

নিধনীৰ ককা, বেঙ্গেনাৰ পকা,
দৰিদ্ৰৰ সোদৰৰ ভাই।
ঐকাহি দিয়োতে, গল ফাটি গৈল,
ভাই বোৱাৰীয়ে মুখ চাই॥
নষ্ট গৈল কৃষি মধ্যে হৈল বাট।
নষ্ট গৈল নাৰী বেহাই হাট॥
নষ্ট গৈল আঠুৱা ঝাপত গোৰে।
নষ্ট গৈল মাগুৰ জুইত পোৰে॥
মৰে অলপ পানীৰ মাছ।
মৰে নদী কুলৰ গাছ॥
বুঢ়া গৰুৰ শিঙ্গেই তাৰ।
ঘৰণীৰ মুখে ৰূপ যুৱাৰ॥
আলু কচু বিচাৰে বৰা।
বামুণে শগুণে বিচাৰে মৰা॥
বনুৱা ধনুৱা পঁইতা কৰকৰা।
গণকে বিচাৰে নৰিয়া পৰা॥
পাইকক পিয়ল, ভাটোক নিহল।
অন্ত্ৰক শীল, তিৰীক কিল॥
যি ধৰৰ ঘৈণী নয় নুবুজে।
সি গৃহস্থক মৰণে মজে॥
পানীৰ বাটত নহবা জগা।
দুখী কুটুমৰ নহবা লগা॥
দুষ্টা তিৰীক নিদিবা ঠাই।
বন পোঁৱাটাৰ নহবা জোঁৱাই॥
নাহালে নপৰে কিহৰ আহু।
মাত বোজ নহলে কিহৰ শাহু॥
অকাৰ্য্যত তৃন কাটে।
অনালোৱে কমাৰ শাল পাটে॥
অকাৰ্য্যত ফুৰে ৰাতি।
জুই কাষত বান্ধে গাটী॥