পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
ডাক-ভণিতা।

তেবেসে পুত্ৰৰ হৈব কুশল।
জয় হৰি বুলি কৰা মঙ্গল॥

ধৰ্ম্ম প্ৰকৰণ।

ব্ৰাহ্মণৰ পিতৃ দেৱ অৰ্চ্চন।
ক্ষেত্ৰিয় সবৰ প্ৰজা পালন॥
বৈশ্যৰ বাণিজ্য ধন আৰ্জ্জন।
শূদ্ৰৰ স্বধৰ্ম্ম নীতি সেৱন॥
তেবেসে ধৰ্ম্মক কৰিব জানি।
পুখুৰী খানিয়া ৰাখিব পানী॥
বৃক্ষ ৰোপণত অধিক ধৰ্ম্ম।
মঠ মণ্ডপ গুৰুতৰ কৰ্ম্ম॥
যিহকে দিবে তাহাকে পাই।
পৰলোকে গৈয়া বসিয়া খাই॥
অনিত্য দেহত নাহিকে আশ।
ধন জন বস্ত্ৰে কিক বিশ্বাস॥
যি জনে দিৱয় অন্নৰ সাৰী।
সিজন নই যম নগৰী॥
অন্ন জল জানা অধিক দান।
তাত কৰি নাহি শ্ৰেষ্ঠ যে আন॥
ভাল দ্ৰব্যক যেখনে পাইব।
দেৱতা দ্বিজক তেখনে দিব॥
কালিৰ ভাগক ৰাখে যিজনে।
প্ৰশংসে তাহাক ৰবি নন্দনে॥
সোণাৰ তুল্য কন্যাৰ দান।
ডাকে বোলে তাৰ স্বৰ্গেসে স্থান॥
দধি দুগ্ধ দেই অন্ন বিপুল।
ঔষধ দানত নাহিকে তুল॥
ডাকে বোলে জানা সেহিসে সাৰ।
আপুনি মৰিলে কিকৰে আৰ॥