পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
ডাক-ভণিতা।

ধুবুনী মালিনী নটি গোৱালী।
সদা পৰিহাস বচন তালি॥
যাৰ কোন কথা হাসিয়ে সাৰ।
ডাকে বোলে সেই দুষ্টাক ছাৰ॥
ঘৰে ছুলি মেলি বান্ধে বাহিৰে।
অল্প ছুলি ফালি বান্ধয় শীৰে॥
ঘৰ ছাৰি যাই পৰৰ ঘৰ।
ডাকে বোলে দুষ্টা জানিবি নৰ।
বাটে ঘনে ঘনে উলতি চাই।
পৰ পুৰুষত থাকে অভিপ্ৰায়॥
পলকে আহে পলকে যাই।
ডাকে বোলে তাইক নিদিবা ঠাই॥
মানুহ নহলে গাৱষ গীত।
পৰ পুৰুষত থাকয়ে চিত॥
অল্প কৰি লই ওৰণী।
লাসে লাসে যাই সেই দুৰ্জ্জনী॥
তাইক নুবুলিবা নাৰীত সতী।
যি জনী সততে পৰত ৰতি॥
সততে হাসি মুখত কৰে।
ডাকে বোলে তাইক নপৈবা ঘৰে॥
যি জনী দিনত নিদ্ৰাক যাই।
স্বামীয়ে দণ্ডিলে দোষে নপাই॥
যত কাৰ্য্য কৰে কাতো নুপুছে।
ডাকে বোলে তাইক মনে নুৰুছে॥
ওচৰত পুখুৰী দূৰক যাই।
পৰৰ আশায়ে বাটক চাই॥
বাণ্ডি হুই কৰে ভোগক ইছা।
ৰাতি ফুৰি মাতে দিনত মিছা॥
পৰত খুজিয়া গুৱাক খাই।
ডাকে বোলে ভাল নহৱে তাই॥