পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
অসমীয়া সাহিত্যৰ চানেকি।

ধান বনাই আনোৱাই পানী।
বোলন্ত ডাকে সিজনী ৰাণী॥
হেট মুৰিয়া গিৰী।
লেৰুৱা ওঠি তিৰী॥
সাজৰ কোবত গাজে দেৱ।
ইতিনিৰ আশয় নেপাই কেৱ॥
সৰুসূতা কাৰ্টে বৱে তাঁত।
চা চুবুৰিয়া নুশুনে মাত॥
ৰন্ধন গাৱে নলাগে কালি।
ডাকে বোলে সেই ৰান্ধনী ভালি॥
কাখত কলসি নদীক যাই।
তলমুণ্ড কৰি কাকো নচাই॥
যি পথে যাই সি পথে আসে।
ডাকে বোলে ভাল মনত ভাসে॥
কুচ্ছিত নাৰীত বাহাৰ বাস।
তাহাৰ কোন জীৱনত আশ॥
অল্প বুলিলে পাৰয় গালি।
ডাকে বোলে তাইক খেদা নিকালি॥
পৰৰ গৃহত বাহাৰ ৰাস।
তাহাৰ কোন জীৱনত আশ॥
যিতোৱে নুবুজে ৰাজ কাজ।
তাক নপঠাইবা সভাৰ মাজ॥
যি ঠাইত থাকে ৰাজ দৰ্ব্বাৰ।
পুখুৰী পাৰত সাজিবা ঘৰ॥
উঠঙ্গা কপাল বকতা স্ত্ৰী।
একোকালে তাইৰ নাহিকে শ্ৰ্ৰী॥
দিবাভাগে যোগ্য নুহিকে ৰতি।
নদীৰ পাৰক নষাইব দাতি॥
শাক গুৰুলটি দিনত বাছে।
সি ঘৰত জানিবা লখিমী আছে॥