পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
অসমীয়া সাহিত্যৰ চানেকি।

টুলুঙা নাৱৰ ওপৰে ভৰা।
বোলন্ত ডাকে তিনিও মৰা॥
কি কৰে শৰৰ শিঙ্গ।
কি কৰে খোৰাৰ ৰি্ঙ্গ॥
কি কৰে শোলাৰ হাঁহি।
কি কৰে অন্ধৰ চাহি॥
কি কৰে ঘৃতৰ ঘোল।
কি কৰে নিধনীৰ বোল॥
আঁঠত তিতা দাতত লোণ।
উদৰৰ ভৰিবা তিনি কোণ॥
চকুত পানী নাইত তেল।
বোলন্ত ডাকে সিদ্ধৰ মেল॥
আদাৰে ভোজন, শিলিখাৰে শুদ্ধি।
তেবেসে লভিবা আয়ুস বৃদ্ধি॥
যাৰ নাই তৰ্জ্জুতুল।
সি কিজানে বাণিজ্যৰ মুল॥
ৰাগৰ মিঠা বড়াৰি।
মুৰাৰ মিঠা সহাৰি॥
তিৰীৰ মিঠা স্বামী।
ডাকে বোলে বেশ্যাৰ মাততে জানি॥
লাজুকা বামুণ কহুৱা চোৰ।
জাকৰুৱা আলহি হাৰাম খোৰ॥
গাইৰ বৰ্জ্জিত ওলোমা বাহি।
স্ত্ৰীৰ বৰ্জ্জিত সঘনে তোলে হাঁহি॥
আসনৰ বৰ্জ্জিত তিনি খুৰা।
মিত্ৰৰ বৰ্জ্জিত যদি খাই সুৰা॥
নৰৰ লঘু লেপ লেপোৱা।
তিৰীৰ লঘু বাৰী বেৰোৱা॥
বনৰ লঘু বড়সীবাণ।
ৰোগৰ লঘু কুকুৰি কাণ॥