পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
অসমীয়া সাহিত্যৰ চানেকি।

নেজ টকা সৰু মূৰ।
লাওমুৰা হলে তেজিবা দূৰ॥
বিছা নেজিয়া কলিয়া চুটা।
কিনিবা বিছাৰি বলদ গোটা॥
যাৰ নাই ধাৰ ঋণ।
সি গৃহস্থে বুঢ়া গৰু কিন॥
বলদক ভাই নিদিবা দুখ।
তাহাতে আছে ভাতৰ সুখ॥
গৰু কিন চিত পাখৰ।
তাক মেলিবা একে আখাৰ॥
টকা নেজা ঠুটৰী চুটি।
সেইটো জানিবা গৰিয়া গুটি।
শৰখীৰাৱে পীয়ে পানী।
গোমচকৰিয়াক ঘৰলৈ নানি॥
তালজুৰিয়া বৱে হাল।
ভাতে নাতে সৰ্ব্বতি কাল॥
গৰু কিনিবা নিঘুণ বগা।
বোলন্ত ডাকে মই হওঁ লগা॥
গৰু কিনিবা দীঘল নেজা।
মৈত উঠিলে নহয় কুজা।
শিঙ্গ ভগা গৰু নুযুৰি হালে।
ৰঙ্গা বৰণীয়াক যুৰিয়ো হালে॥
কাল বলদক যতনে যুৰি।
আযুৰিব জোৰা দুই ডামুৰি॥
যদি হালে হৱে নাঙ্গল ভঙ্গ।
বৎসৰত তাৰ নিমিলে ৰঙ্গ॥
তাত যদি গোৱে যোন্ত চিৰে।
মাৰে গৃহস্থক অতিশয় পীড়ে॥*॥