পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
অসমীয়া সাহিত্যৰ চানেকি।

ব্ৰহ্মা হৰ আদি যতেক দেৱ।
সকলে কৰয় গঙ্গাক সেৱ॥
গয়া প্ৰয়াগ বাৰাণসী যাই।
গঙ্গাৰ স্নানত সবাকে পাই॥
ৰূপ সোণা হীৰাৰ মূল্য।
গঙ্গাৰ জলত নুহিকে তুল্য॥
বিজনে যত পাপ আচৰে।
পৰধন পৰ নাৰীক হৰে॥
যদি গৈয়া গঙ্গা স্নান কৰে।
সকলে পাতক তেখনে হৰে॥
প্ৰথমে ঘৰে উপবাস কৰি।
তীৰ্থ যাত্ৰা কৰি যাইবেক লড়ি॥
গঙ্গাৰ জলত ছাড়িলে প্ৰাণ।
হোৱন্ত মুকুতি স্বৰ্গ প্ৰধান॥
বুঝিয়া সুজিয়া বান্ধিয়া আৰি।
তেবেসে শত্ৰুক জিনিতে পাৰি॥
সাক্ষী মুখে কথা কৰাই বাজ।
যদি ধৰ্ম্ম কৰি শোধন্ত ৰাজ॥
দৃঢ় কৰি থৈব সাক্ষী সকল।
সাধিব ন্যায়ত তেৰে কুশল॥
যেবে ভাল ৰূপে সাক্ষী কহিব।
তেবেসে সভাত ন্যায়ে জিনিব॥
ডাকে বোলে আগে নিয়াই সাজ।
ন্যায়ত হাৰিলে অধিক লাজ॥
স্বধৰ্ম্ম কথাত যাৰ গোছৰ।
ভাল সাক্ষী দিয়া চাপ ওছৰ॥
সাক্ষী নৱ সাতাধিক চাৰিজন।
তিনি দুই হোৱে যেবে ব্ৰাহ্মণ॥
এক এক কৰি সুধিব কাষ।
বসিয়া ধাকিব সভাৰ মাঝ॥