পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
ডাক-ভণিতা।

গােচৰৰ নিস্ফল নকৰে কাণ।
খেতিৰ নিস্ফল পথাৰত নহয় ধান॥
লৰৰ নিস্ফল আগত আছে নৈ।
তিৰীৰ নিস্ফল পাটীত নাই পৈ॥
আহু ৰুবা খোজত বুৰি।
শালি ৰুবা বেগত জুৰি॥
আঠুৰ ওপৰে থাকে পানী।
হাতেকতে গোছ দিবা জানি॥
কৃষি ৰাখিবা বেড়ি যতনে।
সফল কৃষি মানিবা মনে॥
কৃষি কৰি ওচৰ ভাগে।
ডাকে বোলে মােৰ মনে লাগে॥
ঘন সৰিয়হ পাতল মাহ।
আৱৰণ দিবা কপাহ বাঁহ॥
তিনিশ ষাঠি জোপা ৰুবা কল।
মাসেকে পখেকে চিকুনাবা তল ॥
পাত পচলা লাভত খাবা।
ল্ঙ্কাৰ বাণিজ ঘৰতে পাবা॥
আঠীয়াত গােবৰ মনােহৰত জাবৰ।
পুৰাত খাই মালভােগত ছাই॥
সাতে পাতল পাঁচত ঘন।
ছয়ত তামােল নদন বদন॥
জালুকত গােবৰ পানত মাটি।
কলাপুলি ৰুবা তিনি বাৰ কাটি॥
তিনি শাওঁনে পান।
একে আহিনে ধান॥
পুবে হাঁহ, পচিমে ঘাঁহ।
উত্তৰে গুৱা দক্ষিণে ধুৱা॥
ডাকৰ বচন বেদৰ বাণী।
পো লগা তিৰী ঘৰলৈ নানি॥