পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
ডাক ভণিতা

ধন আশ এড়ি সুধিব সাক্ষী।
ৰাজাক তেবে ধৰ্ম্মে ফুৰে ৰাখি॥
যিজনে ধৰ্ম্মত নকহে সাক্ষী।
ডাকে বোলে তাক থৈবাহা ৰাখি॥
সত্য কৰি যদি সাক্ষী নকৱে।
যম দুতে নিয়া নৰ্কত থৱে॥
ধৰ্ম্মক এড়িয়া কহয় যেৱে।
ডাকে বোলে নৰকে পড়িবে তেবে॥
অসন্ত জন যদি হয় সাক্ষী।
শপত কৰাব তাহাক ৰাখি॥
তথাপিতো যদি অসত্য কয়।
পৰিবে নৰকে নাহি সংসয়॥
সাক্ষী মুখে যদি ভঙ্গক জানি।
মধ্যস্থ জনৰ বচন মানি॥
সাক্ষীক দেখাই ঋণক দিব।
পত্ৰত নাম লেখি ৰাখিব॥
ঋণৰ সাক্ষী যদি নাহিকন্ত।
পৰীক্ষণ কৰি তত্ত্ব বুঝিবন্ত॥
স্বামীৰ দোষত ভৃত্যৰ দণ্ড।
স্ত্ৰীৰ দোষে স্বামী লণ্ড ভণ্ড॥
ভেদ দণ্ড সাম্য কৰন্ত দান।
চাৰি ৰূপে ন্যায় কৰিয়া জান॥
বাপে পোৱে যদি কন্দল বাঝে।
পুত্ৰক দণ্ডিবে পণ্ডিত বাজে॥
শূদ্ৰ জনে যদি বধে বিপ্ৰক।
বধিব নৃপতি সিতো শূদ্ৰক॥
সজ্জনে যদি গুৰু বধ কৰে।
ভিক্ষা ভুঞ্জি ভ্ৰমে বাৰ বছৰে॥
গঙ্গাত গৈয়া যেবে স্নান কৰে।
সমস্ত পাপত তেবে নিস্তৰে॥

১৪