সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
অসমীয়া সাহিত্যৰ চানেকি

উৰে যাৰ খজাই খহু।
বোলন্ত ডাকে তিনিয়ো পহু॥
দৈইৰ পানী পহিলৰ কানি।
কায়স্থ জনৰ অপৰাণী॥
আপদ কালত সুতনী বাণী।
নাইকিয়াত কৈ ভাল মানি॥
লঘু হলু লঘুৰ সঙ্গে।
মৰিলো সপত ভঙ্গে॥
উতো বুৰু তল যাওঁ।
মিচালৈলো শাল কাঠৰ নাওঁ॥
মেষ কাকৰ তুলা মকৰ।
এই চাৰি বাশি গণিতা সাগৰ॥
হৰি হৰি দৈ তলে যাই নৈ।
আমাৰ কপালে যিভৈল সিভৈল পক্ষীগণ থাকিব কৈ॥
ডাল ভাঙ্গিলো ফল ভক্ষিলো
লাদে পুটিলো কায়।
সুবৃক্ষক আশ্ৰয় কৰিলো মৰিতেও।
নেৰাইলো দায়।
ৰে ৰে চন্দন নকৰ ক্ৰন্দন
বৰতেসে বৰ পাই।
আছিল নগৰে পশিল সাগৰে
এবে ভৈল যুৱতী সহাই॥
আঁওসীৰ প্ৰতিপদ পুৰ্ণিমাৰ ৰাতি।
মাকৰ ঘৰলৈ নষাই জী॥
হাঞ্চী জেঠি উজন্তি খালে।
মিচা মাতে সৰ্ব্বকালে॥
যাওঁকি নাযাওঁ কৰে মনত।
যাত্ৰাকৰে শনিৰ ক্ষণত॥
যদি নমৰে পাৱয় ভয়।
ফুৰন্তে ফুৰন্তে হাৰা শাস্তি হয়॥