পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
ডাক-ভণিতা।


অনিত্য দেহত নকৰা আশ।
হৰিৰ নামত কৰা বিশ্বাস॥
আক জানি সবে আলাস এৰি।
সঘনে ডাকিয়া ঘোষিয়ো হৰি॥

——

ৰাজ নীতি প্ৰকৰণ।

ডাকে বোলে বঢ়া টুটা নমাতি।
লগত ফুৰিব দিনে ৰাতি॥
তেবেসে ৰজাৰ দয়াক পাই।
ধনজন সুখ সবে মিলাই॥
যৈতে ৰজা থাকি প্ৰজাক পালে।
তহিতে বসতি কৰিবা ভালে॥
ৰজাৰ সেবাত সবাকে পাই।
দুগ্ধত যেন গুৰ মিশলাই॥
এক মন কৰি সেবিবা ৰাজ।
তেবেসে সিজিবে সমস্ত কাজ॥
দেশ কাল ভাৱ বুঝিয়া মনে।
সেবিবে ৰাজাক বহু যতনে॥
নীচৰ সঙ্গত নহৈব কথা।
একো কালো তাৰ নপাই বেথা॥
অসতি কথা লাগে খণ্ডিত।
ধৰ্ম্মক জানে মুৰ্খো পণ্ডিত॥
ফটা কঠাত উৰহ হয়।
বেশ্যা তিৰীত থাপ থয়॥
খাটিব নৃপতিৰ পাশ।
বেহা কৰিব লোকৰ শাস॥
বিহা কৰিৰ এক সুন্দৰী।
স্মৰণ কৰিব কেৱলে হৰি॥