পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
ডাক-ভণিতা।

বৈদ্য হুয়া মৰে আপুনি বিষে।
নৃপতি হুই প্ৰাক হিংসে॥
শিৰে নবন্দে মাধৱৰ পাৱ।
সবে বিড়ম্বনা জানিবা মাৱ॥
ৰান্ধন শালত নবাজে পটা।
স্নান অবসানে নভৈল ফোঁটা॥
শীতকালে যাৰ নভৈল বস্ত্ৰ।
যুদ্ধ সময়ত ধুকাইল অস্ত্ৰ॥
যজ্ঞ অবসানে নাই দক্ষিণা।
বোল ডাকে পাঞ্চো বিড়ম্বনা॥
অসতীৰ সুখ নাহি একো কালে।
দুগ্ধক ভাল নেদেখে মতোৱালে॥
চোৰে ভাল নেদেখে চন্দ্ৰৰ জ্যোতি।
দুষ্টা স্ত্ৰীৰ নাই পুত্ৰত ৰতি॥
জুইক দৃষ্টি সূৰ্য্যক পিঠি।
মাহক খুতি কৰাইক মুঠি॥
ছাইত পড়িলে গত হয় নষ্ট।
দন্তহীন হৈলে গঢ় হোৱে ভ্ৰষ্ট॥
বাঘ চাব লাগিলে বোন্দাকে চাবা।
ভাল মানুহ চাব খুজিলে আলিলৈ যাবা॥
চিত লো খণ্ডে গঢ়ে কুঠাৰ।
বক্ৰ ভাৰত কৰা ব্যৱহাৰ॥
উৰুখা ঘৰত ৰাৰিখা থাকে।
যুবতী কন্যাক ঘৰত ৰাখে॥
আতু গ্ৰাসে খায় ভাত।
ধৰুৱা গৃহস্থক নিদিয়ে মাত॥
চোৰে এৰে কৰে সঙ্গ।
ইতিনিৰ জানিবা ভঙ্গ।
তিৰুতাৰ গৰু ৰখা দেখিবলৈ কুচিত।
মুনিৰ তাত ৰন্ধা মৰণ উচিত।