পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাক-ভণিতা।

ডাক-ভণিতা।

জন্ম প্ৰকৰণ।

এক দিন ডাকে লভিলা।
ভুমিত পৰিয়া মনে গুণিলা॥
দেখে অন্ধকাৰ প্ৰদীপ নাই।
চক্ষু টেৰ কৰি মাৱক চাই॥
প্ৰসৱ দূঃখত মাতৃ অসুখ।
চক্ষু মেলি চাই পুত্ৰৰ মুখ॥
ওচৰৰ দুই তিৰী আসিয়া।
জলাৱে অগ্নিক তুৰে ফুকিয়া॥
পিৰিক পাৰাক কৰে আগুণ।
নালাগে দেখিয়া উঠয় খঙ্গ॥
হেন দেখি পাচে মাতিলা ডাক।
পোঁৱাতী ৰাখিয়া চা পুতাক॥
একে কাঠে লাড়ি চাৰি।
দুই কাঠে ফুপাৰি॥
তিনি কাঠ কৰি এক।
যেনে লাগে তেনে সেক॥
ধুৱাই মুৱাই কোলে লৈবে তেবে।
ভালে ভালে ফুল পৰিল যেবে॥
জয় ধ্বনি কৰি নাড়ি কাটিব।
দৃঢ় বুদ্ধি কৰি নাভী বান্ধিব॥
গোবৰ খুটি সচলু কাঠ।
সেকিলে নাড়ী নোহে অনাথ॥