পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
ডাক-ভণিতা।

বাপে পোৱে ক্ষৌৰ কৰ্ম্ম কৰি
মঙ্গলে খাবা কড়াই।
আঠে পখে খাবা তিতা
যমে থাকিব ডৰাই॥
যি ঘৰত অতিথি পূজা নকৰে।
লখিমী নাথাকে তাহাৰ ঘৰে॥
প্ৰতি দিনে যিতো বিপ্ৰক ভুঞ্জাই।
তাহাৰ জানা সাফলে আয়ু যায়॥
গৃহিনী হৈয়া বোলে কটুৰ।
আয় নাজানি কৰে ব্যয় প্ৰচুৰ॥
ওলাই গৈ নাসে সে কালে।
দুষ্টা স্ত্ৰী বোলে ডাক গুৱালে॥
যি গৃহিনীৰ আউল কেশ।
কন্দল কৰে বিপৰীত বেশ॥
অল্প খাই পেলাই প্ৰচুৰ।
ডাকে বোলে তাইক কৰিও দূৰ॥
কন্দল শুনিলে বাহিৰে যাই।
নাচনী শুনিলে সত্বৰে ধাই॥
সে নাৰীৰ সঙ্গে যি কৰে বাস।
তাহাৰ কোন জীৱনত আশ॥
অতিথি দেখিলে খঙ্গেৰে চাই।
সি জনী মৰিলে নৰকে ঠাই॥
ভাল বস্তু পাইলে আপুনি খাৱে।
যমদুতে তাইৰ মুখ নচাৱে॥
যি গৃহিণী নুবুজে ন্যায়।
স্বামীৰ নজানে অভিপ্ৰায়॥
ভাল বুলিলে কৰয় খঙ্গ।
তাইৰ সঙ্গত নিমিলে ৰঙ্গ॥
ৰৌদ্ৰত ৰান্ধে কাঠে খেৰে।
বৰ্ষাত ৰান্ধে চালে বাৰে॥