পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
ডাক-ভণিতা।

ডাকে বোলে কেনে ধৰণী চহ।
কঠিয়া নাঙ্গল নষ্ট কৰহ॥
মাঘ মাসত ৰোহিণী নক্ষত্ৰ
যদি নবৰিষে দেব।
হাল ডোল বেছি কৰ সব লোক
দেবী মহাদেৱক সেৱ॥
বৰ্ষা কালত বেঙ্গৰ ৰাও।
হাল গৰু লৈয়া পথাৰক ধাও॥
মাঘত ৰৌদ্ৰ বৈশাখত শীত।
চাৰি মাহ অল্প বৃষ্টি ভূমিত॥
মাঘৰ শেষত বৰিষে পানী।
অল্প বৃষ্টি আগলৈ জানি॥
উদয়ে সিন্দুৰ পচিমে কালি।
তেবেসে হৈব বৰিষণ ভালি॥
প্ৰকাশিয়া ৰবি উঠিয়া নাসে।
ডাকে বোলে বৃষ্টি হৈব আকাশে॥
ধনু মীন কন্যাত শনিৰ বাস।
হাতী ঘোৰা গৰু মানুহ নাশ॥
নহৱে নবীন পুৰাতনো নাশ।
যুদ্ধত লোক যমপুৰে বাস॥
আকাশত ভাসে পানীৰ গছা।
পৃথিবী বুড়াইব জানিবা সঞ্চা॥
ভূমিক চহিবা ডাকে বোলয়।
বীজ পাব শালী বহুত হয়॥
মেঘ কাকৰ তুলা মকৰ।
এই চাৰি ৰাশি গণিত ভিতৰ॥
ইহাত যদি উত্তৰা পাই।
গহিন বাৰিষা আহু হৰাই॥
ডাকে বোলে বাপু শুনা উপাই।
বাণিজ্যৰ ফল কৃষিতে পাই॥