পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
অসমীয়া সাহিত্যৰ চানেকি

যি নৰে সদা কৃষিক কৰে।
বেহাৰ ফল পাইব ঘৰে।
সোণা ৰূপা কিবা কৰি।
ভাত নেখালে ভোকতে মৰি॥
হীৰা মাণিক থাকে অপাৰ।
খুদ নহলে মৰণে সাৰ॥
ধনৰ মধ্যত ধানেসে শোভন।
ধান নহলে মৰা তেতিক্ষণ॥
এতেকে কৃষিক কৰিবা-সাৰ।
দুৰ্ভিক্ষত কৃষি কৰে নিস্তাৰ॥
নাঙ্গল বলদত সবাৰে আশ।
যাৰ নাই তাৰ সকলে নাশ॥
জেঠ মাস গৈল বিনা নাঙ্গলে।
তাহাৰ কি মতে কিৰিষি ফলে॥
কিৰিষিত যদি কৰিবা মন।
হাল গৰু ৰাখি কৰা যতন॥
মাজে জান যদি যাই বহিয়া।
খাই সুখে থাক ঘৰে বসিয়া॥
ধান হলে হোৱে সবে সাম্ফল।
ধান নহলে সকলে বিফল॥
দেৰিয়া ভূমিক লৱে সুবুধি।
ঘন আলি দিবা সবাক সুধি॥
শাওনৰ কঠিয়া নহয় ধান।
আহিনৰ গোছ বিফল জান॥
আহিন কাতিত ৰাখিবা পানী।
যেনেকৈ ৰাখে ৰজাই ৰাণী॥
আলিৰ ওপৰে দিবাহা আলি।
খেতি হল বুলি জানিবা ভালি॥
কিৰিষি কৰিবা একান্ত মনে।
নফলে কিৰিষি বিনা যতনে॥