পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
ডাক-ভণিতা।

পৰিহৰ অতি ধনী বান্ধৱৰ সুখ।
পৰিহৰ ব্যঞ্জন বাসিব সুখ॥
পৰিহৰ কিৰিষি যদি নদী পাৰে।
পৰিহৰ নাৰীত ৰতি থাকে যাৰে॥
পৰিহৰ দুতৰ গ্ৰামত বাস।
পৰিহৰ দুষ্ট তনয়ৰ আশ॥
পৰিহৰ কড়ি যদি নাই হাট।
পৰিহৰ ছাতি বিনা চলে যিতো বাট॥
পৰিহৰ পুখুৰীৰ পিচলা ঘাট।
পৰিহৰ কৃষি মধ্যে যদি বাট॥
পৰিহৰ বৃদ্ধ বয়সত কাশ।
পৰিহৰ দন্তৰ বিহিনে সবে আশ॥
পৰিহৰ দম্ভ মেঘৰ মালা।
পৰিহৰ গ্ৰীষ্মত মেঘৰ শালা॥
পৰিহৰ অন্য দেৱতাৰ আশ।
ধৰ হৰি পাৱে কৰি বিশ্বাস॥

⸺⸺

কৃষি লক্ষণ।

হলােৱা লবা বিভাৰ মুৱা।
দোভাগ নিশাত বিচাৰে গুৱা॥
শত ভাতি কৰ পঞ্চাশ।
দয়ে বামে কৰিয়া চাষ॥
ছাঁত আহিবি ছাঁত যাবি।
তেবে ভাত আতি খাবি॥
তেঁও যদি নহয় শালি।
তেবেসে পাৰিবা ডাকক গালি॥
কি কৰিব চাহ পুৰণা ।
যদি কৰে বতৰ কেনা॥

১৬