পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
ডাক-ভণিতা।

জ্যোতিষ প্ৰকৰণ।

মেঘত আদিত্য তুলাতে খোৰ।
যিমত ভৌম নাহিকে জোৰ॥
বৃষত চন্দ্ৰ অংশকে পাই।
চতুৰ্দ্দোলে সিতো গাৱ ঘেলাই।
অষ্টমে ৰাহু সপ্তমে ৰোহিত।
তৰঙ্গা ভুমিত হৰাৱে বিত॥
একড়া কড়িয়ো নুহুইৰে ঘৰে।
সৰ্ব্বকালে তাক খাইবে পৰে॥
আক শনিয়া মঙ্গল সাতে।
কৰ কঙ্কালত ধৰিবে বাতে॥
ইহাক যাৰ গণিতাত পাই।
হাতভৰি তাৰ শুকাই যাই॥
দুই ভিতি শুভ মধ্যে আক।
হস্তীৰ কন্ধত দেখিবা তাক॥
জীৱন্ততে ধন জনক পাই।
মৰিলেও হোৱে স্বৰ্গত ঠাই॥
লগ্নৰ লগত শনিৰ মেলা।
সকলো কাৰ্য্যত কৰাৱে হেলা॥
সপ্তমত মঙ্গলে দেখয় যেবে।
মেঘৰ নাদত মৰিব তেবে॥
দুই ভিতি মন্দ মধ্যে লুগা।
তাৰ কোষ্টীৰ ছেদ যোগা॥
অষ্টমে ৰাহু চান্দক যেবে।
তাৰ শিৰচ্ছেদ হৈবেক তেবে॥
শৰণ লাগিলে নাসাজিব ঘৰ।
অগ্নিৰ যত ধানত খৰ॥
ৰাগ নাজানি গাই গীত।
পৰৰ নাৰীত সদায়ে চিত॥