পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
অসমীয়া সাহিত্যৰ চানেকি

তোকো বঞ্চে মোকো বঞ্চে।
ভাল ভাল বস্তু পিতেকলৈ সাঞ্চে॥
ছাগ পাৰ পোহে হাঁহ।
দুই সীমাত 'ৰোৱে বাঁহ॥
যাৰ থাকে মহ গৰু।
ইতিনি কথাত হবা সৰু॥
যদি সৰু নোহোৱা হোৱা ঠাকুৰ।
লোকে বুলিব নিলাজ কুকুৰ॥
জাপি লাঠী টনা।
ইয়াক এৰিলে দিনতে কণা॥
শিয়ে পিয়ে লিয়ে।
এই তিনি ওপৰতে জীয়ে॥
পঢ়ে পঢ়াই ৰোৱে পান।
এই তিনি নিচিন্তে আন॥
তিৰীৰ চিকণ ওৰনি লোৱা।
গৰুৰ চিকণ হামোৰে কামোৰে খোৱা॥
কটাৰি চিকণ গুৱা।
টোপনি চিকণ পুৱা॥
ব্যঞ্জন চিকণ হালধি।
কুটনে চিকণ খাৰধি॥
লিখনে চিকণ কাপ।
বাড়ীৰ চিকণ ধাপ॥
কমাৰৰ চিকণ অস্ত্ৰ।
ধোবাৰ চিকণ বস্ত্ৰ॥
মন্ত্ৰীৰ চিকণ ৰাজ্য।
জলৰ চিকণ মৎস্য॥
খণিকৰ চিকণ লিখনি।
থাপত চিকণ ছিলনি॥
কত জন্মে পুত্ৰৱৰ্তী নাৰী।
কত জন্মে টামোলনী বাৰী॥