মইনাহঁতলৈ মজা মজা সাধুকথা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 
 

[  ]
 

মইনাহঁতলৈ
মজা মজা
সাধু কথা

 

ৰত্নেশ্বৰ বৰা

 

কৌস্তুভ প্ৰকাশন
নিউ মাৰ্কেট, ডিব্ৰুগড়-০১

 

[  ]
 

Moinahataloi Moja Moja Sadhu Katha is a book of folk tales for children composed by Shri Ratneswar Bora and published by Gayatree Boruah on behalf of Kaustubh Prakashan, Dibrugarh-01. Printed at Kaustubh Printers, Milan Nagar, Dibrugarh-03


Price : ₹100/-

 

মইনাহঁতলৈ মজা মজা সাধু কথাঃ ৰত্নেশ্বৰ বৰাৰ সাধু সংকলন। কৌস্তুভ প্ৰকাশন, নিউ মাৰ্কেট, ডিব্ৰুগড়ৰ হৈ শ্ৰীমতী গায়ত্ৰী বৰুৱাৰ দ্বাৰা প্ৰকাশিত আৰু কৌস্তুভ প্ৰিন্টাৰ্ছ্‌, মিলন নগৰত মুদ্ৰিত।

 

প্ৰথম প্ৰকাশঃ এপ্ৰিল, ২০২১ খ্ৰীষ্টাব্দ।

 

© গ্ৰন্থস্বত্বঃ লেখক
প্ৰচ্ছদ /স্কেচঃ ইণ্টাৰনেট

 

[  ]

 

শুভাশিস

১৮/০৪/২০২১


প্ৰাণাধিক
মৰমৰ গুঞ্জ্‌ (শ্ৰেয়স্ শিৱাংগ বৰা),


তোমাৰ জীৱনৰ কাহিলী পুৱাৰ
প্ৰথম বাৰ্ষিক জন্মদিনত
সেই যে দুখনি হাত গোল গোল
গুজি দিলোঁ এপাহি ফুল আমোলমোল
এটি সৰগীয় তৰাৰ সন্ধানত ...।


ইতি
তোমাৰ
ককা যি ককা
ৰত্নেশ্বৰ বৰা

 

[  ]
 

অকণিহঁতলৈ বুলি...


 অকণিহঁত, এই সৰু কিতাপখনত তোমালোকলৈ বুলি এমুঠি মৌ মিঠা সাধু আগবঢ়ালোঁ। সাধুবোৰ পঢ়ি চাবাচোন। তোমালোকৰ কুমলীয়া মনৰ লগত খাপ খোৱাকৈ সাধুবোৰ যুগুতোৱা হৈছে। কয় নহয় ‘কুঁহিপাত কুমলীয়া গছৰ আগত/কুঁহিপাঠ কুমলীয়া আমাৰ হাতত’। তোমালোকে পঢ়িলেই গম পাবা প্ৰতিটো সাধুতে পৰোপকাৰ, দয়া, ক্ষমা, অহিংসা আদি মহৎ গুণবোৰ ফুটি উঠিছে। জীৱনত উজলি উঠিবলৈ তোমালোকেও এই গুণবোৰ আয়ত্ত কৰিবলৈ যত্ন কৰিবা। ইফালে প্ৰতিটো সাধুৰ লগতে কিছু ব্যাকৰণৰ প্ৰশ্নও আছে। সেইবোৰ অনুশীলন কৰিবা দেই।

 আৰু এটা কথা আছে পাই। ইয়াত থকা আটাইকেইটা সাধু ‘দৈনিক অসম’, ‘দৈনিক জনমভূমি’, ‘মুকুতা’ আদি কাকত আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছিল। তোমালোকেও সাধু কথা, মহৎলোকৰ জীৱনী, কবিতা আদি লিখি কাকত-আলোচনীলৈ পঠাবা কিন্তু, ক’লো একা। মই পঢ়িবলৈ পাব লাগিব।

 কিতাপখন প্ৰকাশ কৰা কাৰণে কৌস্তুভ প্ৰকাশনলৈ মোৰ কৃতজ্ঞতা জনালোঁ। ইতি


‘অ’ উপ-পথ
পশ্চিম মিলন নগৰ  ৰত্নেশ্বৰ বৰা
ডিব্ৰুগড়—৭৮৬০০৩ ভ্ৰাম্যভাষ ৮৪৮৬২০৭১৪২
তাৰিখঃ ২২

 

[  ]
 

শিৱ-পাৰ্বতী আৰু এটা শিয়ালৰ সাধু

 

 এখন হাবিত এটা শিয়াল আছিল। তেতিয়াৰ দিনত শিয়ালবিলাকে যেনিয়ে-তেনিয়ে পিন পিনাই ফুৰিছিল। সেই যে ‘হুৱা-হুৱা, ক্যায়া হুৱা, ৰাজা হুৱা’ সাধুটো মনত নাই জানো? আজিকালি কিন্তু শিয়াল দেখিবলৈকে নাইকিয়া হ’ল। মানুহ যে ইমান নিষ্ঠুৰ, খেদি খেদি শিয়াল মাৰে।

 তাৰ পিছত কি হ’ল জানা? এদিন শিয়ালটোক ভোকে শানে কটাদি কাটিছে। গোটেইখন বিচাৰি চলাথ কৰিও সি ক'তো খুদকণ এটাও মুখত দিবলৈ পোৱা নাই। তেনেতে এঠাইত সি মৰা ঘোঁৰা এটা দেখিলে ৷ গতিকে তাৰ বাবে গাখীৰতে ম'হৰ খুঁটি। সি ঘোঁৰাটোৰ পেটৰ ভিতৰৰ কোমল নাৰী-ভুৰুবোৰ প্ৰথমে দকচি কচি খাবলৈ ধৰিলে৷ খাই খাই সি পেটৰ ভিতৰলৈ সোমাই গ'ল। সেইদিনা ভীষণ চোকা ৰ’দ দিছিল। ঘোঁৰাটোৰ ছালচটা ৰ'দত চেপেটা লাগিল। বপুৰা শিয়ালটো ওলাব নোৱৰা হৈ মহা পয়মাল ঘটিল। তেনেতে সেইপিনে শিৱ আৰু পাৰ্বতী কথা পাতি পাতি ফুৰিবলৈ গৈছিল।

 “মোৰ ৰাজ্যত কোনে কথা পাতিছে?'—শিয়ালে ক’লে।

 ‘আমি শিৱ আৰু পাৰ্বতী’—ভগৱান শিৱই ক’লে।

 “তোমালোক শিৱ-পাৰ্বতী নহয়, মোক ভুচুং পহু সজাইছা’—শিয়ালে ক'লে।

 ‘সইত সইত, তিনি সইত খাইছোঁ। আমিয়েই শিৱ-পাৰ্বতী’—শিৱই ক’লে।

 ‘তেন্তে বৰষুণ এজাক দি দেখুওৱা। তেহে সঁচা-মিছা প্ৰমাণ [  ]

হ'ব?'—শিয়ালে ক'লে।

 মুহূৰ্ততে শিৱই এজাক বৰষুণ দিয়ালে। মৰা ঘোঁৰাৰ ছালখন কোমল হ’ল। শিয়ালটো ওলাই ভিৰাই লৰ মাৰিলে। বন্য প্ৰাণীবোৰৰ ভিতৰত শিয়াল সঁচাই বৰ ধূৰ্ত। অকণিহঁত, তোমালোকে ভিৰাই লৰ মৰা, ভুচুং পহু সজোৱা, ভোকে শানে কটা, গাখীৰতে ম'হৰ খুঁটি—এই জঁটুৱা ঠাঁচকেইটাৰে একোটা বাক্য ৰচনা কৰিবা। নোৱাৰিলে ছাৰ, বাইদেউৰাক সুধি ল’বা।

(দৈনিক অসম, গুৱাহাটী, ৩১ জুলাই, ২০১৬ চন)

[  ]
 
 

জলদস্যু, মইনা চৰাই আৰু
সেউজীয়া অৰণ্যৰ সাধু

 


 অকণিহঁত, মইনা চৰাইৰ সুললিত মাত তোমালোকে নিশ্চয় শুনিছা। নুশুনিলেও আচৰিত হ'ব লগা একো নাই। কাৰণ, গছ থাকিলেহে মইনাই তাতে পৰি সুমধুৰ গীত জুৰিব। বাগিকুঠাৰ মাৰি আমাৰ অৰণ্যৰ বুকু তহিলং কৰা নাই জানো? কিন্তু এসময়ত আমাৰ চৌপাশ গছ-গছনিৰে ভৰি আছিল। সেই কাৰণে মইনা চৰাইও য’তে-ত’তে দেধাৰ আছিল। সেই কাৰণে মানুহৰ নাম থৈছিল ‘মইনা’, ‘মইনাজান’, ‘মইনামতী’ ইত্যাদি। ঠাইৰ নাম থৈছিল মইনাপাৰা, মইনাগুৰি ইত্যাদি। ভূপেনদায়ো গাইছিল, ‘মইনাজান, মইনাজান ..।

 এতিয়া মইনা চৰাইৰ সাধু এটা কওঁ শুনা। সূৰ্যদ্বীপ নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ অধিপতি মাংলু আৰু তেওঁৰ চৰ্দাৰসকল। এদিন সেই ৰাজ্যত এটা জলদস্যুৰ প্ৰৱেশ ঘটিল। বপুৰাৰ হাতত এটা মইনা চৰাই। চৰাইটোৱে হিয়া শাঁত পৰাকৈ গীত গাব পাৰে। জলদস্যুৱে মাংলু আৰু তেওঁৰ চৰ্দাৰহঁতক মইনা চৰাইটোৰ দৰে গীত গাবলৈ ক'লে। তেওঁলোকে নোৱাৰিলে, ঠোঁট-মুখ চেলেকিলে। জলদস্যুৱে আটাইকেইজনকে বন্দী কৰিলে আৰু কলখোৱা ধাতু বাজ কৰাৰ ভাবুকি দিলে। তেনেতে, চৰ্দাৰৰ ল'ৰা-ছোৱালীকেইটাই জলকুঁৱৰীৰ সহায়ত এখন সেউজীয়া চালে চকুৰোৱা উদ্যান পাতিলে। উদ্যানত মইনা চৰাইটোৱে আপোনমনে প্ৰাণ খুলি গান গালে। জলদস্যুৱে বুজিলে যে প্ৰাকৃতিক [  ]

পৰিৱেশেৰেহে হৃদয় জিনিব পাৰি, হিংসাৰে নহয়। তেওঁ মাংলু, চৰ্দাৰ আৰু মইনা চৰাই⸺আটাইকে মুকলি কৰি দিলে। অকণিহঁত, তোমালোকে ‘বাগিকুঠাৰ মৰা’, ‘তহিলং কৰা’ এই খণ্ডবাক্যকেইটাৰে একোটা বাক্য ৰচনা কৰিবা। নোৱাৰিলে ছাৰ-বাইদেউৰাক সুধি ল’বা।

(দৈনিক অসম, গুৱাহাটী, ১০ জুলাই, ২০১৬ চন)

[ ১০ ]
 

(মিজো পাহাৰৰ সাধু)

বান্দৰ আৰু দোলনা

 

 পুৰণি দিনৰ কথা। এটা বান্দৰে এখন অৰণ্যত এখন দোলনা সাজি লৈছিল। বান্দৰবিলাক এনেও বৰ বুধিয়ক, মানুহৰ পূৰ্ব পুৰুষহে। তাৰ পিছত কি হ’ল জানা?

 বান্দৰটোৱে সেই দোলনাখনতে দুলি দুলি ধেমালি কৰে আৰু গায়—আহাঁ বতাহ আঁহা/উত্তৰ দিশৰপৰা আহাঁ.../ মোৰ কাষলৈ আহাঁ।

 এদিন তেনেদৰে বান্দৰটোৱে গান গাই খেলি আছে। তেনেতে তাৰ চকুযোৰ তিৰবিৰাই উঠিল। সি দেখিবলৈ পালে যে ক’ৰবাৰপৰা ভালুক এটা তাক লক্ষ্য কৰি আহি আছে। ভালুকটোৱে তাক ক’লে—‘তোমাৰ দোলনাখনত দুলিবলৈ মোৰ বৰ মন গৈছে।’

 তেতিয়া বান্দৰটোৱে ক'লে—‘ঠিক আছে ভালুক মোমাইদেউ। দুলিবলৈ ইচ্ছা কৰিছা যেতিয়া দোলা। কিন্তু তুমি যিহে গধূৰ, ভয়হে লাগে পাই। মই ওপৰলৈ গৈ চাই আহোঁগৈ ৰছীডাল ঠিক হৈ আছেনে নাই। ছিগিবলৈ হ’লে সৰ্বনাশ হ’ব। তোমাৰ কলখোৱা ধাতু বাজ হ’ব।’

 দোলনাখনৰ ৰছী দুডাল আছিল দুডাল লতা। গতিকে সি ওপৰলৈ উঠি গৈ এডাল লতা দাঁতেৰে কামুৰি ছিগোঁ ছিগোঁ কৰি থৈ আহিল। তাৰ পিছত তললৈ নামি আহি ভালুকটোক ক’লে, ‘মোমাই, এতিয়া তুমি দুলিব পাৰা, সকলো ঠিকে আছে।’

 কথামতেই কাম। বপুৰা ভালুকে দোলনাত বহি দুলি দুলি বান্দৰে গোৱা গানটোকে জুৰিছে—‘আহাঁ, বতাহ আহাঁ ...।’ তেনেতে ঘটিল নহয় পয়মালটো। লতাৰে তৈয়াৰী ৰছী ছিগি বেচেৰা ভালুকটো ধা-উ-প্‌কৈ মাটিত পৰি কেঁকাবলৈ ধৰিলে। [ ১১ ]

 এথেকেচা ভালকৈ পাই ভালুকে দাঁত-মূৰ কৰচি বান্দৰটোলৈ চোঁচা ল’লে। বান্দৰে বােলে, ‘মােমাই কি কৰা, কি কৰা। তুমি পৰা শুনি মইতাে তােমাক সহায় কৰিবলৈকে আহিছোঁ। খং নকৰিবা। মই তােমাৰ খােৱাৰ যােগাৰ কৰোঁ। তুমি খাব পাৰিবানে?’

 ভালুকে ক’লে, ‘কিয় নােৱাৰিম? আনগৈ যা।’

 চকুৰ পচাৰতে বান্দৰে কিছু খােৱা বস্তু যােগাৰ কৰি আনিলে। আনি ভালুকক কলে—‘মােমাই, খােৱা বস্তু আনিছোঁ; কিন্তু দিবলৈ বাচনহে নাই। তােমাৰ পেটৰ ছালখনকে কোঁচাই দিয়া, তাতে ঢালি দিওঁ, খাই শান্তি পাবা।’

 ভালুকে তাৰ পেটৰ ছালখন কোঁচাই খােৰােং এটা কৰি দিলে। বান্দৰে তাতে বাঘৰ মাংসৰ গৰম আঞ্জা ঢালি দিলে। যন্ত্রণাত গগন ফালি ভালুকটো তাৰ পৰা গুচি গ’ল।

 অকণিহঁত, তােমালােকে চকুৰ পচাৰতে, গগন ফলা, কলখােৱা ধাতু বাজ হােৱা—এই খণ্ড বাক্যকেইটাৰ অৰ্থ শিকি একোটা বাক্য ৰচনা কৰিবাহঁক। নােৱাৰিলে ছাৰ, বাইদেউৰাহঁতক সুধি ল’বা ৷◆

(দৈনিক অসম, গুৱাহাটী, ৩ জুলাই, ২০১৬ চন)

[ ১২ ]
 

(মিজো পাহাৰৰ সাধু)

দুজন ককাই-ভাই আৰু উৰণীয়া ঘোঁৰা

 

 এখন গাঁৱত ছুৰা আৰু নহায়া নামৰ দুই ককাই-ভায়ে একেলগে বাস কৰিছিল। দুই ককাই-ভাই নলে-গলে লগা বন্ধুৰ দৰে। পৰস্পৰে ছাঁটোৰ দৰে লাগি ফুৰে। তেওঁলোকৰ গাঁৱৰ ওচৰতে পৰ্বত এখন আছিল। পৰ্বতখনলৈ বেছি দূৰ নহয়, ধৰা তামোল এখন খোৱা পৰৰ বাট।

 তেওঁলোকে অহুকাণে-পহুকাণে শুনিবলৈ পালে বোলে পৰ্বতৰ টিঙত এটা বগা উৰণীয়া ঘোঁৰা আছে। মন গ’লেই ঘোঁৰাটোৱে পাখি মেলি চৰাইৰ দৰে আকাশত বিচৰণ কৰি ফুৰে। দুই ককাই-ভায়ে মনতে থিৰাং কৰিলে উৰণীয়া ঘোঁৰাটো ধৰি ঘৰলৈ আনি পোহ মনাব লাগিব। কথা মতেই কাম। গ’ল দুই ককাই-ভাই ঘোঁৰাটো বিচাৰি। সেইমতে পালেগৈও। ঘোঁৰাটো তেতিয়া ঠিক উৰোঁ উৰোঁ হৈছে আৰু হাতত সাৰে ভৰিত সাৰে দুয়ো ককাই-ভাই আগবাঢ়ি গ'ল। ঘোঁৰাটোৰ পাছ ঠেং দুখনত ছুৰাই খামোচ মাৰি ধৰিলে। নাহায়াই কি কৰিলে জানা? ছুৰাৰ কঁকালতে গবা মাৰি ধৰিলে। ঘোঁৰাও যে আৰু। দুয়োকে লৈ আকাশত উৰিবলৈ ধৰিলে। অলপ পৰৰ পিছত ছুৰাৰ কঁকাল বিষ হ’ল নহয়। নহ’বনো কিয়? এই কাণসমনীয়া ভায়েক নাহয়া কঁকালত চীনা জোক লগা দি লাগি আছে। ইফালে, বিজুলী বেগেৰে ঘোঁৰা আকাশত উৰি আছে, ধেমালি কথা? তেহে বোলে, ‘নাহায়া, তুমি মোৰ কঁকাল এৰি দিয়া, ঘোঁৰাটোৰ বাকী দুখন ঠেঙত ধৰা, সুবিধা হ’ব।" ক’ত মানে নাহায়াই? বোলে, ‘আকাশত সেইবোৰ সালসলনি কৰি বাটৰ কচু গাত ঘঁহি ল'ম কিয়? এনেকৈয়ে হ’ব।’ ছুৰাই তিনিবাৰ ক'লে, নাহায়াই কেট্‌-কুট নকৰিলে। ছুৰাই হাত এৰি দিলে। দুয়ো ধাউম্‌কৈ আকাশৰপৰা মাটিত সৰি পৰিল। লগে লগে দুয়ো শেষ। গতিকে, মানুহে [ ১৩ ]

লােকৰ সু-পৰামর্শ শুনিব লাগে। অকণিহঁত, তােমালােকে ‘তামােল এখন খােৱা পৰ’, ‘নলে-গলে লগা’, ‘চীনা জোক লগাদি লগা’, ‘বাটৰ কচু গাত ঘঁহি লােৱা’—এই জতুৱা ঠাঁচকেইটাৰ অর্থ শিকি একোটা বাক্য ৰচনা কৰিবা। সাধুটো পঢ়ি কি শিকিলা বাৰু?

(দৈনিক অসম, গুৱাহাটী, ২০ নৱেম্বৰ, ২০১৬ চন)

[ ১৪ ]
 

টুপী পিন্ধা বান্দৰৰ সাধু

 

 এখন চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত এজন দুখীয়া মানুহে বাস কৰিছিল। ঘৰত মানুহজনী আৰু তোমালোকৰ দৰে এমাডিমা ল'ৰা-ছোৱালীকেইটা। চলে কেনেকৈ? বয়-বস্তুৰ যিহে জুই ছাই দাম—বজাৰলৈ সোমালেই বেজাৰ লাগে। হ'লেও, কিবা এটাতো কৰি খাবই লাগিব। চৰাইটোৱেও ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াইহে পোক-পৰুৱা এটা খাইছে।

 গতিকে মানুহজনে সৰু সুৰা ব্যৱসায় এটাত ধৰিলে। তেওঁ টুপী বেচিবলৈ ধৰিলে। ঘৰে ঘৰে, ৰাস্তাই-পদূলিয়ে টুপী বেচাই তেওঁৰ কাম। ৰাতিপুৱাই ৰঙা চাহ এটোপা আৰু কিবা এমুঠি পেটত পেলাই দিনৰ দিনটো টুপী বেচি ফুৰে। ‘লাগি থাকিলে মাগি খাব নালাগে’ বুলি কথা এষাৰ আছে নহয়, সেয়াই। মানুহজনে কাকো দিবও নোৱাৰে, কাৰো ওচৰত হাত পাতিবলৈও নাই। তাকে যেনিবা মহাদেৱ ভিক্ষালৈ নগ'লে টেকেলী কাটি। এদিন যদি টুপী বেচিবলৈ নগ’ল বা কেনেবাকৈ যদি টুপীৰ হৰণ-ভগন হ’ল, তেওঁৰ ভালেকেইটকামান হানি হয়। গাটো চেংচেঙাই যায়। আওপকীয়াকৈ পৰিয়ালটোৰ মূৰত ৰামটাঙোন পৰে। তেৱোঁ কিনি অনা বস্তুহে। বাৰীৰ গছত লগা নাই নহয়। হয়নে নহয়? তাৰ মাজতে দুই-এটা টুপী কেতিয়াবা বাঘৰ আগতেল খোৱা কোনোবা ল’ৰাই চিলনীয়ে থাপ মাৰি নিয়াদি নিনিয়াও নহয়, নিয়ে পাই। কিন্তু তেনেকুৱা কৰিব নাপায়। কষ্টৰ পইচা। ঈশ্বৰে দেখিব। মানুহজনে ৰাগিয়াল বস্তু নাখায়, মিছা কথা নকয়, কাকো ঠগ-প্ৰবঞ্চনা নকৰে আনৰ অনিষ্ট সাধন নকৰে, ঘৰত বা [ ১৫ ]

চুবুৰিত হাই-কাজিয়া কৰি পৰিৱেশ বিনষ্ট নকৰে—নিজে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছে।

 গতিকে, তেওঁৰ পৰা আমি কিয় বস্তু ডকা-হকা দি চুৰ কৰি নিব লাগে? সেইবিলাক বেয়া কথা, বতৰা জানা? পাৰিলে দুপইচা দি সহায়হে কৰিব লাগে। তাৰপাছত এদিনৰ কথা। মূৰত এটা টুপী ভৰ্তি পাচি। একেবাৰে গোবৰ্ধন পৰ্বতৰ সমান। টিকা ফটা ৰ'দৰ পৰা ৰক্ষা পাবলৈ মানুহজনে নিজেও এটা টুপী পিন্ধি লৈছে। সেই উপজি পুৱাৰ পৰা ভৰ দূপৰলৈকে টুপী বেচি বেছি বাটে বাটে, ঘৰে ঘৰে হলং হলং ঘূৰি ফুৰিছে। এঠাইত পথৰ কাষত গছ এজোপা পালে। গছজোপাৰছাঁতে মানুহজন বহিল। টুপীৰ পাচিটো কাষতে থ’লে। ঘৰৰপৰা লগত অনা চিৰা আৰু পানী অলপ খালে। [ ১৬ ] তাৰ পাছত গছজোপাত আউজি তেওঁ অকণমান জিৰাব খুজিলে। হ’ল বুলিনো কিমাননো আৰু গেবাৰি খাটিব, দেহাটোক কষ্ট দিব? মানুহজনৰ কেতিয়ানো টোপনি গ'ল, নিজেই গম নাপালে—ঠিক পঢ়ি থাকোঁতে থাকোঁতে তোমালোকৰ টোপনি যোৱাৰ দৰে। মাৰাই আহি ভাত খাবলৈ জগাই দিব নালাগে জানো? এনেয়ে কয়নে—টোপনিয়ে মৰণে সমান বুলি?

 বেলি কাটি হ’লত মানুহজনে সাৰ পালে। কাণ্ড দেখি মানুহজনৰতো তালু সৰে জিউ যোৱা অৱস্থা। পাচিত এটাও টুপী নাই। জেপত নাই এটা ফুটা কড়ি। ক'লৈ গ'ল, গল কলৈ? ওপৰলৈ চাই দেখে বান্দৰৰ এটা পৰিয়াল। চাৰি-পাঁচটামান বান্দৰ হ’ব। প্ৰত্যেকৰে মূৰত একোটা টুপী। কাৰণ মানুহজনে নিজেও এটা টুপী পিন্ধি থকা সিহঁতে দেখিলে। তেওঁ এটা বুদ্ধি খটুৱালে। নিজৰ পিন্ধি থকা টুপীটো দূৰলৈ দলিমাৰি দিলে। তাকে দেখি বান্দৰকেইটাইও নিজৰ নিজৰ টুপীবোৰ সোলোকাই দলিমাৰি দিলে। মানুহজনে টুপীকেইটা চপাই বুটলি ললে। কিন্তু এপাচি টুপীৰ বাকী টুপীবিলাক আৰু জেপৰ পইচাখিনি কি হ’ল? তেওঁ বেজাৰ মনে ঘৰমূৰা হ’ল। অলপ দূৰ গৈ এখন পথাৰত এজাক ল’ৰাই ক্ৰিকেট খেলি থকা দেখিলে। কোনোবা টেণ্ডুলকাৰ, কোনোবা বিৰাট কোহলী, দ্ৰাবিড় আৰু অনেক। প্ৰত্যেকৰে মূৰত টুপী। গেলেৰীত বহি খেল উপভোগ কৰি থকাকেইজনৰ হাতত কোকাকোলা, লিম্‌কাৰ বটল। মইনাহঁত, বুজিলা নহয়—আচল বান্দৰ কোন? তোমালোকে এনেকুৱা নকৰিবা দেইবা। সাধুটোত থকা ফকৰা-যোজনাবিলাক বাছি উলিয়াবাচোন। গোবৰ্ধন পৰ্বত কি জানানে?

(দৈনিক জনমভূমি, গুৱাহাটী, ৭ আগষ্ট ২০১৩)

[ ১৭ ]
 
 

(গাৰোসকলৰ সাধু)

নিগনি আৰু শিয়াল

 

 এখন হাবিত বহুত নিগনি আছিল। তাৰে এটা নিগনি বাকীবোৰতকৈ বেছি জ্ঞানী আছিল। তাৰ লগৰ নিগনিবোৰক কেনেদৰে নেতৃত্ব দিব লাগে। সি ভালকৈ জানিছিল। সিহঁতে তাৰ কথা মতে চলিছিল। গতিকে নিগনিবিলাকে তাক সিহঁতৰ মুখিয়াল নিৰ্বাচন কৰিলে।

 এদিন এটা শিয়াল ভোকত কলমলাই হাবিত পিনপিনাই ফুৰিছিল। হঠাতে ইমানজাক নিগনি তাৰ চকুত পৰিল। গতিকে কোনে পায় তাক! নিগনি জাক মাৰি কেনেকৈ ভক্ষণ কৰিব পৰা যায়, সি তাৰে উপায় চিন্তা কৰিলে। সি এটা উপায় বিচাৰি পালে। নিগনিবিলাক থকা ঠাই টুকুৰাৰ কাষৰে এঠাইত সি তাৰ এটা ঠেং দাঙি, মুখখন মেলি, আকাশৰ ফালে চাই বহি থাকিল।

 সন্ধ্যা বেলি পৰোঁ পৰোঁ হৈছে। দিনটো আহাৰৰ সন্ধান কৰি নিগনিবিলাক সিহঁতৰ থকা ঠাইলৈ উভতিছে। সিহঁতে তেনেতে সেই অৱস্থাত শিয়ালটো দেখিলে। সিহঁততো আচৰিত হ’বৰে কথা। সিহঁতৰ মুখিয়াল নিগনিটো আগবাঢ়ি গ'ল আৰু সুধিলে, ‘আপোনাৰ নাম কি?’

 ‘মোৰ নাম দেৱতা।’

 ‘আপুনি পিছে এটা ঠেং দাঙি আছে কিয়?’

 ‘মই যদি মোৰ চাৰিওটা ঠেং মাটিত থওঁ, পৃথিৱীয়ে মোৰ ভৰ সহিব নোৱাৰিব আৰু ই কঁপিব।’ [ ১৮ ]  ‘আপুনি মুখখন কিয় আকাশৰ ফালে কৰি আছে?’

 ‘মই সূৰ্যক পূজা আৰু প্ৰাৰ্থনা কৰিছোঁ।’

 ‘আপুনি মুখখন মেলি ৰাখিছে কিয়?’

 ‘মই এনেকৈয়ে বতাহ মোৰফালে টানিছোঁ। মই বতাহ খাই ইমান দিন জীয়াই আছোঁ।’

 তেতিয়া মুখিয়াল নিগনিটোৱে লগৰবোৰক ক'লে, ‘এই শিয়ালটো আচলতে এজনা দেৱতা। আমি প্ৰত্যেক পুৱা-গধূলি তেওঁক পূজা কৰা উচিত।’

 এইদৰে প্ৰত্যেক পুৱা-গধূলি নিগনিবিলাকে শিয়াল দেৱতাক পূজা কৰিবলৈ আহে। কিন্তু শিয়াল দেৱতাই পূজা দিবলৈ অহা প্ৰত্যেকটো নিগনিকে থাপ মাৰি ধৰি খাই থয়। গতিকে দিনক দিনে নিগনিৰ সংখ্যা কমি আহিবলৈ ধৰিলে। মুখিয়াল নিগনিটোৱে কথাটো টং কৰিলে আৰু ভাবিলে, ‘নিশ্চয় কৰবাত কিবা এটা গণ্ডগোল হৈছে। গোমৰ ফাঁক বাজ কৰিব নোৱাৰিলে ময়ো এইখন চুৰিয়া নিপিন্ধো। ক'ৰ পানী কলৈ যায় চাওঁচোন।’ সি এদিন বগুৱা বাই শিয়ালে নেদেখাকৈ ওচৰতে এলেং পৰ দি থাকিল। সি দেখিবলৈ পালে যে পূজা দিবলৈ অহা নিগনিৰূপী ভক্তসকলক শিয়াল দেৱতাই থাপ মাৰি ধৰি বোন্দা থেকেচা দি উদৰস্থ কৰিছে।

 তাৰ পাছত শিয়ালটোৱে যেতিয়া আগৰদৰেই এটা ঠেং ওপৰলৈ তুলি, আকাশমুৱা হৈ ৰ'ল, খঙত একো নাই হৈ মুখিয়াল নিগনিটোৱে জাঁপ মাৰি শিয়ালৰ ডিঙিতে ধৰি একেকোবে শ্বাস নলীডাল ছিঙি দিলে। থিতাতে শিয়াল দেৱতাৰ কলখোৱা ধাতু বাজ হৈ গল। আটাইবিলাক নিগনি চাপি কুচি আহিল আৰু শিয়ালৰ শটো নেফা-নেফ কৰিলে।

 এটা কথা সত্য যে কোনোবাই কাৰোবাক মূৰ্খ সজাই এটা নিৰ্দিষ্ট সময়লৈকেহে ঠগি ঠগি খাব পাৰে, কিন্তু অনন্ত কাললৈ নোৱাৰে। কথাতে কয়—বুৰে প্ৰতি শেলুক নহয়। মইনাহঁত তোমালোকে শেলুক চিনি পোৱানে? নোপোৱা যদি শিক্ষক সুধি ল’বা।

(দৈনিক জনমভূমি, গুৱাহাটী, ১০ জুলাই, ২০১৩)

[ ১৯ ]
 

এজন অহংকাৰী ৰাজকুমাৰৰ সাধু

 

 মইনাহঁত, কথাটো বহুত দিনৰ আগৰ কথা দেই। তেতিয়াৰ দিনত ৰজাৰ ইচ্ছাই আছিল আইন। যি মন যায় খুচিমতে কৰিব পাৰে। মন কৰিলেই চন।

 এখন দেশত তেনে এজন ৰজা আছিল। ৰজা আৰু ৰাণী দুয়ো মিলি ৰাজ্য শাসন কৰাৰ লগতে গৃহ-সংসাৰো ধুনীয়াকৈ পৰিচালনা কৰিছিল। ৰাজসুখ বুলি যে কথা এটা আছে সেয়া তেওঁলোকৰ ক্ষেত্ৰতে ষোল্ল অনাই খাটে। একদম জয় জয়, ময় ময়।

 পিছে, ৰজাৰাণীৰ মনত তাৰ মাজতে এটা ডাঙৰ দুখে অনবৰতে কোঁটকোৰা গছৰ কাঁইটে বিন্ধাদি গেজেক্‌ গেজেক্‌ বিন্ধি আছিল। ইয়াৰ কাৰণটো কি আছিল জানা? তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল। সেয়ে তেওঁলোকৰ মনত দুখ। মন মাৰি থাকে। পাছত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ'ল। ৰজা-ৰাণীৰ আনন্দই হিয়া নধৰা হ'ল। ৰজাই দৈৱৰ ওচৰত পুত্ৰৰ কোষ্ঠী দশা নিৰ্ণয় কৰালেগৈ। দৈৱই কোষ্ঠী দশা গণনা কৰি বিধান দিলে যে যুৱৰাজৰ ভৱিষ্যৎ অতি উত্তম, মাত্ৰ ব্যাঘ্ৰ ভয় আছে। অৰ্থাৎ বাঘৰপৰা সাৱধান হৈ চলিব, অন্যথা প্ৰাণ নাশ হ'ব পাৰে। একলা একলাকৈ শুক্লপক্ষৰ জোনৰ দৰে ৰাজকুমাৰ ডাঙৰ হ'ল। ৰজা ৰাণী পুত্ৰক লৈ খুব সাৱধান। কেনিও তেনেকৈ পিংপিঙাই ফুৰিবলৈ নিদিয়ে, তোমালোকে যেনেকৈ গৰমৰ বন্ধৰ মাহত ফুৰিছিলা। জানোচা বাঘে আক্ৰমণ কৰিব, সেইটোৱেই ৰজা ৰাণীৰ ভয়। বুকু ঢিপিং ঢিপিং। এদিন সেই অঞ্চলত এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ ওলাই বহুত মানুহ আৰু গৰু-ছাগলী হতাহত কৰিলে। ৰজাৰ বুকু বাজিল। জানোচা পুত্ৰকো আক্ৰমণ কৰে। গতিকে তৎক্ষণাৎ পাৰিষদবৰ্গক লৈ বাঘটো চিকাৰ কৰি আনি ৰাজপ্ৰাসাদৰ চোতালত পেলাই দিলেহি। ঢেৰ মানুহে মৃত বাঘটো চালেহি। ৰাজকুমাৰেও চালেহি আৰু অহংকাৰত ওফন্দি ক'লে, ‘তই এইখন মুখেৰেই মোক খালিহেঁতেন। [ ২০ ]

আজি মজা পালি। হোঁ, মইও দিছে এসেকা।' এই বুলি কৈ ৰাজকুমাৰে তেওঁৰ সোঁভৰিটোৰে খুব জোৰেৰে মৃত বাঘটোৰ মুখতে এক থিয় গােৰ শােধাই দিলে। পিছে হিতে বিপৰীত হ'ল। সেই যে বাঘৰ মুখত জোং জোং শক্তিশালী দাড়িবােৰ আছে, বিন্ধিলে নহয় ৰাজকুমাৰৰ ফুলকুমলীয়া ভৰিত আৰু সেয়াই তেওঁৰ বাবে কাল হল। ভৰি গেলি পুনপুনীয়া দিলে। তাৰ পাছত সমস্ত শৰীৰলৈ বীজাণু বিয়পি এদিন ৰাজকুমাৰে চিৰদিনৰ বাবে চকু মুদিলে। দেখিলা, দৈৱজ্ঞৰ ভৱিষ্যৎ বাণী কেনেকৈ ফলিয়ালে। গতিকে কেতিয়াও কোনাে কথাত অহংকাৰ নকৰিবা। অহংকাৰ অপকাৰী ৰিপু । লগতে কৈ থ’লোঁ—বন্য প্রাণীক মৰম কৰিবা, হিংসা নকৰিবা। সিহঁতৰাে জীয়াই থকাৰ অধিকাৰ আছে। হিংসাৰ বশৱৰ্তী হৈ ৰজাই বাঘ হত্যা কৰিলে আৰু পৰিণামত পুত্ৰক হেৰুৱালে। মইনাহঁত কোটকোৰা কাঁইট চিনি পােৱানে ? যিজোপা গছত বান্ধি জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়া হৈছিল, গছজোপা কি আছিল জানানে? নাজানা যদি তােমালােকৰ শিক্ষক-শিক্ষয়িত্রী, ছাৰ বাইদেউক সুধিলে ল’বা। লগতে জয়মতীৰ বিষয়ে দহােটা বাক্য লিখিবাচোন দেই।

(দৈনিক জনমভূমি, গুৱাহাটী, ১০ অক্টোবৰ, ২০১৩)

[ ২১ ]
 

নিগনি আৰু মেকুৰী

 

 এখন অৰণ্যত এজোপা প্ৰকাণ্ড গছ আছিল। গছজোপাৰ গুৰিৰ খোৰোং এটাত নিগনি এটাই বাস কৰিছিল। নিগনিও বুলি বৰ বুধিয়ক নিগনি। গছজোপাত কিছুমান চৰাইয়ে দিন-ৰাতি একাকাৰ কৰি থাকে। তাৰে দুই-এটা থপিয়াই খোৱাৰ আশাত ক'ৰবাৰপৰা মেকুৰী এজনীও আহি তাতে থাকিবলৈ ল'লে। পয়মালটো ঘটিল সেইখিনিতে। মেকুৰীজনীৰ ভয়ত নিগনিটোৱে কেনিও কেঁত-কুত কৰিব নোৱৰা হ’ল। দেখিলেই একে জাঁপে ধৰিব। ইয়াৰ মাজতে নাটকীয় ঘটনা এটা ঘটিল। গছৰ গুটিবোৰ তলত পৰি থাকে, খাবলৈ অন্য কিছুমান চৰাই আহে। ব্যাধো কম নহয়। চৰাইৰ মঙহৰ আশাত গছৰ তলত জাল পাতি থয়। মেকুৰীজনীৰো কি যে জুইলগা কপাল! পৰিল নহয় এদিন জালত। ওলাব পৰা নাই বেচেৰী। তাকে দেখি নিগনিৰ কি স্ফূৰ্তি। জালত মঙহ এডোখৰ লাগি আছিল। মেকুৰীজনীকে দেখুৱাই সি ধুমধাম তপালি পাৰি খাবলৈ ধৰিলে। ইফালে, মেকুৰী বাইটিৰ ক'লৈ যাওঁ গোপাল, ক'লৈ যাওঁ কৃপাল লাগিছে। ব্যাধে আহি পালে একে মাৰে থ'ব। কলখোৱা ধাতু বাজ কৰিব। এইবাৰ নিগনিক পায় কোনে। ভাবিলে—সুবিধাটো লোৱাহে কথা। সুবিধা সদায় নাহে। মেকুৰীজনীক ক’লে—‘মাহী, তোমাৰ বিপদ দেখি মোৰ দুখ লাগিছে। শুনা, তোমাক মই বচাম—কিন্তু এটা চৰ্তত। মুক্ত হৈ তুমি মোক খাব নোৱাৰিবা আৰু ফেঁচা, চিলনী, শেন আদি মোৰ শত্ৰুবোৰৰপৰা মোক সদায় ৰক্ষা কৰিব লাগিব। মেকুৰীয়ে বোলে হেৰ’ মোক যেতিয়া মাহী বুলিছ, তই মোৰ ভাগিন। ভাগিনলৈ মাহীৰ কিমান মৰম জগতে জানে। তইনো আৰু নতুনকৈ ক’ব [ ২২ ]

লাগেনে? সইত, সইত তিনি সইত খাইছোঁ—তই মোক বচা, ময়ো তোক ফেঁচা, চিলনী আদিৰপৰা বচাম। তই এক তিলো চিন্তা নকৰিবি। তই কিন্তু সোনকাল কৰ, ব্যাধে আহি পালে মোৰ ফালে বাৰ বাজিব। নিগনিয়ে ফটাফট তাৰ জোঙা দাঁতেৰে জালখন কুটি দিলে। বেচেৰী মেকুৰীজনী লগে লগে মুকলি হল—তাইৰ তেতিয়াহে হুঁচ আহিছে। ৰক্ষা, এইবাৰলৈ। ৰক্ষা। তাই কিন্তু নিগনিটোৰ প্ৰতি বিশ্বাসঘাতকতা নকৰিলে। নিগনি মেকুৰীৰ প্ৰিয় খাদ্য। তথাপি, সেইবোৰ ভাব মেকুৰীজনীয়ে মনলৈ নানিলে, বৰঞ্চ ফেঁচা, চিলনী, শেন আদি শত্ৰুবোৰৰপৰা নিগনিক সদায় ৰক্ষা কৰি থাকিল। তাৰ মাজতে এদিন কি ভাবি জানো মেকুৰীজনীয়ে নিগনিক ক'লে, ‘ভাগিন, ব’ল আজি মোৰ ঘৰলৈ যাওঁ। মোৰ ল'ৰা-ছোৱালীকেইটাই তোক চাবলৈ বৰ ইচ্ছা কৰিছে অ’।’ নিগনিয়ে বোলে—‘মাহী, নিমন্ত্ৰণৰ বাবে ধন্যবাদ। পিছে, মইহে তোমাৰ ঘৰলৈ যাব নোৱাৰিম, কাৰণ—বিশ্বাস-অবিশ্বাস,শত্ৰু-মিত্ৰ, এইকথাবোৰ স্বাৰ্থ থকালৈকে। স্বাৰ্থ কমি আহিলে বিশ্বাসবোৰ অবিশ্বাস হয়, মিত্ৰবোৰ শত্ৰু হয়। গতিকে, বেয়া নাপাবা, মই নাযাওঁ।’ বেচেৰী মেকুৰীজনীয়ে গালে-মুখে হাত দিলে।

 সাধুটো পঢ়ি তোমালোকে কি শিকিলা—সেই বিষয়ে অন্ততঃ চাৰি শাৰী লিখিবাচোন দেই।

(দৈনিক অসম, গুৱাহাটী, ২৭ আগষ্ট, ২০১৭)

[ ২৩ ]
 

এটা তিনিমুখীয়া সাপৰ সাধু

 
 এজন দুৰ্দান্ত সাহসী বীৰ আছিল। ভয়-সংশয় বুলি কোনো কথা নাই তেওঁৰ। তেওঁলোকৰ ঘৰৰপৰা কিছু দূৰৈত এখন নৈ আছিল। মানুহৰ মাজত এটা বিশ্বাস আছিল যে নৈখনত নামি গা ধুলে পানীয়ে জুই হৈ মানুহক পুৰি পেলায়। বীৰৰ মনত অপাৰ খু-দুৱনি উপজিল। যাওঁচোন নৈখনত নামি গা ধোওঁগৈ—এনে ভাব। মাকে বোলে—‘নালাগে দেই বোপাই। আওমৰণে মৰিবগৈ নালাগে। ল'ৰা এটাহে আমাৰ।’ পুতেকো সাত ঘাটৰ চেঙেলী। নাকটো মোহাৰি বুদ্ধি এটা পাঙি ক’লে বোলে মই নৈত নামি গা নোধোওঁ নহয়। পাৰৰপৰা চাম, গুচি আহিম। এই বুলি মাকক আভুৱা-ভাঁৰি বীৰ পুৰুষ গুচি গ'ল। লগত অৱশ্যে লগুৱা এজনো লৈ গ'ল। যথা সময়ত নৈৰপাৰতে কাপোৰ সলাই নৈত নামি বপুৰাই উৰাই-ঘূৰাই গা ধুবলৈ লাগি গ'ল। পিছে, অলপ পিছতে নৈৰ পানীৰ পৰা এক প্ৰকাণ্ড সৰ্পৰাজৰ উৎপত্তি হ’ল। সৰ্পৰাজৰ এখন দুখন নহয়—তিনিটা মূৰত তিনিখন মুখ। মুখেদি ভমক ভমক জুই বাহিৰ হৈছে। খাওঁ খাওঁ মূৰ্তি। এতিয়াহে উৰহী গছৰ ওৰটো বিচাৰি পালে আমাৰ বীৰ পুৰুষে। এই সৰ্পৰাজে জুইৰ ভয় দেখুৱাই মানুহবোৰ ধৰি নি পৰ্বতৰ গুহাত লুকুৱাই থয়গৈ। তাৰ সেইটোৱেই চখ্‌। ‘ৰহ, তোকো দি আছোঁ।'—এইবুলি তেওঁ পাৰলৈ উঠি আহি ধনু-কাঁড় লৈ চকুৰ পচাৰতে সৰ্পৰাজৰ এটা মূৰ ছেদ কৰি পেলালে। বাকী দুটা মূৰো গ'লহেঁতেন, কিন্তু সৰ্পৰাজে বৰকৈ মিনতি কৰিলত প্ৰাণে নামাৰি বীৰে এৰি দি ক'লে, ‘ঘৰলৈ যা তৎক্ষণাত।’ সৰ্পৰাজ গ'ল, কিন্তু যাওঁতে ৰজাৰ জীয়েক এজনীক পলুৱাই লৈ গ'ল। চোৰে চোৰ প্ৰকৃতি [ ২৪ ]

নেৰে। বীৰে ভাবিলে, ‘এইবাৰ কিন্তু সৰ্পৰাজক মই এৰি দিয়াত নাই। জান লৈহে এৰিম।’ বীৰৰ মাকে ক'লে—‘দুষ্টক দমন, শিষ্টক পালন—এয়ে জগতৰ নিয়ম, বোপাই। কিন্তু, সাৱধানে যাবি। এই মালাধাৰ লৈ যা। বিপদৰ সময়ত কাম দিব। মই আশীৰ্বাদ কৰিছোঁ তোৰ জয় হ’বই।’ বীৰ পুৰুষে মাকক সেৱা কৰি আশীৰ্বাদ শিৰত লৈ গুচি গ'ল সৰ্পৰাজৰ সন্ধানত। যেতিয়া তেওঁ সৰ্পৰাজক লগ পালে তেওঁ পাৰে মানে কাঁড় মাৰিবলৈ ধৰিলে। কিন্তু, সৰ্পৰাজৰ গাৰ নোম এডালো লৰাব নোৱাৰিলে। এইবাৰ তেওঁ মাকে দিয়া মালাধাৰ ডিঙিত পিন্ধি ল'লে। তাৰ পিছত কাঁড় এৰি দিলে। লগে লগে সৰ্পৰাজৰ বাকী থকা মূৰ দুটাও উফৰি পৰিল। ৰজাৰ জীয়েক আৰু অন্যান্য বন্দী লোকসকলক তেওঁ উদ্ধাৰ কৰি পৰম উপকাৰ সাধন কৰিলে। এনেকৈ দুষ্ট সৰ্পৰাজক বধ কৰি মহৎ কৰ্ম কৰিলে। অকণিহঁত, এইটো এটা সাধু কথাহে। সঁচা হ'বও পাৰে, নহ'বও পাৰে। তোমালোকে কিন্তু সাপৰ লগত খেলা নকৰিবা। আমাৰ সমাজখনতো সাপৰ নিচিনা বিষাক্ত, হিংসুক প্ৰকৃতিৰ কিছুমান মানুহ আছে—যি সমাজখনৰ অনিষ্ট সাধন কৰি আছে। এনেকুৱা স্বাৰ্থপৰ মানুহবোৰৰপৰা সাৱধানে থাকিবা। পিতৃ-মাতৃৰ আশীৰ্বাদ সদায় গ্ৰহণ কৰিবা। বিপদত সহায় হ’ব। ঈশ্বৰে চকু মেলি চাব।

(দৈনিক অসম, গুৱাহাটী, ১২ নৱেম্বৰ, ২০১৭ চন)

[ ২৫ ]
 
 

বৌদ্ধ ভিক্ষু আৰু নাপিতৰ সাধু

 

 এখন চহৰত এজন বৰ ধনী মানুহ আছিল। ধনী যদিও তেওঁৰ কিন্তু অন্তৰখন বৰ কোমল আছিল। কোনোবাই টানে-আপদে দুপইচা বিচাৰিলে তেওঁ দি দিছিল। হাত নধৰে। সাধাৰণতে ধনী মানুহবোৰৰ যে এটা বদনাম আছে, কৃপণ বা বান্ধ কেৰেপ বুলি, সেই কথাটো তেওঁৰ লগত নাখাটে। তেওঁ একেবাৰে ৰজা হৰিশ্চন্দ্ৰ। হৰিশ্চন্দ্ৰই জানো ৰাজ্য, ধন আনকি একমাত্ৰ পুত্ৰকো দান দিব লগা হোৱা নাছিল? সি যি কি নহওক, আমাৰ এই ধনী মানুহজনে লোকক দান দিওঁতে দিওঁতে নিজলৈ একেবাৰে লাওলোৱা অৱস্থা হ'ল। তেওঁ এদিন ভাবিলে—আনক ইমান উপকাৰ কৰিলোঁ, ভগৱানে মোৰহে হাত খালী কৰিলে, তাতকৈ মৰি যোৱাই ভাল মই। জীয়াই থাকি কৰিম কি? মন-চন মাৰি তেওঁ শুই থাকিল। টোপনিতে সপোনত আহিল এজন বৌদ্ধ ভিক্ষু। ভিক্ষুজনে ক'লে, ‘তুমি আক’ মৰিবলৈ ওলাইছা কিয়? দুখীয়াক বিপদত উদ্ধাৰৰ বাবে হাত উজান দিছা, খুব ভাল কাম কৰিছা। পৰম পুণ্য অৰ্জন কৰিছা। তুমি ধাৰ্মিক মানুহ। প্ৰকৃত ধৰ্ম তোমাৰটোহে। তোমাৰ নিচিনা মানুহ আমাক বৰ দৰকাৰ। তোমাক মৰিবলৈ দিব নোৱাৰো, বাপু। কাইলৈ দুপৰীয়া মই তোমাৰ ঘৰলৈ আহিম। মোক দেখিলেই তুমি মোৰ মূৰতে পূৰ্ণহতীয়াকৈ মাৰ শোধাই দিবা। মাৰ পালেই মই এচপৰা সোণলৈ ৰূপান্তৰ হ'ম। তুমি সোণখিনি বেচি বিৰাট ধনী হ'ব পাৰিবা।’ কথাখিনি কৈ বৌদ্ধ ভিক্ষুজন অন্তৰ্দ্ধান হ’ল। মানুহজনৰ সপোনটো সিমানতে শেষ।

 পিছদিনা দুপৰীয়া মানুহজনে ঘৰৰ আগচোতালতে খাপ লৈ আছে। [ ২৬ ] বৌদ্ধ ভিক্ষুজন আহিব আহিব বুলি। চাওঁতে চাওঁতে চকু বিষাই গৈছে। তেনেতে নাপিত এজন আহিল সেইপিনেদি। তেওঁ নাপিতজনকে ঘৰলৈ মাতিলে। ক’বতো নোৱাৰি, কিজানি এইজনেই বৌদ্ধ ভিক্ষু—ভেশছন জুৰি আহিছে। নাপিতক দেখি ভিতৰৰপৰা পীৰা এখন আনিবলৈ গ'ল, যাতে আৰামত বহি দাড়ি-চুলিখিনি কটাব পাৰি। ভিতৰৰপৰা ঘূৰি আহি দেখে—সঁচাকৈ এজন বৌদ্ধ ভিক্ষু চোতালত সোঁশৰীৰে উপস্থিত। মানুহজনে বিলম্ব নকৰি আগৰেপৰা এচুকত গোটাই থোৱা ম'হৰ টোকোনডাল লৈ চিধা বৌদ্ধ ভিক্ষুজনৰ মূৰতে এক মাৰ দি দিলে। লগে লগে বৌদ্ধ ভিক্ষুজন এচপৰা সোণলৈ ৰূপান্তৰ হ'ল। মানুহজনক পায় কোনে? আনন্দে নধৰে হিয়া হ'ল। এই গোটেই ঘটনাটো নাপিতৰ চকুৰ আগতে ঘটিল। সেয়ে নাপিতে কথাবোৰ উলিয়াই দিয়ে বুলি মানুহজনে কেইটামান উপহাৰ দি কথাবোৰ কাৰো আগত নক’বলৈ শপত দিলে।

 গ’ল কথা গুচিল। কেইদিনমান পিছত নাপিতজনে বৌদ্ধ বিহাৰলৈ গৈ কেইবাজনো ভিক্ষুক তেওঁৰ গৃহলৈ নিমন্ত্ৰণ কৰি আনিলে। কেইবাজনো ভিক্ষু দেখি নাপিতৰ চকু লকলকাবলৈ ধৰিলে—হওক তেওঁ, কেইবা চপৰাও সোণ পাম। তাৰ পিছত ডাঙৰ টাঙোন এডাল লৈ ভিক্ষুসকলক ধাউম্ ধাউম্ মৰিয়াবলৈ ধৰিলে। তেজে তুমৰালি হ’ল। ওচৰ-চুবুৰীয়াই নাপিতক ধৰি নি ৰজাৰ ওচৰত দিলেগৈ। ৰজাই সুধিলে বোলে তই কিয় এনেকুৱা কৰিছিলি, তেতিয়া নাপিতে ইজন মানুহে কৰা দেখিহে কৰা বুলি ক’লে। ইজন মানুহক ধৰাই আনি ৰজাই সোধা-পোছা কৰি যেতিয়া গম পালে যে উচিত কাৰণতে প্ৰভু গৌতম বুদ্ধই ধাৰ্মিক মানুহজনক পুৰস্কৃত কৰিছে, তেতিয়া ৰজাই তেওঁৰ দৰে ধাৰ্মিক মানুহক প্ৰশংসা কৰিলে। গুণত পূজা, দোষত দণ্ড হ’বই। অকণিহঁতে হাত ধৰা, হাত উজান দিয়া, হাত দীঘল, হাত খালী—এই খণ্ড বাক্যকেইটাৰ অৰ্থ শিকি একোটা বাক্য ৰচনা কৰিবাচোন। সাৱধান, তোমালোকে কিন্তু আগলৈ ভুলতো ধন-সোণৰ লোভত আনক মাৰপিট নকৰিবা।

(দৈনিক অসম, গুৱাহাটী, ১এপ্ৰিল, ২০১৮ চন)

[ ২৭ ]
 

বীৰবলৰ ৰসাল কাহিনী
জোকৰ মুখত চূণ

 

 বীৰবলৰ ৰসাল কাহিনীবোৰ অকণিহঁতে নিশ্চয় নুশুনাকৈ থকা নাই। মহামতি আকবৰৰ ৰাজসভা শুৱনি কৰা এইজনা বিচক্ষণ পাৰিষদৰ বিষয়ে অনেক মন পৰশা কাহিনী আছে। সাধুকথাতকৈও মনোৰম কাহিনীবোৰ পঢ়িলে মানুহৰ মন আনন্দিত হয়। মন আনন্দিত হ'লে কি হয় জানা? স্বাস্থ্য ভালে থাকে, পঢ়া-শুনাত মন বহে, শ্ৰেণীকক্ষত ছাৰ-বাইদেউসকলে বুজোৱা কথাবোৰ মনত থাকে।

 আচল কথালৈ আহোঁ। আকবৰে ৰাজসভাত বহি ৰাজকাৰ্য চলাই থাকে। প্ৰজাৰ সুখ-দুখৰ বতৰা লয়। সেয়াই ৰজাৰ ধৰ্ম। বিভিন্নজনে আহি ৰজাৰ ওচৰত নিজৰ নিজৰ অভাৱ-অভিযোগ দাঙি ধৰে। ৰজাই পাৰ্যমানে সমস্যাবোৰ সমাধানৰ দিহা কৰে। এই যে প্ৰজাসকলে আকবৰক দেখা কৰিবলৈ আহে, তেওঁলোকে এজন দুৱৰীৰ আজ্ঞা লৈহে ৰাজসভালৈ সোমাব লাগে। সেইখিনিতে লেঠাটো। সমাজত লুভীয়া মানুহ কিছুমান নাই জানো? এই যে দুৱৰীজন—তেওঁ ৰজাক দেখা কৰিবলৈ অহা লোকসকলক হাৰাশাস্তি কৰে। তেওঁ কয়, ‘ৰজাৰপৰা যিখিনি পাইছা, তাৰ ভাগ এটা মোকো দিব লাগিব। তোমালোকে অকলে ভোগ কৰিলে নহ'ব।’ ইফালে, ৰজাই এইবোৰ কথাৰ উৱাদিহ নাপায়। বদনামটো হয় ৰজাৰ৷ কথাটো গৈ বীৰবলৰ কাণত পৰিল। তেওঁতো বুদ্ধিত বৃহস্পতি। তেওঁ ভাবিলে, কিবা এটা নকৰিলে এই দুৱৰীয়ে ৰজাৰ নাক কটা কামবোৰ কৰিয়েই থাকিব। গতিকে যেনে কুকুৰ তেনে টাঙোন। ইয়াক এসেকা দিব নোৱাৰিলে মোৰ নাম বীৰবল নহয়। তেওঁ এজন সাধাৰণ মানুহৰ ভেশছন ধৰি ৰজাক দেখা কৰিবলৈ ওলাল। বাটতে ধুৰন্ধৰ দুৱৰীয়ে আগভেটা দি ক'লে, বোলে মোক [ ২৮ ]

অলপ পইচা ‘দিলেহে সোমাবলৈ দিম। ভেশছন ধৰি থকা বীৰবলে ক'লে বোলে মোৰ হাতত ফুটাকড়ি এটাও নাই। মই ক’ৰপৰা পা-পইচা তোমাক দিম? তেতিয়া দুৱৰীয়ে ক’লে বোলে ঠিক আছে, যাব খুজিছ যা; কিন্তু ঘূৰি আহোঁতে ৰজাৰ ওচৰত যিখিনি পাবি তাৰ আধা মোক দিম বুলি কথা দিব লাগিব। তেতিয়া বীৰবলে ক’লে বোলে মই সইত সইত তিনি সইত খাইছোঁ, মই ৰজাৰপৰা যি বস্তু পাওঁ, তাৰ আধা তোমাক দিমেই। সেইমতে বীৰবল ৰজাৰ ওচৰলৈ গ'ল। ৰজাক সেৱা জনাই ক'লে, ‘মহাৰাজ, মই খুব ধুনীয়া কবিতা আবৃত্তি কৰিব পাৰোঁ। শুনিবনে?’ ৰজাই বোলে শুনিম, গোৱা। বীৰবলে শুৱলাকৈ কবিতা আবৃত্তি কৰিলে। ৰজাই শুনি অবাক। ইমান ধুনীয়া! তাৰ পিছত বীৰবলক সুধিলে, ‘তোমাক এতিয়া কি পুৰস্কাৰ দিম?’ বীৰবলে বোলে একো নালাগে। ৰজাই বোলে নালাগিলে কেনেকৈ হ'ব। লোৱা লোৱা। তেতিয়া বীৰবলে কলে, ‘মহাৰাজ, দিব খুজিছে যদি এশটা বেতৰ কোবকে দিয়ক।’ ৰজাই ক’লে ‘বেতৰ কোব? এশটা?' বীৰবলে বোলে মই অকলে নলওঁ নহয়, দুৱৰীজনকো আধা দিব পাৰিব। ৰজাই আচৰিত হৈ বীৰবলৰপৰা গোটেই কথাবোৰৰ উৰহী গছৰ ওৰ ল'লে আৰু দুৰাচাৰ দুৱৰীক পঞ্চাশটা বেতৰ কোব দিয়ালে আৰু বীৰবলক অনেক পুৰস্কাৰ দিয়ালে। অকণিহঁত, দেখিলা বীৰবলে সন্ধিৰ বাহ বুদ্ধিৰে কাটিলে। তোমালোকে বুদ্ধিত বৃহস্পতি’ এই জতুৱা ঠাঁচটোৰ অৰ্থ শিকিবা আৰু সৌৰজগতৰ গ্ৰহকেইটাৰ নাম লিখি চিত্ৰ আঁকিবা।

(দৈনিক অসম, গুৱাহাটী, ১১ নৱেম্বৰ, ২০১৮ চন)

[ ২৯ ]
 

(মিজো পাহাৰৰ সাধু)

ছোৱাংছিলি আৰু এটা সাপ

 

 ছোৱাংছিলি নামৰ ছোৱালীজনীক মাক-দেউতাকে খুব মৰম কৰিছিল। দেউতাক খেতিয়ক মানুহ। ল’ৰা-ছোৱালীক ঘৰতে আবদ্ধ কৰি ৰাখিলে পেটৰ ভাতমুঠি ক'ৰপৰা জোৰা মাৰিব? গতিকে জুম খেতি ৰখিবৰ বাবে ছোৱাংছিলি আৰু তাইৰ ভনীয়েকক পুৱাতে পঠিয়াই দিয়ে। লগত ভাত-পানীৰ টোপোলা দি পঠায়। অকণিহঁতে জুম খেতি কি জানানে বাৰু? পৰ্বত-পাহাৰৰ এঢলীয়া ঠাইত হাবি-বন চিকুণাই খাপ খাপ কৰি তাত ধান, গোম ধান, মাকৈ আদিৰ খেতি কৰা হয়। এই পদ্ধতিৰ খেতিকে জুম খেতি বোলে। জুম খেতিৰ ওচৰতে এজোপা ডাঙৰ গছ আছিল। গছজোপাৰ ধোন্দত এডাল প্ৰকাণ্ড সাপে বাস কৰিছিল। সাপডালৰ লগত ছোৱাংছিলিৰ সম্পৰ্ক এটা স্থাপন হ’ল। প্ৰতিদিনে সাপটোক মাতিবলৈ ছোৱাংছিলিয়ে ভনীয়েকক পঠিয়াই দিয়ে। ভনীয়েকে ভয়ে ভয়ে সাপটোক মাতি থৈ আহেগৈ। সাপটো আহে আৰু ছোৱাংছিলিৰ কোলাত সোমাই আশ্ৰয় লয়। তাই মৰম কৰে। এনেকৈ কিছুদিন পাৰ হৈ গ'ল; কিন্তু ফল ওলোটা হ’ল। এই যে ভনীয়েকজনীৰ মনত ভয় ভয় ভাব এটা সোমাই গ'ল—( ভয় লাগিবও পাই, সাপ হেন বস্তু আৰু! ), তাই দিনে দিনে খীণাই খেৰ শুকোৱা দিলে। মাক-দেউতাকৰ চিন্তা হৈ গ'ল। সৰু ছোৱালীজনীক পেঘেনিয়াই পেঘেনিয়াই তেওঁলোকে সুধিবলৈ ধৰিলে। প্ৰথমে তাই নকয়। শেষত যেনিবা উৰহী গছৰ ওৰটো ওলাল। কেনেকৈ তাই সাপটো মাতি আনেগৈ, কেনেকৈ সি জীয়েকৰ কোলাত জিৰণি লয়, কেনেকৈ তাইৰ সাপৰ ভয়ত পেটলৈ ভাত নাযায়—এই গোটেইবোৰ কথা ভনীয়েকজনীয়ে মাক[ ৩০ ]

দেউতাকৰ আগত কৈ দিলে। কথা মতেই কাম। এদিন ছোৱাংছিলিক জুম খেতি ৰখিবলৈ নপঠিয়ালে। তাইৰ ঠাইত দেউতাকে তাইৰ নিচিনাকৈ সাজোন কাচোন কৰি জুম খেতি ৰখিবলৈ গ'ল। সৰু ছোৱালীজনীক আনকালৰ দৰে সাপটো মাতি আনিবলৈ পঠালে। সাপটো আহিল। আহি আনকালৰ দৰে ছোৱাংছিলিৰূপী দেউতাকৰ কোলাত উঠিব খুজিলে। দেউতাকে একেঘাপে সাপটো দুচেও কৰিলে। পিছদিনা ছোৱাংছিলি আৰু ভনীয়েকে আনদিনৰ দৰে জুমৰ পথাৰত সাপটো নাপালে। ঘৰলৈ ঘূৰি আহি দেখিলে যে দেউতাক দুৱাৰডলিৰ ওচৰত পৰি আছে। পিতাকক উঠিবলৈ কোৱাৰ লগে লগে পিতাকে তাইকো একেঘাপে দুটুকুৰা কৰিলে। লগে লগে এগালমান সাপৰ পোৱালি পেটৰপৰা বাহিৰ হ’ল। সেইবোৰো পিতাকে মাৰি পেলালে। তাৰে এটা কোনো মতে বাচিল যদিও সি ডাঙৰ হৈ গৰু-ছাগলী আনকি মানুহো খাই তহিলং কৰিবলৈ ধৰিলে। তেহে এজন চীন দেশৰ পৰিব্ৰাজকে পাই, সেই পোৱালিটো মাৰি পেলালে। অকণিহঁত, তোমালোক 'তহিলং কৰ’, ‘সাজোৰ-কাচোন’, ‘পেঘেনিয়াই পেঘেনিয়াই’, ‘ভয়ে ভয়ে’—এই খণ্ডবাক্যসমূহ লগাই একোটা বাক্য ৰচনা কৰিবাচোন। নোৱাৰিলে ছাৰ-বাইদেউৰাহঁতক সুধি ল’বাহঁক৷

(দৈনিক অসম, গুৱাহাটী, দেওবাৰ, ২৪ ফেব্ৰুৱাৰী, ২০১৯ চন)

[ ৩১ ]
 

(পূৰ্ব আফ্ৰিকাৰ সাধু)

খাদ্যৰ গোন্ধ আৰু এজনী ছাগলী

 

 এখন গাঁৱত এজন ‘টাজিৰি’ আছিল। টাজিৰি মানে ধনী মানুহ। তেওঁ আছিল খুব ভোজনবিলাসী। বহু লোভনীয় খাদ্য খায় প্ৰতি সাজতে। গোন্ধে মল্‌মলাই থাকে। খোৱাখিনি খায়, নোখোৱাখিনি গাহৰিক দিয়ে। বৰ নিষ্ঠুৰ, আনক নিদিয়ে। ওচৰতে এজন ‘মাস্কিনী’ অৰ্থাৎ দুখীয়া মানুহ আছিল। তেওঁৰ জীৱিকাৰ সম্বল এজনী ছাগলী। ছাগলীৰ গাখীৰ আৰু পনিৰ—ইয়াৰে এসাঁজ খায়; কিন্তু গধূলিৰ সাঁজৰ বাবে টনা-টনি হয়। অকণমান লুথুৰী পিঠাৰে গধূলিৰ ভোক গুচাব লগা হয়। সোৱাদ, জুতি বুলিবলৈ নাই। সেই যে ধনী মানুহজনৰ ঘৰত ধুনীয়া ধুনীয়া খোৱা বস্তু ৰান্ধোতে গোন্ধে মল্‌মলাই থাকে, হাতত লুথুৰীৰ থালখন লৈ তেওঁৰ ঘৰৰ খিৰিকীৰ ওচৰত তেওঁ লুকাই লুকাই নাকত গোন্ধ উজাই উজাই লুথুৰীখিনি খাই তৃপ্তি লভে। গোন্ধেই বোলে আধা ভোজনৰ সমান। এদিন হাতে-লোটে ধৰা পেলালে ধনী মানুহজনে। তেওঁৰ কথা হ'ল—মোৰ ঘৰ খাদ্যৰ গোন্ধেৰে আনে কিয় পেট পূৰ কৰিব। গোচৰটো গৈ গাঁৱৰ মুখিয়ালৰ ওচৰ পালোগৈ। গাঁৱৰ মুখিয়ালে গাঁৱৰ কাৰাগাৰত দুখীয়া মানুহজনক ভৰাই থলে। শনিবাৰৰ দিনা গাঁৱৰ ৰাইজৰ বিচাৰ হ’ল। ধনী মানুহজনে কথাটো ক'লে আৰু ক্ষতিপূৰণ হিচাপে দুখীয়া লোকজনৰ ছাগলীজনী বিচাৰিলে। গাঁৱৰ লোকসকলৰ মাজত এই বিষয়ে আলোচনা হ’ল। শেষত মুখিয়ালজনে মন্তব্য দিলে, মাস্কিনীয়ে ( দুখীয়া লোকজনে ) টাজিৰিৰ খাদ্যৰ গোন্ধ লোৱাটো হয়; কিন্তু খাদ্য কাঢ়ি খোৱা নাই। গতিকে টাজিৰিয়েও মাস্কিনীৰ ছাগলীজনীৰ গোন্ধটো যেতিয়াই মন যায় ল'বগৈ, কিন্তু ছাগলীজনী নিব নালাগে, নিলে খাদ্য কাঢ়ি লোৱাৰ নিচিনা হ'ব। ধনী মানুহজনে সেমেনা-সেমেনি কৰিলে; বাকীবোৰে হাত চাপৰি বজালে।

(দৈনিক অসম, ডিব্ৰুগড়, গুৱাহাটী, ১ ডিচেম্বৰ, ২০১৯ চন)

[ ৩২ ]
 

(ৱেলছ্‌ দেশৰ সাধু)

ভেঁটফুল কেনেকৈ সৃষ্টি হ’ল?

 

 ৱেলছ্‌ এখন সৰু দেশ, ইংলেণ্ডৰ পশ্চিমে। সেই দেশৰ সাধু এটা ক'ব খুজিছোঁ। এজন খেতিয়কৰ পুতেকৰ নাম হুৱাও। ল’ৰাটোৱে বীণ বজাই খুব ভাল পায়। বিদ্যালয় বুলিলে তাৰ বাঘৰ সমান ভয়। নাযায়, তাতকৈ বীণ বজাব। সি থাকে মাকৰ সৈতে। ঘৰ যিটো, জৰাজীৰ্ণ জুপুৰি। কাষতে আছে পৰ্বত এখন। প্ৰত্যেক দিনে পুৱা মাকৰ ক’লী, বগী গাইবোৰ লৈ পৰ্বতৰ ওপৰত সিহঁতক চৰাবলৈ লৈ যায়। তাতে এটা হ্ৰদ আছে, হ্ৰদৰ কাষতে আছে এখন সেউজ ঘাঁহনি। গতিকে এই ঘাঁহনিতেই ঘাঁহ খাই গৰুবোৰে দিনটো কটায়।

 এদিন হুৱাৱে হ্ৰদৰ পাৰত গৰু চৰাই আছে। সি তাৰ বীণখন লৈ সুৰৰ মূৰ্চ্ছনা তুলিলে আপোন মনে। কি আচৰিত কথা, সুৰৰ মূৰ্চ্ছনাৰ লগে লগে হ্ৰদটোৰ পানীৰ তলৰপৰা দুজনী ৰূপালী গাইগৰু পাৰত উপস্থিত হ’ল। সিহঁতে হুৱাওৰ বীণৰ ৰাগ শুনি শুনি তাৰ চাৰিওফালে গোট খালে। ৰ’দত গাইকেইজনীৰ পিঠিবোৰ তেল পৰি পিছলা যেন লাগিছিল; একেবাৰে চিকচিকীয়া। গধূলি গাই দুজনী হুৱাওহঁতৰ বাকীবোৰ গাইৰ সৈতে গোহালিলৈ পাছ ল’লে। হুৱাওৰ মাকে ক'লে—ঘৰলৈ লখিমী আহিছে। ওচৰ-চুবুৰীয়াক ইয়াকো ক'লে যে ইমান ডাঠ গাখীৰ আমাৰবিলাক গৰুৱে নিদিয়ে; দিয়েও দুগুণ দুগুণ।

 সকলো ঠিকে-ঠাকেই চলি আছিল। পিছে তাৰ মাজতে অথন্তৰ এটা ঘটিল। এই দুজনী গৰুৰ মাজৰে এজনীয়ে গাখীৰ দিবলৈ এৰি দিলে। [ ৩৩ ] পিয়ন চাৰিলে। হুৱাওৰ মাকে বোলে গাখীৰ নিদিয়া গাই এজনী পুহি থাকিবলৈ দৰকাৰ নাই। তেওঁ কচাই এজন মাতি পঠিয়ালে গাইজনী বেছি দিবৰ বাবে। আৰু কচাইৰ হাতত পৰা মানে গাইজনীৰ কি দশা হ’ব, অকণিহঁতে জানাই নহয়? গাইজনী বিক্ৰী নকৰিবৰ কাৰণে হুৱাওৱে মাকক কাকুতি-মিনতি কৰিলে; কিন্তু তাৰ মাক ইমান সহজে মান্তি হোৱা নাৰী নহয়। যি কৰিম বুলিব সেইটো কৰিহে এৰিব।

 উপায় নাপাই হুৱাও তাৰ বীণখন লৈ সেই হ্ৰদটোৰ পাৰলৈ গ'ল। কি আচৰিত, তাৰ পাছে পাছে ৰূপালী গাইকেইজনীও সেই ঠাইত ওলালগৈ। সি কিছু সময় ধৰি হ্ৰদটোৰ পাৰতে বীণ বজালে। গাইকেইজনীয়ে বীণৰ মূৰ্চ্ছনা শুনিলে। অলপপৰ পিছত হুৱাওৱে তাৰ বীণখন হ্ৰদৰ পানীলৈ দলিয়াই দিলে। চকুৰ পানীৰে সি বাট নেদেখা হ’ল। বেচিব খোজা গাইজনীৰ দুখত তাৰ অন্তৰ ভাগি গ'ল। তাৰ পিছত কি হ’ল শুনা—এই যে সি বীণখন হ্ৰদৰ পানীলৈ দলি মাৰি দিলে, গাইকেইজনীও হ্ৰদৰ পাৰলৈ গৈ পানীলৈ জাঁপ মাৰি দিলে। কিছুদিনৰ পিছত হ্ৰদটোৰ সেই ঠাইতে কিছুমান ৰূপালী ভেঁটফুলৰ গছ গজি ৰমক-জমক হ’ল, যি ঠাইত হুৱাওৱে বীণখন পানীলৈ দলিয়াই পেলাইছিল। হুৱাওৰ মাকৰ ইতিমধ্যে মৃত্যু হৈছে, হুৱাও বৃদ্ধ হৈছে। তোমালোকে যদি হুৱাওক কোৱা যে তোমালোকে এই কাহিনীটো বিশ্বাস নকৰা, তেন্তে হুৱাওৱে তোমালোকক সেই হ্ৰদটো থকা পৰ্বতলৈ লৈ যাব, য’ত ভেঁটফুলবোৰ ফুলি আছে।

 এইখিনিতে তোমালোকক এটা প্ৰশ্ন সোধো—ভেঁটফুল ৰাতি ফুলে, কিন্তু পদুম ফুল? অকণিহঁত, এইটো এটা সাধুকথাহে। তাকে একেবাৰে ধ্ৰুৱসত্য বুলি ধৰি নলবা। মানুহ কিমান স্বাৰ্থপৰ আৰু নিৰ্দয়, প্ৰকৃতি কিমান উদাৰ—সেই কথাটোকে ইয়াত ক'ব বিচাৰ হৈছে।

(দৈনিক অসম, গুৱাহাটী, দেওবাৰ, ৯ ফেব্ৰুৱাৰী, ২০২০ চন)

[ ৩৪ ]
 

(মেঘালয়ৰ সাধু)

শিলা আৰু গছ-গছনি

 

 সাধুটো আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো জনগোষ্ঠীয় সমাজৰ। অকণিহঁত, সাধু সাধুৱেই। কেৱল তেওঁলোকৰ সমাজখনৰ কিছু কথা জানিবৰ বাবেই সাধুটো কৈছে। গাৰোসকলৰ লোকবিশ্বাস মতে, পৃথিৱীৰ মাতৃ হ'ল মানে আৰু গৃহভূমিৰ মাতৃ হ’ল পিল্‌টে। তেওঁলোকৰ জন্ম হৈছেহে, তেতিয়াও শিলাবোৰ গঠন হোৱা নাই। ওখ ওখ পৰ্বতবোৰো গঠন হোৱা নাই, মাটিও নাই হোৱা। আনকি জলভাগো স্থলভাগৰপৰা পৃথক হোৱা নাই। তেতিয়াই নষ্টুৱে ভাতৃ গোৰাং আৰু মোমায়েক পাট্ৰঙক হুকুম দিলে, ‘থিয় পৰ্বতৰ গুটি, শিলাখণ্ডবোৰ চকুৰ মণি সিঁচি দিয়া।’ ভাতৃ গোৰাঙে তেতিয়া বনৰীয়া উদ্ভিদৰ গুটিৰে খেলি আছিল, পাট্ৰঙে খেলি আছিল পাছ চোতালত। গোৰাঙে বাৰীৰ জেওৰাৰ কাষে কাষে বগুৱা বাই ফুৰিছিল। পাট্ৰঙে ঘৰৰ মজিয়াত চুচৰি ফুৰিছিল। মাতৃৰ নাম আছিল ছিমিন কামিন।

 তাৰ পিছত ভাতৃ গোৰাঙে নিজকে ধূলিমুক্ত কৰিলে, পাট্ৰঙে ধুন-পেচ মাৰিবলৈ ললে, মাত-কথা সলনি হৈ গলগলীয়া হল। তেওঁলোকে নষ্ঠু নপাণ্টুৰ কথা ৰাখি পাচিয়ে পাচিয়ে থিয় পৰ্বতৰ গুটি আৰু শিলৰ চকুৰ মণি সিঁচি দম কৰি দিলে। কথা বিষম দেখি বামিণ ৰাচা ছজোন গিটেলে গোৰাং আৰু পাট্ৰক কলে বোলে এনেকৈ পৰ্বতৰ গুটি আৰু শিলৰ চকুৰ মণি সিঁচিবলৈ হ'লে ম’হেৰে হালবাই, প্ৰকাণ্ড গছ উভালিবলৈ সম্ভৱ নহ'ব। গোৰাংহঁতে সেই কথাত কাণ [ ৩৫ ] নিদিলে। তেওঁৰ খঙে মূৰৰ চুলি পালেগৈ। দুয়োজনকে খেদি নিলে। গৈ আৰাট্‌চা ৰংবেয়াৰৰ ওচৰত বাট ভেতি ধৰিলে। ভালকৈ এসেকা দি ধূলিত বগৰাই পেলালে আৰু তাৰ পিছত ভৰিত শিকলিৰে বান্ধি এৰি দিলে, ‘যা, কথা নুশুনা ল’ৰা।’

 তথাপি, গোৰাং আৰু পাট্ৰঙে পৰ্বতৰ গুটি আৰু শিলৰ চকুৰ মণি সিঁচিয়েই থাকিল। হ'লেও, পৰ্বত আৰু শিলবোৰ টকা হৈয়ে থাকিল। গছ-বিৰিখ বুলিবলৈ নাই। তেতিয়া নষ্ট নপাৱে ক'লে, ‘বসুন্ধৰা মাতৃ মানে আৰু স্বদেশৰ মাতৃ পিলটেক এনেদৰে টকলাকৈ ৰখাটো উচিত কথা হ’ব নোৱাৰে।’

 সেয়ে নষ্ঠু নপাণ্টুৱে দুইভগ্নী টিক্‌ৰে টিক্‌ছে আৰু গাট্ৰে গাট্‌ছেক বোলোং (হোলোং), শাল, কিছল, মাৰাণ আৰু ছাম্বাক উদ্ভিদৰ গুটি সিঁচি দিবলৈ নিৰ্দেশ দিলে। লগতে বিভিন্ন প্ৰজাতিৰ ঘূৰণীয়া বস্তু উৎপন্ন হ’ব পৰাকৈ গুটি আৰু জীৱ সিঁচি দিবৰ বাবেও নিৰ্দেশ দিলে তেওঁলোকক। গুটিবোৰ গজিল আৰু বসুন্ধৰা মাতৃ মানে আৰু স্বদেশৰ মাতৃ পিল্‌টে এদিন সেউজীয়া হৈ উঠিল।

 বিঃদ্ৰঃ (১) নষ্ঠু নপাণ্টুঃ এগৰাকী দেৱী, যি পৃথিৱীখনক জন্ম দিছে। (২) আৰট্‌চা ৰংবেয়াৰঃ কঠিন শিলৰ প্ৰাচীৰ। (৩) বোলোংঃ এবিধ প্ৰকাণ্ড গছ। (৪) কিছলঃ দৰবত লগা উদ্ভিদ। (৫) ছাম্বাকঃ বগা ফুলেৰে এবিধ উদ্ভিদ। (৬) মাৰাণাঃ ঘাঁহ প্ৰজাতিৰ উদ্ভিদ।

(দৈনিক অসম, গুৱাহাটী, দেওবাৰ, ২৩ ফেব্ৰুৱাৰী, ২০২০ চন)

[ ৩৬ ]
 
 

সোণৰ সজাত এটা ভাটো চৰাই

 

 এজন ৰজাই এটা ভাটৌ চৰাই পুহিছিল। বাহটো সোণেৰে তৈয়াৰী, খাবলৈও বিধে বিধে সুস্বাদু খাদ্য। এদিন এজন মানুহ আহি ভাটৌ চৰাইটোক ক’লে—“মই তোমালোকৰ ভাষাটো জানো। মই কাইলৈ অৰণ্যলৈ যাম। তোমাৰ কিবা বাৰ্তা আছে যদি মোৰ আগতে দিব পাৰা। মই জনাই দিমগৈ।” তেতিয়া ভাটৌ চৰাইটোৱে ক'লে—“ভালেই হ’ল, মোৰ আত্মীয়সকলক ক’বাগৈ যে তেওঁ ৰজাৰ ঘৰত সোণৰ সজাত আছে, খাবলৈও পাইছে হামাৰভাৰে; কিন্তু তেওঁ খুব নিমাওমাও অনুভৱ কৰে, কিয়নো তেওঁ সজাত বন্দী।” এদিন মানুহজন উভতি আহিল আৰু ভাটৌ চৰাইটোক লগ ধৰিলে। ভাটৌ চৰাইটোৱে ক'লে, “মোৰ কথা মোৰ আত্মীয়সকলে ঘুণাক্ষৰেও একো সোধা নাইনে?” তেতিয়া মানুহজনে ক'লে—“নাই সোধা পাই, একোকে নাই সোধা; কিন্তু যেতিয়া তোমাৰ বাৰ্তাটো তেওঁলোকে শুনিলে, তেওঁলোক থল থলকৈ গছৰ ডালৰ পৰা সৰি পৰিল আৰু মৰি থাকিল।” ভাটৌটোৱে কথাটো শুনাৰ লগে লগে জথৰ লাগিল। ৰজাই ভাবিলে লগৰ ভাটোবোৰ মৰিল বুলি শুনি ইও মৰিল। গতিকে ভাটৌটোক সজাৰপৰা উলিয়াই দলিয়াই পেলাবলৈ ৰজাই আদেশ দিলে। কথামতেই কাম। যেই ভাটৌটোক উলিয়াই দিলে, সি ভূৰুংকৈ উৰি গ'ল। সাধুটো পঢ়ি তোমালোকে কি বুজিলা?

 অকণিহঁত, তোমালোকে ‘হামাৰভাৰে’, ‘ঘুণাক্ষৰে’, ‘নিমাওমাও’ এই শব্দকেইটাৰ অৰ্থ শিকি সেইবিলাকেৰে একোটা বাক্যৰচনা কৰিবাচোন। নোৱাৰিলে ছাৰ বাইদেউহঁতক সুধি ল’বা দেই।

(শিশু আৰু কিশোৰ-কিশোৰীৰ মাহেকীয়া আলোচনী “মুকুতা” ডিচেম্বৰ, ২০১৫, গুৱাহাটী)

[ ৩৭ ]
 

বাঘ, ভালুক আৰু বান্দৰ
মূলঃ লালখ্‌লুয়াং লিয়ানা খিয়াংতে (সম্পাদনা), মিজো

 

 এদিন ভৰ দুপৰীয়াৰ কথা। খুব চোকা ৰ'দ দিছে সেইদিনা। ভালুক এটাৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গৈছিল। তেনেতে সি এটা পুখুৰী দেখিবলৈ পালে। নিৰ্মল পানীৰে পুখুৰীটো চপ্‌চপীয়া হৈ আছিল। সি হেঁপাহ পলুৱাই পানী খালে। তাৰ পাছত এটা বান্দৰক পুখুৰীটোৰ ৰখীয়াৰ দায়িত্ব দি ক'লে—“চাবি, যাতে এই পুখুৰীত কোনেও পানী খাব নোৱাৰে। পুখুৰীটো কেৱল মোৰ বাবেহে।”

 ভালুকটো যোৱাৰ পাছতে এটা হৰিণা আহি বান্দৰক সুধিলে— “বান্দৰ ককাই, পুখুৰীটোৰ পানী অকণমান খাব পাৰোনে? বৰ পিয়াহ লাগিছে পাই।”

 বান্দৰে উত্তৰ দিলে—“এইটো ভালুক মোমাইৰ পুখুৰী। সাহস আছে যদি খা পানী, নাই যদি নাখাবি।”

 কথা শুনি হৰিণাটোৱে ভয়তে বিম্বাশৱদে লৰ মাৰিলে। ক’ত আৰু পানী খায়!

 অলপ পৰৰ পাছতে এটা বন গাহৰি আহি পানী খাবলৈ বুলি বান্দৰটোৰ অনুমতি বিচাৰিলে। বান্দৰে এইবাৰো সেই একেই কথাকে ক’লে—“এইটো ভালুক মোমাইৰ পুখুৰী। মই ৰখীয়াহে। সাহস আছে। যদি খোৱা, নাই যদি যোৱা, বাপু।”

 ভয় খাই বন গাহৰি অহা বাটে ভিৰাই লৰ মাৰিলে। এনেদৰে অনেক বন্যপ্ৰাণী আহিল আৰু সকলোৱে বান্দৰৰ সাৱধান বাৰ্তা শুনি পলাই পত্ৰং দিলে।

 অৱশেষত এটা বাঘ আহিল আৰু কলে—“পানী খাওঁ।” [ ৩৮ ]

 বান্দৰে তাক ক'লে—“এইটো ভালুক মোমাইৰ পুখুৰী। সাহস আছে যদি খোৱা বাঘ ককাইদেউ, মোৰ ক’বলৈ একো নাই। মই ৰখীয়া মাত্ৰ, ক’বলগীয়াখিনি কৈছোঁ আৰু। পিছত মোক নুদুষিবা কিন্তু!”

 বাঘে বান্দৰৰ কথাত চুলিডালমানো কেৰেপ নকৰিলে। সি উৰাই-ঘূৰাই পানী খাবলৈ ধৰিলে। তাকে দেখি বান্দৰে টেটু ফলা চিঞৰ সোধালে—“ভালুক মোমাইদেউ, ভালুক মোমাইদেউ, ক'ৰবাৰ পৰা বাঘ এটা আহি তোমাৰ পুখুৰীত পাৰেমানে পানী খাইছে। আহা, আহা, বেগেতে আহা। পানী খাই শেষেই কৰিব এতিয়া— —ছেঃ। ইস্‌ -ইস্‌ -ইস্‌ -ইস্।”

 কথা শুনি ভালুকে খঙত টিঙিৰি তুলা হৈ চোঁচা মাৰি আহিল আৰু জাঁপ মাৰি বাঘৰ পিঠিত বহি লৈ ঢকিয়াবলৈ ধৰিলে। বাঘো এৰি দিয়া বিধৰ ভকত নহয়। লাগিল দবৰা-দবৰি, ভুকুৱা-ভুকুৱি, গতিয়া-গতি, ঠেলা-ঠেলি, চুলিয়া-চুলি ...। যুঁজি যুঁজি দুয়োটা গৈ অজানিতে পাহাৰ শিখৰ [ ৩৯ ] পালেগৈ। তাৰপাছত দুয়োটা ধা-উ-মকৈ তলৰ খাৱৈত সৰি পৰিল। কলখোৱা ধাতু দুয়োটাৰে উৰি গ'ল। খেলা খতম।

 এইবাৰ বান্দৰক পায় কোনে? গাখীৰতে ম'হৰ খুঁটি। ভালুক গোটাই থোৱা খাদ্য-সামগ্ৰীবোৰ খাই মহা আৰামেৰে দিন পাৰ কৰিলে। মৃত বাঘ আৰু ভালুকৰ কামিহাড়বিলাকেৰে সি বাঁহী সাজি সুৰ দিবলৈ ধৰিলে। গছৰ ডালত বহি সি এতিয়া বাঁহী বজায় শুৱলাকৈ, খুব শুৱলাকৈ।*

( “শিশু আৰু কিশোৰ কিশোৰীৰ মাহেকীয়া আলোচনী “মুকুতা” আগষ্ট ২০১৬ চন, গুৱাহাটী” )

[ ৪০ ]
 
 

ৰত্নেশ্বৰ বৰা

জন্মঃ ২০ জুলাই, ১৯৫০ চন
জন্মস্থানঃ বাহেক গাঁও, ডাকঘৰঃ পকামূৰা, যোৰহাট-৪
মাতৃঃ স্বৰ্গীয়া আইদেউ বৰা
পিতৃঃ স্বৰ্গীয় কণমইনা বৰা
পত্নীঃ শ্ৰীমতী জ্যোতি প্ৰভা বৰা
ল'ৰা-ছোৱালীঃ গীতাশ্ৰী, সুদীপ্ত, কাব্যশ্ৰী
শিক্ষাঃ এম.এ. বি.এড্

প্ৰকাশিত গ্ৰন্থঃ

(ক) তৰোৱালৰ ধাৰ—দুটা সংস্কৰণ) চুটিগল্প সংকলন, কৌস্তুভ ডিব্ৰুগড়
(খ) জেংৰাইত এৰাতি—চুটি গল্প সংকলন, কৌস্তুভ ডিব্ৰুগড়।
(গ) প্ৰতিপদত জোনৰ পোহৰ—চুটি গল্প সংকলন, অনুৰাগ গোষ্ঠী ডিব্ৰুগড়।
(ঘ) তুমি আঘোণৰ সোণোৱালী পথাৰ—কাব্য সংকলন, শব্দ প্ৰকাশন, যোৰহাট।
(ঙ) ভাৰতীয় ভাষাৰ একুৰি নিৰ্বাচিত চুটি গল্প (অনুবাদ), ষ্টুডেন্ট্‌ছ‌ ষ্টৰ্ছ, গুৱাহাটী।
(চ) দৌলতী, অনুবাদ উপন্যাস (মূল মহাশ্বেতা দেৱী, হিন্দী), কিৰণ প্ৰকাশন, ধেমাজি।
(ছ) চাৰিখন উপন্যাস (জনমভূমি আলোচনীত)
(জ) অনুবাদ উপন্যাস 'উৰন্ত চিলা', 'দুৰন্ত কিশোৰ’ (সাপ্তাহিক জনমভূমিত, ৬৫টা খণ্ডত), মূলঃ (খালিদ হুছেইনি, ইংৰাজী, আফগানিস্তান।)
(ঝ) এমুঠি বনকৰা কিংখাপ কবিতা— কাব্য সংকলন, কৌস্তুভ, ডিব্ৰুগড়।
(ঞ) মইনাহঁতলৈ মজা মজা সাধুকথা—শিশু সাহিত্য, কৌস্তুভ, ডিব্ৰুগড়।

অনাতাঁৰ নাটকঃ ডিব্ৰুগড় কেন্দ্ৰ

(ক) মুক্তিঃ ২০০৫ চন (কেন্দ্ৰটোৰ সৰ্বকালৰ শ্ৰেষ্ঠ ১০ খনৰ এখন)
(খ) উঁই চিৰিঙাৰ পাখিঃ ২০০৬ চন।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।