পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৌদ্ধ ভিক্ষুজন আহিব আহিব বুলি। চাওঁতে চাওঁতে চকু বিষাই গৈছে। তেনেতে নাপিত এজন আহিল সেইপিনেদি। তেওঁ নাপিতজনকে ঘৰলৈ মাতিলে। ক’বতো নোৱাৰি, কিজানি এইজনেই বৌদ্ধ ভিক্ষু—ভেশছন জুৰি আহিছে। নাপিতক দেখি ভিতৰৰপৰা পীৰা এখন আনিবলৈ গ'ল, যাতে আৰামত বহি দাড়ি-চুলিখিনি কটাব পাৰি। ভিতৰৰপৰা ঘূৰি আহি দেখে—সঁচাকৈ এজন বৌদ্ধ ভিক্ষু চোতালত সোঁশৰীৰে উপস্থিত। মানুহজনে বিলম্ব নকৰি আগৰেপৰা এচুকত গোটাই থোৱা ম'হৰ টোকোনডাল লৈ চিধা বৌদ্ধ ভিক্ষুজনৰ মূৰতে এক মাৰ দি দিলে। লগে লগে বৌদ্ধ ভিক্ষুজন এচপৰা সোণলৈ ৰূপান্তৰ হ'ল। মানুহজনক পায় কোনে? আনন্দে নধৰে হিয়া হ'ল। এই গোটেই ঘটনাটো নাপিতৰ চকুৰ আগতে ঘটিল। সেয়ে নাপিতে কথাবোৰ উলিয়াই দিয়ে বুলি মানুহজনে কেইটামান উপহাৰ দি কথাবোৰ কাৰো আগত নক’বলৈ শপত দিলে।

 গ’ল কথা গুচিল। কেইদিনমান পিছত নাপিতজনে বৌদ্ধ বিহাৰলৈ গৈ কেইবাজনো ভিক্ষুক তেওঁৰ গৃহলৈ নিমন্ত্ৰণ কৰি আনিলে। কেইবাজনো ভিক্ষু দেখি নাপিতৰ চকু লকলকাবলৈ ধৰিলে—হওক তেওঁ, কেইবা চপৰাও সোণ পাম। তাৰ পিছত ডাঙৰ টাঙোন এডাল লৈ ভিক্ষুসকলক ধাউম্ ধাউম্ মৰিয়াবলৈ ধৰিলে। তেজে তুমৰালি হ’ল। ওচৰ-চুবুৰীয়াই নাপিতক ধৰি নি ৰজাৰ ওচৰত দিলেগৈ। ৰজাই সুধিলে বোলে তই কিয় এনেকুৱা কৰিছিলি, তেতিয়া নাপিতে ইজন মানুহে কৰা দেখিহে কৰা বুলি ক’লে। ইজন মানুহক ধৰাই আনি ৰজাই সোধা-পোছা কৰি যেতিয়া গম পালে যে উচিত কাৰণতে প্ৰভু গৌতম বুদ্ধই ধাৰ্মিক মানুহজনক পুৰস্কৃত কৰিছে, তেতিয়া ৰজাই তেওঁৰ দৰে ধাৰ্মিক মানুহক প্ৰশংসা কৰিলে। গুণত পূজা, দোষত দণ্ড হ’বই। অকণিহঁতে হাত ধৰা, হাত উজান দিয়া, হাত দীঘল, হাত খালী—এই খণ্ড বাক্যকেইটাৰ অৰ্থ শিকি একোটা বাক্য ৰচনা কৰিবাচোন। সাৱধান, তোমালোকে কিন্তু আগলৈ ভুলতো ধন-সোণৰ লোভত আনক মাৰপিট নকৰিবা।

(দৈনিক অসম, গুৱাহাটী, ১এপ্ৰিল, ২০১৮ চন)

২৬|মইনাহঁতলৈ মজা মজা সাধু কথা