পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এজন অহংকাৰী ৰাজকুমাৰৰ সাধু

 

 মইনাহঁত, কথাটো বহুত দিনৰ আগৰ কথা দেই। তেতিয়াৰ দিনত ৰজাৰ ইচ্ছাই আছিল আইন। যি মন যায় খুচিমতে কৰিব পাৰে। মন কৰিলেই চন।

 এখন দেশত তেনে এজন ৰজা আছিল। ৰজা আৰু ৰাণী দুয়ো মিলি ৰাজ্য শাসন কৰাৰ লগতে গৃহ-সংসাৰো ধুনীয়াকৈ পৰিচালনা কৰিছিল। ৰাজসুখ বুলি যে কথা এটা আছে সেয়া তেওঁলোকৰ ক্ষেত্ৰতে ষোল্ল অনাই খাটে। একদম জয় জয়, ময় ময়।

 পিছে, ৰজাৰাণীৰ মনত তাৰ মাজতে এটা ডাঙৰ দুখে অনবৰতে কোঁটকোৰা গছৰ কাঁইটে বিন্ধাদি গেজেক্‌ গেজেক্‌ বিন্ধি আছিল। ইয়াৰ কাৰণটো কি আছিল জানা? তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল। সেয়ে তেওঁলোকৰ মনত দুখ। মন মাৰি থাকে। পাছত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ'ল। ৰজা-ৰাণীৰ আনন্দই হিয়া নধৰা হ'ল। ৰজাই দৈৱৰ ওচৰত পুত্ৰৰ কোষ্ঠী দশা নিৰ্ণয় কৰালেগৈ। দৈৱই কোষ্ঠী দশা গণনা কৰি বিধান দিলে যে যুৱৰাজৰ ভৱিষ্যৎ অতি উত্তম, মাত্ৰ ব্যাঘ্ৰ ভয় আছে। অৰ্থাৎ বাঘৰপৰা সাৱধান হৈ চলিব, অন্যথা প্ৰাণ নাশ হ'ব পাৰে। একলা একলাকৈ শুক্লপক্ষৰ জোনৰ দৰে ৰাজকুমাৰ ডাঙৰ হ'ল। ৰজা ৰাণী পুত্ৰক লৈ খুব সাৱধান। কেনিও তেনেকৈ পিংপিঙাই ফুৰিবলৈ নিদিয়ে, তোমালোকে যেনেকৈ গৰমৰ বন্ধৰ মাহত ফুৰিছিলা। জানোচা বাঘে আক্ৰমণ কৰিব, সেইটোৱেই ৰজা ৰাণীৰ ভয়। বুকু ঢিপিং ঢিপিং। এদিন সেই অঞ্চলত এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ ওলাই বহুত মানুহ আৰু গৰু-ছাগলী হতাহত কৰিলে। ৰজাৰ বুকু বাজিল। জানোচা পুত্ৰকো আক্ৰমণ কৰে। গতিকে তৎক্ষণাৎ পাৰিষদবৰ্গক লৈ বাঘটো চিকাৰ কৰি আনি ৰাজপ্ৰাসাদৰ চোতালত পেলাই দিলেহি। ঢেৰ মানুহে মৃত বাঘটো চালেহি। ৰাজকুমাৰেও চালেহি আৰু অহংকাৰত ওফন্দি ক'লে, ‘তই এইখন মুখেৰেই মোক খালিহেঁতেন।

মইনাহঁতলৈ মজা মজা সাধু কথা |১৯