পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

(মিজো পাহাৰৰ সাধু)

ছোৱাংছিলি আৰু এটা সাপ

 

 ছোৱাংছিলি নামৰ ছোৱালীজনীক মাক-দেউতাকে খুব মৰম কৰিছিল। দেউতাক খেতিয়ক মানুহ। ল’ৰা-ছোৱালীক ঘৰতে আবদ্ধ কৰি ৰাখিলে পেটৰ ভাতমুঠি ক'ৰপৰা জোৰা মাৰিব? গতিকে জুম খেতি ৰখিবৰ বাবে ছোৱাংছিলি আৰু তাইৰ ভনীয়েকক পুৱাতে পঠিয়াই দিয়ে। লগত ভাত-পানীৰ টোপোলা দি পঠায়। অকণিহঁতে জুম খেতি কি জানানে বাৰু? পৰ্বত-পাহাৰৰ এঢলীয়া ঠাইত হাবি-বন চিকুণাই খাপ খাপ কৰি তাত ধান, গোম ধান, মাকৈ আদিৰ খেতি কৰা হয়। এই পদ্ধতিৰ খেতিকে জুম খেতি বোলে। জুম খেতিৰ ওচৰতে এজোপা ডাঙৰ গছ আছিল। গছজোপাৰ ধোন্দত এডাল প্ৰকাণ্ড সাপে বাস কৰিছিল। সাপডালৰ লগত ছোৱাংছিলিৰ সম্পৰ্ক এটা স্থাপন হ’ল। প্ৰতিদিনে সাপটোক মাতিবলৈ ছোৱাংছিলিয়ে ভনীয়েকক পঠিয়াই দিয়ে। ভনীয়েকে ভয়ে ভয়ে সাপটোক মাতি থৈ আহেগৈ। সাপটো আহে আৰু ছোৱাংছিলিৰ কোলাত সোমাই আশ্ৰয় লয়। তাই মৰম কৰে। এনেকৈ কিছুদিন পাৰ হৈ গ'ল; কিন্তু ফল ওলোটা হ’ল। এই যে ভনীয়েকজনীৰ মনত ভয় ভয় ভাব এটা সোমাই গ'ল—( ভয় লাগিবও পাই, সাপ হেন বস্তু আৰু! ), তাই দিনে দিনে খীণাই খেৰ শুকোৱা দিলে। মাক-দেউতাকৰ চিন্তা হৈ গ'ল। সৰু ছোৱালীজনীক পেঘেনিয়াই পেঘেনিয়াই তেওঁলোকে সুধিবলৈ ধৰিলে। প্ৰথমে তাই নকয়। শেষত যেনিবা উৰহী গছৰ ওৰটো ওলাল। কেনেকৈ তাই সাপটো মাতি আনেগৈ, কেনেকৈ সি জীয়েকৰ কোলাত জিৰণি লয়, কেনেকৈ তাইৰ সাপৰ ভয়ত পেটলৈ ভাত নাযায়—এই গোটেইবোৰ কথা ভনীয়েকজনীয়ে মাক-

মইনাহঁতলৈ মজা মজা সাধু কথা |২৯