পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বান্দৰে তাক ক'লে—“এইটো ভালুক মোমাইৰ পুখুৰী। সাহস আছে যদি খোৱা বাঘ ককাইদেউ, মোৰ ক’বলৈ একো নাই। মই ৰখীয়া মাত্ৰ, ক’বলগীয়াখিনি কৈছোঁ আৰু। পিছত মোক নুদুষিবা কিন্তু!”

 বাঘে বান্দৰৰ কথাত চুলিডালমানো কেৰেপ নকৰিলে। সি উৰাই-ঘূৰাই পানী খাবলৈ ধৰিলে। তাকে দেখি বান্দৰে টেটু ফলা চিঞৰ সোধালে—“ভালুক মোমাইদেউ, ভালুক মোমাইদেউ, ক'ৰবাৰ পৰা বাঘ এটা আহি তোমাৰ পুখুৰীত পাৰেমানে পানী খাইছে। আহা, আহা, বেগেতে আহা। পানী খাই শেষেই কৰিব এতিয়া— —ছেঃ। ইস্‌ -ইস্‌ -ইস্‌ -ইস্।”

 কথা শুনি ভালুকে খঙত টিঙিৰি তুলা হৈ চোঁচা মাৰি আহিল আৰু জাঁপ মাৰি বাঘৰ পিঠিত বহি লৈ ঢকিয়াবলৈ ধৰিলে। বাঘো এৰি দিয়া বিধৰ ভকত নহয়। লাগিল দবৰা-দবৰি, ভুকুৱা-ভুকুৱি, গতিয়া-গতি, ঠেলা-ঠেলি, চুলিয়া-চুলি ...। যুঁজি যুঁজি দুয়োটা গৈ অজানিতে পাহাৰ শিখৰ

৩৮। মইনাহঁতলৈ মজা মজা সাধু কথা