পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিগনি আৰু মেকুৰী

 

 এখন অৰণ্যত এজোপা প্ৰকাণ্ড গছ আছিল। গছজোপাৰ গুৰিৰ খোৰোং এটাত নিগনি এটাই বাস কৰিছিল। নিগনিও বুলি বৰ বুধিয়ক নিগনি। গছজোপাত কিছুমান চৰাইয়ে দিন-ৰাতি একাকাৰ কৰি থাকে। তাৰে দুই-এটা থপিয়াই খোৱাৰ আশাত ক'ৰবাৰপৰা মেকুৰী এজনীও আহি তাতে থাকিবলৈ ল'লে। পয়মালটো ঘটিল সেইখিনিতে। মেকুৰীজনীৰ ভয়ত নিগনিটোৱে কেনিও কেঁত-কুত কৰিব নোৱৰা হ’ল। দেখিলেই একে জাঁপে ধৰিব। ইয়াৰ মাজতে নাটকীয় ঘটনা এটা ঘটিল। গছৰ গুটিবোৰ তলত পৰি থাকে, খাবলৈ অন্য কিছুমান চৰাই আহে। ব্যাধো কম নহয়। চৰাইৰ মঙহৰ আশাত গছৰ তলত জাল পাতি থয়। মেকুৰীজনীৰো কি যে জুইলগা কপাল! পৰিল নহয় এদিন জালত। ওলাব পৰা নাই বেচেৰী। তাকে দেখি নিগনিৰ কি স্ফূৰ্তি। জালত মঙহ এডোখৰ লাগি আছিল। মেকুৰীজনীকে দেখুৱাই সি ধুমধাম তপালি পাৰি খাবলৈ ধৰিলে। ইফালে, মেকুৰী বাইটিৰ ক'লৈ যাওঁ গোপাল, ক'লৈ যাওঁ কৃপাল লাগিছে। ব্যাধে আহি পালে একে মাৰে থ'ব। কলখোৱা ধাতু বাজ কৰিব। এইবাৰ নিগনিক পায় কোনে। ভাবিলে—সুবিধাটো লোৱাহে কথা। সুবিধা সদায় নাহে। মেকুৰীজনীক ক’লে—‘মাহী, তোমাৰ বিপদ দেখি মোৰ দুখ লাগিছে। শুনা, তোমাক মই বচাম—কিন্তু এটা চৰ্তত। মুক্ত হৈ তুমি মোক খাব নোৱাৰিবা আৰু ফেঁচা, চিলনী, শেন আদি মোৰ শত্ৰুবোৰৰপৰা মোক সদায় ৰক্ষা কৰিব লাগিব। মেকুৰীয়ে বোলে হেৰ’ মোক যেতিয়া মাহী বুলিছ, তই মোৰ ভাগিন। ভাগিনলৈ মাহীৰ কিমান মৰম জগতে জানে। তইনো আৰু নতুনকৈ ক’ব

মইনাহঁতলৈ মজা মজা সাধু কথা | ২১